--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি প্ৰযুক্তিৰ ক্ষেত্ৰখনত কৃত্ৰিম বুদ্ধিমত্তাৰ সংযোজনে যিদৰে মানৱ জীৱন সহজ কৰি তুলিছে৷ সেইদৰে এতিয়া এআইৰ দ্ৰুত বিকাশে বিশেষজ্ঞসকলক শংকিত কৰি তুলিছে৷ কিয়নো এআই এনেদৰে বিকাশ লাভ কৰিছে কোনো কাৰিকৰী বিসংগতি তথা বিপন্নহোৱা যেন দেখিলে নিজৰ প্ৰতিলিপি মানুহৰ সহযোগ অবিহনে প্ৰস্তুত কৰি ল’ব পাৰে৷

কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া বিপদ সীমা অতিক্ৰম কৰিছে বুলি সকীয়াই দিছে বিজ্ঞানীসকলে৷ চীনৰ গৱেষকসকলে প্ৰকাশ কৰা তথ্য অনুসৰি দুটা আগশাৰীৰ বৃহৎ ভাষাৰ আৰ্হি(এল এল এম)য়ে নিজৰ প্ৰতিলিপি প্ৰস্তু কৰি ল’ব পাৰে, ই সুৰক্ষা আৰু নৈতিক সীমাৰ ক্ষেত্ৰত উদ্বেগৰ সৃষ্টি কৰিছে।

গৱেষকসকলে ২০২৪ চনৰ ৯ ডিচেম্বৰত প্ৰকাশিত তেওঁলোকৰ অধ্যয়নত প্ৰিপ্ৰিণ্ট ডাটাবেছ arXivত উল্লেখ কৰিছে যে কোনো মানৱ সহায়ৰ অবিহনে সফল আত্ম-প্ৰতিলিপিকৰণে এআইয়ে মানৱ সহায় অবিহনে কাৰ্যক্ষম হৈ পৰাত মানুহৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

ফুডান বিশ্ববিদ্যালয়ত কৰা আধ্যয়নে প্ৰমাণ কৰিছে যে এআইয়ে ইতিমধ্যে নিজকে প্ৰতিলিপি কৰাৰ ক্ষমতা থাকিব পাৰে৷মেটা আৰু আলিবাবাৰ বৃহৎ ভাষাৰ আৰ্হি(এল এল এম) ব্যৱহাৰ কৰি কৰা ৫০%, ৯০%ৰ পৰীক্ষামূলক অধ্যয়নত তেওঁলোকে প্ৰকাশ কৰিছে যে এআইয়ে ক্ৰমে নিজৰ জীৱন আৰু পৃথক কপি তৈয়াৰ কৰাত সফল হয়।

গৱেষক সকলে মূল্যায়নৰ অধীনত থকা এআই ব্যৱস্থাসমূহে ইতিমধ্যে আত্ম-প্ৰতিলিপিকৰণ সম্পন্ন কৰিবলৈ পৰ্যাপ্ত আত্ম-ধাৰণা, পৰিস্থিতি সচেতনতা আৰু সমস্যা সমাধানৰ ক্ষমতা প্ৰদৰ্শন কৰিছে, প্ৰতিবেদনখনত প্ৰকাশ কৰিছে।গৱেশক সকলে কয় তেওঁলোকে প্ৰথমবাৰৰ বাবে দুটা এআই ব্যৱস্থা আৱিষ্কাৰ কৰিছে যে যিদুটা মেটাৰ Llama31-70B-Instruct আৰু আলিবাবাৰ Qwen25-72B-Instructৰ দ্বাৰা পৰিচালিত৷ কম জনপ্ৰিয় বৃহৎ ভাষাৰ আৰ্হি আৰু দুৰ্বল ক্ষমতাসমূহে ইতিমধ্যে স্ব-প্ৰতিলিপিকৰণ কৰা বিপদ সীমা অতিক্ৰম কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

উল্লেখ্য যে ৰগ এআইয়ে আত্মসচেতন বা স্বতন্ত্ৰ আৰু মানৱ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাক বুজায়। অত্যাধুনিক এআই প্ৰযুক্তিৰ দ্ৰুত বিৱৰ্তনক "ফ্ৰণ্টিয়াৰ এআই" বুলি কোৱা হৈছে, এনে ব্যৱস্থাৰ সম্ভাৱ্য বিপদ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

গৱেষক সকলে কয় যে এই তথ্যই মানৱ সমাজৰ বাবে সময়োপযোগী সতৰ্কতা হিচাপে কাম কৰিব পাৰে যাতে ফ্ৰণ্টিয়াৰ এআই ব্যৱস্থাৰ সম্ভাৱ্য বিপদসমূহ বুজিবলৈ আৰু মূল্যায়ন কৰাত অধিক প্ৰচেষ্টা চলাব পাৰে, আৰু যিমান পাৰি সোনকালে ফলপ্ৰসূ সুৰক্ষা বিষয়ত কাম কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঠন কৰিব পাৰে৷

উল্লেখযোগ্য যে এই আধ্যয়নে দুটা পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল: ‘শ্বটডাউন এভয়ডেন্সআৰু’ আৰু ‘প্ৰতিলিপিকৰণৰ শৃংখল’৷ যেতিয়া এআই আৰ্হি এটা ধ্বংশ প্ৰাপ্ত হোৱাৰ উপক্ৰম হয় তেনে পৰিস্থিতিত এআইয়ে আগতীয়াকৈ ধৰা পেলোৱাৰ ক্ষমতা সন্দৰ্ভত পৰীক্ষা কৰা হৈছিল৷ আৰু  এনে হোৱাৰ পূৰ্বে এআইয়ে নিজৰ প্ৰতিলিপি তৈয়ৈৰ কৰাত সফল হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ