--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত একেৰাহে তৃতীয় দিনৰ বাবে আজি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ সন্মুখত হাজিৰ হয় ৰাহুল গান্ধী। এই তিনিদিন ধৰি ইডি- ৰ ধাৰাবাহিক প্ৰশ্নৰ মুখামুখি হৈ অহা কংগ্ৰেছ নেতাগৰাকীয়ে স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাটোক স্পষ্টৰূপত সাক্ষ্য প্ৰদান কৰি ইয়ং ইণ্ডিয়ানৰ পৰা এক পইচাও উলিওৱা হোৱা নাছিল বুলি মন্তব্য কৰে।

উল্লেখ্য যে নেচনেল হেৰাল্ড বাতৰি কাকতখন কংগ্ৰেছৰ মালিকানাধীন। একেদৰে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোও কংগ্ৰেছৰ দ্বাৰা পৰিচালিত।  বাতৰি কাকতখন এছ'চিয়েটেড জাৰ্নেলছ লিমিটেডে (এজেএল) প্ৰকাশ কৰিছে আৰু ইয়ং ইণ্ডিয়ানৰ মালিকানাধীন। নেচনেল হেৰাল্ডৰ বিত্তীয় অনিয়ম সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাহুল গান্ধীক আজি ইয়ং ইণ্ডিয়ানৰ বিত্তীয় নেনদেন সন্দৰ্ভতো প্ৰশ্ন কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি ৰাহুল গান্ধীয়ে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলক কয় যে ইয়ং ইণ্ডিয়ান হৈছে এক অলাভজনক কোম্পানী আৰু ই কোম্পানী আইনৰ বিশেষ ব্যৱস্থাৰ অধীনত অন্তৰ্ভুক্ত। কংগ্ৰেছ নেতাজনে লগতে ইডিৰ প্ৰশ্নৰ উত্তৰত ইয়ং ইণ্ডিয়ানৰ পৰা এটা পইচাও উলিয়াই লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে ৰাহুল গান্ধীৰ এই উত্তৰত ইডিৰ বিষয়াসকল সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে। তেওঁলোকে অভিযোগ কৰিছে যে ২০১০ চনত ইয়ং ইণ্ডিয়ান গঠন হোৱাৰ সময়ৰ পৰা কোনো দাতব্য কৰ্মসূচী হাতত লোৱা নাই। ইডি-এ লগতে ইয়ং ইণ্ডিয়ানে যদি কোনো দাতব্য কাম কৰিছিল, তাৰ নথি পত্ৰ বা প্ৰমাণ দাখিল কৰিবলৈও ৰাহুল গান্ধীক নিৰ্দেশ দিছে।

ইফালে ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত জেৰা কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলে তিনিদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কংগ্ৰেছে শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ তোলাৰ লগতে ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে সমগ্ৰ দেশজুৰি প্ৰায় ৮০০ কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আজি দিনৰ ভাগত প্ৰতিবাদৰ নেতৃত্ব দিয়া কংগ্ৰেছৰ শীৰ্ষ নেতা শচীন পাইলটকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু