--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে ৰমজান মাহটো অতি গুৰুত্বপূৰ্ণ? ৰমজান মাহ ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ, যিটো মাহক আটাইতকৈ পৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই মাহত সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰা হয়, সেই বাবে মুছলমানসকলৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ।

অহা কালিৰে পৰা আৰম্ভ হ’ব এই পৱিত্ৰ ৰমজান মাহ। কাঁচিজোন দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি মাহটোৰ দৈৰ্ঘ্য ২৯ৰ পৰা ৩০দিনৰ ৰোজা পালন কৰা হয়। এই পৱিত্ৰ মাহৰ গুৰুত্ব কি আৰু ইয়াত ৰখা ৰোজা বিষয়ে জানো আহক।

ৰমজানৰ গুৰুত্বঃ-ৰমজান মাহটো অতি পৱিত্ৰ বুলি কোৱা হয়, এই মাহটোত আধ্যাত্মিক আৰু আল্লাহৰ লগত নিজকে সংযোগ কৰা হয়। এই মাহত মুছলমান সম্প্ৰদায়ৰ লোকসকলে সূৰ্য্য উদয়ৰ আগতেই গা পাই ধুই নমাজ পঢ়ি চেহৰী খায়। উপবাসে থকাসকলে সূৰ্যাস্তৰ পাছতহে খাদ্য গ্ৰহণ কৰি সন্ধিয়া চেহৰীৰ পাছতহে ৰোজা ভাঙে। এই সময়ছোৱাত সন্ধিয়া পৰত গ্ৰহণ কৰা আহাৰক ইফতাৰ বোলা হয়।

ৰমজানত ৰোজাৰ গুৰুত্বঃ-ৰমজান মাহত মানুহে ৰোজা বা ব্ৰত ৰাখে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আল্লাহৰ প্ৰতি ভক্তি প্ৰকাশ কৰে। ৰমজানত আত্মনিয়ন্ত্ৰণৰ লগতে অতি অনুশাসিত ৰুটিন মানি চলা হয়। ইয়াৰ ফলত আত্মাৰ শুদ্ধ হয় বুলি মুছলমানসকলে বিশ্বাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক