--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুচকা, পানী পুৰী... যি নামেৰেই জনা নাযাওঁক কিয় খাদ্য বিধৰ আছে এক সুকীয়া আকৰ্ষণ। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশত ফুচকা বহুতৰে বাবে প্ৰিয় খাদ্য।সাধাৰণতে ভাৰত, শ্ৰীলংকা, বাংলাদেশ, নেপালত ফুচকা  এক অতি জনপ্ৰিয় খাদ্য।  বিশেষকৈ ছোৱালীৰ মাজত এই খাদ্যবিধ বেছি জনপ্ৰিয় যেন ধাৰণা হয়। তেতেলীৰ পানী, অলপ আলু পিতিকা মিলাই পৰিবেশন কৰা খাদ্যবিধৰ পুষ্টিগুণো নথকা নহয়। তথাপি এই খাদ্য বিধ এতিয়া নিষিদ্ধ হৈ পৰিছে নেপালৰ ৰাজধানী কাঠমাণ্ডুত।

নেপালৰ চৰকাৰে দেশ খনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত ফুচকাৰ বিক্ৰী  কঠোৰভাৱে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। কিন্তু কিয় গ্ৰহণ কৰা হৈছে এনে কঠোৰ পদক্ষপ। দৰাচলতে ভাৰতৰ চুবুৰীয়া দেশ নেপালত শেহতীয়াকৈ  কলেৰাৰ প্ৰকোপ  বৃদ্ধি পাইছে।  কাঠমাণ্ডুত ফুচকা খায়েই বহু লোক কলেৰাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে জনপ্ৰিয় খাদ্য বিধ সেই খন চহৰত  নিষিদ্ধ কৰা হৈছে। 

নেপালৰ এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে ফুচকাত ব্যৱহাৰ কৰা পানীত কলেৰাৰ বেক্টেৰিয়া পোৱা গৈছে। তেতিয়াৰে পৰা প্ৰশাসনে সতৰ্ক হৈ পৰিছে।কাঠমাণ্ডুত কমেও ১২ জন লোক ইতিমধ্যে কলেৰাত আক্ৰান্ত হৈছে।

এনে পৰিস্থিতিত ললিতপুৰ মেট্ৰ'পলিটান প্ৰশাসনে জনাইছে যে ফুচকাত ব্যৱহৃত পানীত কলেৰা বেক্টেৰিয়া আৱিষ্কাৰ হোৱাৰ পিছত ফুচকা  নিষিদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
লক্ষ্যণীয় কথাটো হ’ল বাৰিষাৰ বতৰত পানীত বিভিন্ন প্ৰকাৰৰ বীজাণুৰ সংক্ৰমণ বৃদ্ধি পায়। 

তাৰে ভিতৰত কলেৰা আৰু ডায়েৰিয়াৰ দৰে ৰোগৰ বীজাণুও আছে। এই পৰিস্থিতিত কাঠমাণ্ডুৰ প্ৰশাসনে  ধাৰণা কৰিছে যে যদি ফুচকাৰ বিক্ৰী সোনকালে বন্ধ কৰা নহয় তেন্তে সংক্ৰমণআৰু  অধিক দ্ৰুততাৰে বিয়পিব পাৰে। আৰম্ভনিতে সংক্ৰমণ ৰোধ কৰাৰ বাবেই ফুচকাৰ বিক্ৰীত বাধা আৰোপৰ সিদ্ধান্ত লোৱা হৈছে। 

চহৰ খনত যাতে নিষেধাজ্ঞা উলংঘা কৰি কোনেও  ফুচকা বিক্ৰী কৰিব নোৱাৰে সেয়া নিৰীক্ষণ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নেপাল চৰকাৰৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিছে।
নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ মহামাৰী বিজ্ঞান আৰু ৰোগ নিয়ন্ত্ৰণ বিভাগৰ মুৰব্বী চমনলাল দাসে সংবাদ মাধ্যমক জনায় যে কাঠমাণ্ডুত নতুনকৈ পুনৰ  পাঁচজন লোক কলেৰাত আক্ৰান্ত  হোৱা বুলি নিশ্চিত কৰা হৈছে।

 ইয়াৰ উপৰি চন্দ্ৰগিৰি পৌৰসভা আৰু ভাবনিকান্ত পৌৰসভাতো সংক্ৰমণ ধৰা পৰিছে। যদি কাৰোবাৰ শৰীৰত কলেৰা ধৰা পৰে, তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কলেৰাত আক্ৰান্ত কেইবাজনো ৰোগী সুখৰাজ ক্ৰান্তীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।  

উল্লেখ্য কলেৰাৰ বাবেই এটা সময়ত বিশ্বৰ বহু সভ্যতালৈ ভাবুকি আহি পৰিছিল। মৃত্যু ঘটিছিল লাখ লাখ লোকৰ। এতিয়া তেনে পৰিস্থিতি নাই যদিও নেপালৰ চৰকাৰে সতৰ্কতা অৱলম্বন কৰাত বিলম্ব কৰা নাই ।  নেপালৰ চৰকাৰে  সকলোকে কলেৰা, ডায়েৰিয়া আৰু অন্যান্য পানী-বাহিত ৰোগৰ প্ৰতি সাৱধান হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি