--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুচকা, পানী পুৰী... যি নামেৰেই জনা নাযাওঁক কিয় খাদ্য বিধৰ আছে এক সুকীয়া আকৰ্ষণ। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশত ফুচকা বহুতৰে বাবে প্ৰিয় খাদ্য।সাধাৰণতে ভাৰত, শ্ৰীলংকা, বাংলাদেশ, নেপালত ফুচকা  এক অতি জনপ্ৰিয় খাদ্য।  বিশেষকৈ ছোৱালীৰ মাজত এই খাদ্যবিধ বেছি জনপ্ৰিয় যেন ধাৰণা হয়। তেতেলীৰ পানী, অলপ আলু পিতিকা মিলাই পৰিবেশন কৰা খাদ্যবিধৰ পুষ্টিগুণো নথকা নহয়। তথাপি এই খাদ্য বিধ এতিয়া নিষিদ্ধ হৈ পৰিছে নেপালৰ ৰাজধানী কাঠমাণ্ডুত।

নেপালৰ চৰকাৰে দেশ খনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত ফুচকাৰ বিক্ৰী  কঠোৰভাৱে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। কিন্তু কিয় গ্ৰহণ কৰা হৈছে এনে কঠোৰ পদক্ষপ। দৰাচলতে ভাৰতৰ চুবুৰীয়া দেশ নেপালত শেহতীয়াকৈ  কলেৰাৰ প্ৰকোপ  বৃদ্ধি পাইছে।  কাঠমাণ্ডুত ফুচকা খায়েই বহু লোক কলেৰাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে জনপ্ৰিয় খাদ্য বিধ সেই খন চহৰত  নিষিদ্ধ কৰা হৈছে। 

নেপালৰ এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে ফুচকাত ব্যৱহাৰ কৰা পানীত কলেৰাৰ বেক্টেৰিয়া পোৱা গৈছে। তেতিয়াৰে পৰা প্ৰশাসনে সতৰ্ক হৈ পৰিছে।কাঠমাণ্ডুত কমেও ১২ জন লোক ইতিমধ্যে কলেৰাত আক্ৰান্ত হৈছে।

এনে পৰিস্থিতিত ললিতপুৰ মেট্ৰ'পলিটান প্ৰশাসনে জনাইছে যে ফুচকাত ব্যৱহৃত পানীত কলেৰা বেক্টেৰিয়া আৱিষ্কাৰ হোৱাৰ পিছত ফুচকা  নিষিদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
লক্ষ্যণীয় কথাটো হ’ল বাৰিষাৰ বতৰত পানীত বিভিন্ন প্ৰকাৰৰ বীজাণুৰ সংক্ৰমণ বৃদ্ধি পায়। 

তাৰে ভিতৰত কলেৰা আৰু ডায়েৰিয়াৰ দৰে ৰোগৰ বীজাণুও আছে। এই পৰিস্থিতিত কাঠমাণ্ডুৰ প্ৰশাসনে  ধাৰণা কৰিছে যে যদি ফুচকাৰ বিক্ৰী সোনকালে বন্ধ কৰা নহয় তেন্তে সংক্ৰমণআৰু  অধিক দ্ৰুততাৰে বিয়পিব পাৰে। আৰম্ভনিতে সংক্ৰমণ ৰোধ কৰাৰ বাবেই ফুচকাৰ বিক্ৰীত বাধা আৰোপৰ সিদ্ধান্ত লোৱা হৈছে। 

চহৰ খনত যাতে নিষেধাজ্ঞা উলংঘা কৰি কোনেও  ফুচকা বিক্ৰী কৰিব নোৱাৰে সেয়া নিৰীক্ষণ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নেপাল চৰকাৰৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিছে।
নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ মহামাৰী বিজ্ঞান আৰু ৰোগ নিয়ন্ত্ৰণ বিভাগৰ মুৰব্বী চমনলাল দাসে সংবাদ মাধ্যমক জনায় যে কাঠমাণ্ডুত নতুনকৈ পুনৰ  পাঁচজন লোক কলেৰাত আক্ৰান্ত  হোৱা বুলি নিশ্চিত কৰা হৈছে।

 ইয়াৰ উপৰি চন্দ্ৰগিৰি পৌৰসভা আৰু ভাবনিকান্ত পৌৰসভাতো সংক্ৰমণ ধৰা পৰিছে। যদি কাৰোবাৰ শৰীৰত কলেৰা ধৰা পৰে, তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কলেৰাত আক্ৰান্ত কেইবাজনো ৰোগী সুখৰাজ ক্ৰান্তীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।  

উল্লেখ্য কলেৰাৰ বাবেই এটা সময়ত বিশ্বৰ বহু সভ্যতালৈ ভাবুকি আহি পৰিছিল। মৃত্যু ঘটিছিল লাখ লাখ লোকৰ। এতিয়া তেনে পৰিস্থিতি নাই যদিও নেপালৰ চৰকাৰে সতৰ্কতা অৱলম্বন কৰাত বিলম্ব কৰা নাই ।  নেপালৰ চৰকাৰে  সকলোকে কলেৰা, ডায়েৰিয়া আৰু অন্যান্য পানী-বাহিত ৰোগৰ প্ৰতি সাৱধান হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ