--°C
Loading...
Listen to Article
2 min read
80%

তুৰস্কঃ তুৰ্কীয়ে ইৰাণ-তুৰস্ক সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। ড্ৰোন আৰু হেলিকপ্টাৰৰ সৈতে তীক্ষ্ণ নজৰ ৰাখিছে সামৰিক বাহিনীয়ে। শেহতীয়াকৈ দুয়োখন দেশত এটা ৰহস্যজনক দাবানল সংঘটিত হোৱাৰ পাছত অবৈধ শৰণাৰ্থীৰ প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল। পৰ্যৱেক্ষণ টাৱাৰৰ সৈতে প্ৰথম ৫ কিঃমিঃ সীমান্ত অঞ্চলত দেৱালখন নিৰ্মাণ কৰা হৈছে। সীমান্ত অঞ্চলত শৰণাৰ্থীৰ অবৈধ প্ৰৱেশ আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ চলাচল বন্ধ কৰিবলৈ দুয়োখন দেশে কঠোৰ সতৰ্কতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দেৱাল নিৰ্মাণৰ বাবে সীমান্ত অঞ্চলৰ পৰা ভূমি খনি আঁতৰোৱা হৈছে। সীমান্ত অঞ্চলত দেৱালখনৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।


জানিবলৈ পোৱা মতে,সীমান্তৰ দেৱালখন ৩ মিটাৰ ওখ আৰু ১ইঞ্চি ডাঠ। ৭ টন ওজনৰ কংক্ৰিটৰ শ্লেবৰ সৈতে নিৰ্মাণ কৰা হৈছে দেৱালখন। অবৈধ অনুপ্ৰৱেশকাৰীক ভেটা দিবলৈ ইৰাণ-তুৰস্ক সীমান্তত ১১০ কিঃমিঃ এলেকা আৱৰি ৪ মিটাৰ ওখ দেৱালখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে। উল্লেখ্য যে, সীমান্ত ৰক্ষীৰ ৯টা তুৰ্কী বেটেলিয়ন সীমান্তৰ ৪৪ টা স্থানত মোতায়েন কৰা হৈছে। তত্বাৱধায়ক বাহিনী আৰু ৭৫০ খন সশস্ত্ৰ আৰক্ষীৰ বাহনে নিয়মীয়াকৈ সীমান্তত টহল দি আছে। তুৰ্কীয়ে ড্ৰোন আৰু হেলিকপ্টাৰৰ সহায়ত সীমান্ত নিৰীক্ষণ কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ