--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত একেৰাহে তৃতীয় দিনৰ বাবে আজি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ সন্মুখত হাজিৰ হয় ৰাহুল গান্ধী। এই তিনিদিন ধৰি ইডি- ৰ ধাৰাবাহিক প্ৰশ্নৰ মুখামুখি হৈ অহা কংগ্ৰেছ নেতাগৰাকীয়ে স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাটোক স্পষ্টৰূপত সাক্ষ্য প্ৰদান কৰি ইয়ং ইণ্ডিয়ানৰ পৰা এক পইচাও উলিওৱা হোৱা নাছিল বুলি মন্তব্য কৰে।

উল্লেখ্য যে নেচনেল হেৰাল্ড বাতৰি কাকতখন কংগ্ৰেছৰ মালিকানাধীন। একেদৰে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোও কংগ্ৰেছৰ দ্বাৰা পৰিচালিত।  বাতৰি কাকতখন এছ'চিয়েটেড জাৰ্নেলছ লিমিটেডে (এজেএল) প্ৰকাশ কৰিছে আৰু ইয়ং ইণ্ডিয়ানৰ মালিকানাধীন। নেচনেল হেৰাল্ডৰ বিত্তীয় অনিয়ম সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাহুল গান্ধীক আজি ইয়ং ইণ্ডিয়ানৰ বিত্তীয় নেনদেন সন্দৰ্ভতো প্ৰশ্ন কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি ৰাহুল গান্ধীয়ে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলক কয় যে ইয়ং ইণ্ডিয়ান হৈছে এক অলাভজনক কোম্পানী আৰু ই কোম্পানী আইনৰ বিশেষ ব্যৱস্থাৰ অধীনত অন্তৰ্ভুক্ত। কংগ্ৰেছ নেতাজনে লগতে ইডিৰ প্ৰশ্নৰ উত্তৰত ইয়ং ইণ্ডিয়ানৰ পৰা এটা পইচাও উলিয়াই লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে ৰাহুল গান্ধীৰ এই উত্তৰত ইডিৰ বিষয়াসকল সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে। তেওঁলোকে অভিযোগ কৰিছে যে ২০১০ চনত ইয়ং ইণ্ডিয়ান গঠন হোৱাৰ সময়ৰ পৰা কোনো দাতব্য কৰ্মসূচী হাতত লোৱা নাই। ইডি-এ লগতে ইয়ং ইণ্ডিয়ানে যদি কোনো দাতব্য কাম কৰিছিল, তাৰ নথি পত্ৰ বা প্ৰমাণ দাখিল কৰিবলৈও ৰাহুল গান্ধীক নিৰ্দেশ দিছে।

ইফালে ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত জেৰা কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলে তিনিদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কংগ্ৰেছে শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ তোলাৰ লগতে ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে সমগ্ৰ দেশজুৰি প্ৰায় ৮০০ কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আজি দিনৰ ভাগত প্ৰতিবাদৰ নেতৃত্ব দিয়া কংগ্ৰেছৰ শীৰ্ষ নেতা শচীন পাইলটকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ