--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : ক্ৰমাৎ অধিক অৱনতি ঘটিছে আফগানিস্তানৰ পৰিস্থিতিৰ। তালিবান সন্ত্ৰাসবাদীয়ে আগ্ৰাসন অধিক বৃদ্ধি কৰিছে দেশখনত। দেশখনৰ এক তৃতীয়াংশ দখল কৰিছে তালিবানে। কান্দাহাৰকে ধৰি বহু গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ পাছত এইবাৰ দেশখনৰ ৰাজধানী মহানগৰ কাবুলৰ কাষ চাপিছে তালিবান বাহিনী। তালিবানৰ এই প্ৰায় অপ্ৰতিৰোধ্য আগ্ৰাসনৰ সন্মুখত থৰকাছুটি হেৰুওৱা আফগান বাহিনীয়ে ক্ৰমাৎ পশ্চাদগমন কৰিবলৈ বাধ্য হৈ পৰিছে।

আফগানিস্তানৰ পৰা নিজ দেশৰ নাগৰিক তথা বিষয়া-কৰ্মচাৰীক আঁতৰাই নিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিভিন্ন দেশ। মাৰ্কিন মেৰাইন সৈন্যই মাৰ্কিন নাগৰিকসকলক নিজ দেশলৈ ঘূৰাই লৈ যোৱাৰ প্ৰক্ৰিয়াৰ তত্তাৱধান কৰিবলৈ আফগানিস্তানত উপস্থিত হৈছে। আফগান বাহিনীৰ দুৰ্বল প্ৰতিৰোধ আঁতৰাই কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ আঁতৰত অৱস্থান কৰিছে তালিবান সন্ত্ৰাসবাদী। দেশখনৰ দ্বিতীয় আৰু তৃতীয় সৰ্ববৃহৎ মহানগৰ দুখন তালিবানৰ দখললৈ যোৱাৰ পাছত কাবুল ৰক্ষা কৰাটোও আফগান বাহিনীৰ বাবে হৈ পৰিছে প্ৰৱল প্ৰত্যাহ্বান।

বিভিন্ন দেশে আফগানিস্তানত থকা তেওঁলোকৰ নাগৰিকক এয়াৰ লিফ্ট কৰি আঁতৰাই নিবলৈ আৰম্ভ কৰিছে। ৩০০০ মাৰ্কিন সেনাই বিমানবন্দৰক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্থানান্তৰ প্ৰক্ৰিয়াৰ তদাৰক কৰি আছে। ইফালে, কাবুল থকা মাৰ্কিন বিষয়া তথা কূটনীতিকসকলক স্পৰ্শকাতৰ নথি-পত্ৰ জ্বলাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। বৃটেইন, জাৰ্মানী, ডেনমাৰ্ক আৰু স্পেইন আদি ইউৰোপীয় দেশে তেওঁলোকৰ দূতাবাসৰ পৰা বিষয়াবৰ্গক শুকুৰবাৰে আঁতৰাই নিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ