--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে ৰমজান মাহটো অতি গুৰুত্বপূৰ্ণ? ৰমজান মাহ ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ, যিটো মাহক আটাইতকৈ পৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই মাহত সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰা হয়, সেই বাবে মুছলমানসকলৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ।

অহা কালিৰে পৰা আৰম্ভ হ’ব এই পৱিত্ৰ ৰমজান মাহ। কাঁচিজোন দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি মাহটোৰ দৈৰ্ঘ্য ২৯ৰ পৰা ৩০দিনৰ ৰোজা পালন কৰা হয়। এই পৱিত্ৰ মাহৰ গুৰুত্ব কি আৰু ইয়াত ৰখা ৰোজা বিষয়ে জানো আহক।

ৰমজানৰ গুৰুত্বঃ-ৰমজান মাহটো অতি পৱিত্ৰ বুলি কোৱা হয়, এই মাহটোত আধ্যাত্মিক আৰু আল্লাহৰ লগত নিজকে সংযোগ কৰা হয়। এই মাহত মুছলমান সম্প্ৰদায়ৰ লোকসকলে সূৰ্য্য উদয়ৰ আগতেই গা পাই ধুই নমাজ পঢ়ি চেহৰী খায়। উপবাসে থকাসকলে সূৰ্যাস্তৰ পাছতহে খাদ্য গ্ৰহণ কৰি সন্ধিয়া চেহৰীৰ পাছতহে ৰোজা ভাঙে। এই সময়ছোৱাত সন্ধিয়া পৰত গ্ৰহণ কৰা আহাৰক ইফতাৰ বোলা হয়।

ৰমজানত ৰোজাৰ গুৰুত্বঃ-ৰমজান মাহত মানুহে ৰোজা বা ব্ৰত ৰাখে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আল্লাহৰ প্ৰতি ভক্তি প্ৰকাশ কৰে। ৰমজানত আত্মনিয়ন্ত্ৰণৰ লগতে অতি অনুশাসিত ৰুটিন মানি চলা হয়। ইয়াৰ ফলত আত্মাৰ শুদ্ধ হয় বুলি মুছলমানসকলে বিশ্বাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু