--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বৰ ভিতৰত শীর্ষ ১০খন শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত আধিপত্য দেখা গৈছে আমেৰিকা আৰু ব্রিটেইনৰ (ইউকে)।

ডিজিটেল ডেস্ক : বিশ্ববিদ্যালয়সমূহৰ মান, দক্ষতা, গুৰুত্ব, গৱেষণা-উদ্ভাবন, শিক্ষণ আদি বিভিন্ন মূল্যায়নেৰে কৰা শ্ৰেণীকৰণ বা ৰেংকিঙৰ তালিকা 'কিউ এছ ৱ'ৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং ২০২৭' বৃহস্পতিবাৰে প্ৰকাশ পায়। এই তালিকা মতে, একেৰাহে দ্বিতীয় বছৰৰ বাবে আই আই টি, দিল্লীয়ে ভাৰতৰ শিক্ষা প্রতিষ্ঠানসমূহৰ ভিতৰত শীর্ষ স্থান লাভ কৰে। আই আই টি দিল্লীয়ে পাঁচটা স্থান উন্নীত হৈ বিশ্বৰ ভিতৰত ১১৮ সংখ্যক স্থান লাভ কৰে। 


উল্লেখযোগ্য যে ভাৰতৰ শীর্ষ ১০খন শিক্ষা প্রতিষ্ঠানৰ ভিতৰত আই আই টি গুৱাহাটীও আছে। দেশৰ ১০খন শীর্ষ শিক্ষা প্রতিষ্ঠানৰ ভিতৰত আধিপত্য বিস্তাৰ কৰিছে আই আই টিবোৰে। আই আই টি, দিল্লীৰ পাছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে আই আই টি, বোম্বে (বিশ্বজুৰি স্থান ১৩৪) আৰু আই আই টি, মাদ্রাজ (বিশ্বজুৰি স্থান ১৭০)। উল্লেখযোগ্য যে বিশ্বৰ শীৰ্ষ ২০০খন শিক্ষা প্রতিষ্ঠানৰ মাজত ভাৰতৰ উক্ত তিনিখন প্রতিষ্ঠানহে আছে। দেশৰ শীৰ্ষ ১০ত থকা আন শিক্ষা প্রতিষ্ঠানসমূহ হৈছে আই আই টি, খড়গপুৰ (২০৫), আই আই টি, কানপুৰ (২২১), ইণ্ডিয়া ইনষ্টিটিউট অব্‌ ছায়েন্স, বাংগালোৰ (২২১), দিল্লী বিশ্ববিদ্যালয় (৩২২), আই আই টি, ৰুৰকী (৩৩৫) আৰু আই আই টি, গুৱাহাটী (৩৪৯)। ইফালে, পঞ্চদশ বছৰৰ বাবে বিশ্বৰ ভিতৰত শীর্ষ স্থান লাভ কৰিছে আমেৰিকাৰ মাছাচুছেছ ইন্‌ষ্টিটিউট অব্‌ টেকনল'জি (এম আই টি)-এ। 


উল্লেখযোগ্য যে বিশ্বৰ ভিতৰত শীর্ষ ১০খন শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত আধিপত্য দেখা গৈছে আমেৰিকা আৰু ব্রিটেইনৰ (ইউকে)। দ্বিতীয় স্থানত আছে ব্রিটেইনৰ ইম্পেৰিয়েল কলেজ লণ্ডন আৰু আমেৰিকাৰ ষ্টেন্‌ফ'ৰ্ড বিশ্ববিদ্যালয়। চতুর্থ স্থানত আছে ব্রিটেইনৰ অক্সফ'র্ড বিশ্ববিদ্যালয়, পঞ্চম স্থানত আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয় আৰু সপ্তম স্থানত আমেৰিকাৰ কেলিফর্নিয়া ইষ্টিটিউট অব টেকনলজি (কেকে)। অষ্টম স্থানত আছে দুখন বিশ্ববিদ্যালয়-ছুইজাৰলেণ্ডৰ ই টি এইচ জুৰিখ আৰু ব্রিটেইনৰ ইউনিভাৰ্ছিটি কলেজ লণ্ডন (ইউ চি এল)। দশম স্থানত আছে নেশ্যনেল ইউনিভাৰ্ছিটি অব্ ছিংগাপুৰ (এন ইউ এছ)।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক