অসমৰ লখিমপুৰ জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলাই বগীনাদী পিজিআৰ অঞ্চলত বসতি স্থাপন কৰা কেইবাখনো ঘৰ আৰু এটা মছজিদ ভাঙি পেলায়। ইয়াৰ ফলত বাংলাভাষী মুছলমান পৰিয়ালসমূহ পুনৰবাৰ উচ্ছেদৰ সন্মুখীন হ'ল। উল্লেখ্য যে এই পৰিয়ালসমূহক অসম আন্দোলনৰ সময়ৰ ১৯৮৩ চনৰ হিংসাত্মক ঘটনাৰ পিছত চৰকাৰে নিজেই এই স্থানত সংস্থাপন কৰিছিল। ফলত চাৰি দশকৰো অধিক সময়ৰ মূৰত তেওঁলোকে পুনৰ থিতাপি ল'ব পৰা ঠাইৰ পৰা নিচিন্ন হ'বলগীয়া হ'ল।
জানিব পৰা মতে, শুক্ৰবাৰে পুৱা বগীনাদী পিজিআৰৰ মুছলমান কেম্প অঞ্চলত এই উচ্ছেদ অভিযান আৰম্ভ হয়। বগীনাদী সাপ্তাহিক হাট আৰু বগীনাদী আৰক্ষী থানৰ কাষতে অৱস্থিত এই অঞ্চলত ৰাজহ বিভাগৰ বিষয়াৰ এটা দলে বৃহৎ সংখ্যক সুৰক্ষা কৰ্মীৰ উপস্থিতিত এই অভিযান চলায়। প্ৰশাসনীয় এই পদক্ষেপৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে প্ৰকাশ কৰা মতে, তেওঁলোকে বিগত চাৰি দশকৰো অধিক কাল ধৰি এই ভূমিত বসবাস কৰি আহিছিল। ১৯৮৩ চনত ভিমপোৰা-বোধক অঞ্চলত হোৱা হিংসাৰ বাবে স্থানচ্যুত হোৱাৰ পিছত জিলা প্ৰশাসনেই তেওঁলোকক এই স্থানলৈ আনি সংস্থাপিত কৰিছিল বুলি তেওঁলোকে উল্লেখ কৰে।