--°C
Loading...
Listen to Article
2 min read
80%

পাকিস্তানঃ পাক-আফগানিস্তান সীমান্তত আফগান প্ৰতিবাদকাৰীৰ সৈতে পাক সীমান্ত ৰক্ষীৰ সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে।উল্লেখ্য যে, কিছুদিন পূৰ্বে স্পিন-বলদাক সীমান্তৰ নিৰ্দিষ্ট অংশত পাকিস্তানত ৫৬ বছৰীয়া এগৰাকী আফগানৰ মৃত্যু হৈছিল। প্ৰখৰ ৰ'দ আৰু ধূলিৰ বাবে আফগানীজনৰ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি দুয়োটা ফৈদৰ মাজত তীব্ৰ বিক্ষোভৰ সৃষ্টি হৈছে।

ইফালে আফগানিস্তানৰ সৈতে পাকিস্তানৰ ব্যৱসায়িক ক্ষেত্ৰৰ সীমান্ত অতি গুৰুত্বপূৰ্ণ বুলি আল-জাজিৰাই সদৰী কৰিছে।কিন্তু তালিবানে সীমান্তৰ আফগানিস্তান অংশ দখল কৰাৰ পাছত পাকিস্তানে বিগত মাহত সীমান্তৰ দুৱাৰ বন্ধ কৰি দিছিল। ফলস্বৰূপে, পাকিস্তানত শ শ আফগান আৱদ্ধ হৈ পৰিছিল। স্পিন-বলদাক জিলাৰ এই সীমান্ত পাৰ হোৱাটো পাকিস্তানৰ দ্বিতীয় ব্যস্ততম প্ৰৱেশদ্বাৰ।

আফগানিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ কান্দাহাৰৰ সৈতে পাকিস্তানৰ সাগৰবন্দৰৰ সংযোগস্থল স্পিন-বলদাক গুৰুত্বপূৰ্ণ অভিকেন্দ্ৰ। আফগান চৰকাৰী তথ্য অনুসৰি, দিনে ৯০০ ট্ৰাক উক্ত সীমান্তৰ পথেৰে গতি কৰে। জানিবলৈ পোৱা মতে,হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ মৃতদেহ লৈ আফগানসকলে পাকিস্তানৰ স্থানীয় চৰকাৰী কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈছিল। সম্প্ৰতি সীমান্ত মুকলি কৰিবলৈ দাবী আফগান বিক্ষোভকাৰীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ