--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গুজৰাটৰ ওপজা ঘৰখনত আজিও ৰৈ থাকে নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদী৷ এগৰাকী গৰ্বিত মাতৃ তেওঁ৷ শতায়ুৰ পদূলিত ৰৈ তেওঁ উভতি চাইছে এৰি অহা জীৱন৷ দেশলৈ আগবঢ়াইছে দিছে তেওঁৰ বুকুৰ ধন৷ পুত্ৰ দেশৰ প্ৰধানমন্ত্ৰী৷ প্ৰধানমন্ত্ৰী হ’লেও মাতৃৰ প্ৰতি তেওঁৰো হৃদয় মমতাৰে সিক্ত৷

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে ১৮ জুনত শতায়ু গৰকিব৷ আৰু সেই বিশেষ দিনটোতেই প্ৰধানমন্ত্ৰী পুত্ৰই গান্ধীনগৰ ভ্ৰমণ তেওঁৰ মাতৃক লগ কৰাৰ সম্ভাৱনা আছে।

 

সন্ধিয়া হীৰাবেনৰ পুত্ৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ সহোদৰসকলে মেহছানা জিলাৰ মোদীৰ জন্মস্থান ভাদনগৰত মাতৃৰ ওপজা দিন উদযাপনৰ আয়োজন কৰিছে।

 

হীৰাবেন মোদী তেওঁৰ কনিষ্ঠ পুত্ৰ পংকজৰ সৈতে গান্ধীনগৰ চহৰৰ উপকণ্ঠৰ ৰাইচান গাঁৱত থাকে। প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ আৰু ১৮ জুনত দুদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱাৰ কথা আছে। মাতৃক সাক্ষাৎ কৰাৰ পাছত মোদীয়ে মধ্য গুজৰাটৰ পঞ্চমহল আৰু বদোদৰা জিলাত তিনিটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

 

তেওঁৰ এজন পুত্ৰ প্ৰহ্লাদ মোদীৰ মতে, যিহেতু হীৰাবেন মোদীয়ে শতায়ু গৰকিবলৈ গৈ আছে আছে, সেয়ে তেওঁলোকে ভাদনগৰৰ হাতকেশ্বৰ মন্দিৰত এখনি নৱচান্দি যজ্ঞ আৰু সুন্দৰকান্দ পাঠৰ আয়োজন কৰিছে৷ অনুষ্ঠানটোত মন্দিৰত এক সংগীত সন্ধ্যা (সংগীতৰ সন্ধিয়া)ৰ আয়োজন কৰা হৈছে।

 

প্ৰসিদ্ধ গায়িকা অনুৰাধা পাউদ্বাল আৰু অন্যান্য শিল্পীসকলে অনুষ্ঠানটোত অনুষ্ঠান পৰিৱেশন পৰিৱেশন কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু