--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীঘ্ৰেই খোল খাব ইলেক্ট’ৰেল বণ্ডৰ বন্ধ চন্দুক৷ ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কাৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকাৰ চান্দা? আজি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ভাৰতৰ নিৰ্বাচন আয়োগক ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য জমা দিলে ভাৰতীয় ষ্টেট বেংকে।

ভাৰতৰ নিৰ্বাচন আয়োগক জমা দিয়া দুটা লেফাফাৰ ভিতৰত আছে ইলেক্ট’ৰেল বণ্ডৰ ক্ৰমিক নম্বৰ, আলফা নিউমেৰিক নম্বৰ, বণ্ড ক্ৰয় কৰাৰ তাৰিখ তথা বণ্ডৰ ৰাশিৰ সমূদায় তথ্য। ইয়াৰ লগতে আজি বিয়লি ৩.৩০ বজাত সকলো তথ্য দাখিলৰ কথা উল্লেখ কৰি আদালতত এক শপতনামাও দাখিল কৰে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ কুমাৰ খাড়াই। 

শপতনামাত উল্লেখ কৰা মতে ৰাজনৈতিক দলৰ বেংক একাউণ্ট নম্বৰ আৰু KYCৰ বাদে ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য জমা দিয়া হৈছে ভাৰতৰ নিৰ্বাচন আয়োগক। ১৮ মাৰ্চত ইলেক্ট’ৰেল বণ্ডৰ তথ্য সদৰী সন্দৰ্ভত ভেদ ভাৱৰ নীতি অৱলম্বন কৰাৰ বাবে SBIক তীব্ৰ ভৰ্ৎসনা কৰিছিল উচ্চতম ন্যায়ালয়ে। 

আনহাতে, ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য ২১ মাৰ্চৰ বিয়লি ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। যাৰ ভিত্তিত আজি এনেদৰে সমুদায় তথ্য দিবলৈ বাধ্য হৈ পৰিলে ভাৰতীয় ষ্টেট বেংকৰ কৰ্তৃপক্ষ। এতিয়া এই তথ্যৰ জৰিয়তে জানিব পৰা যাব ২০১৮ৰ পৰা এতিয়ালৈ ইলেক্ট’লেৰ বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কোন কৰ্প’ৰেট গোষ্ঠীৰ পৰা গ্ৰহণ কৰিছিল চান্দা। 

গুচৰীয়া পক্ষৰ হৈ উচ্চতম ন্যায়ালয়ত আজি যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰীয়াই। ইতিমধ্যে এছবিআইৰ তথ্যৰ আধাৰত ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছিল ইলেক্ট’ৰেল বণ্ডৰ তথ্য। বিগত সময়ছোৱাত  ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে প্ৰায় ৭ হাজাৰ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছিল বিজেপিয়ে। 

আনহাতে, এই সময়ছোৱাত তৃণমূল কংগ্ৰেছে ১,৬০৯ কোটি, কংগ্ৰেছে ১,৪২১ কোটি টকাৰ চান্দা। কিন্তু চান্দা গ্ৰহণকাৰী আৰু ডাটাৰ তথ্য এই ক্ষেত্ৰত ৰখা হৈছিল গোপনে। যাৰ বাবে বিগত বৰ্ষৰ ২ নৱেম্বৰত ইলেক্ট’ৰেল বণ্ডৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। 

তাৰ লগতে ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য সদৰী কৰাৰ নিৰ্দেশ দিছিল এছবিআইক। ইপিনে নিষেধাজ্ঞা জাৰি কৰিলেও ২০২৪ বৰ্ষত ইতিমধ্যে ছপা কৰি উলিওৱা হৈছিল ৮,৩৫০ কোটি টকা মূল্যৰ ইলেক্ট’ৰেল বণ্ড। শেহতীয়াকৈ এক আৰটিআই তথ্যত এই কথা সদৰী কৰিছে ভাৰতীয় ষ্টেট বেংকে। 

আনহাতে ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত আটাইতকৈ বিস্ফোৰক আন এক সত্য পোহৰলৈ আহিছে আৰটিআই তথ্যত। ৰাজনৈতিক দলৰ চান্দা সংগ্ৰহৰ অন্যতম আহিলা ইলেক্ট’ৰেল বণ্ড ছপা কৰাৰ বাবে ব্যয় কৰা হৈছে দেশৰ সাধাৰণ কৰদাতাৰ ধন। কিয়নো ২০১৮ৰ পৰা ২০২৩ বৰ্ষলৈ ইলেক্ট’ৰেল বণ্ড ছপা আৰু ব্যৱস্থাপনাৰ বাবে মোদী চৰকাৰে এছবিআইক প্ৰদান কৰিছিল ১৩.৫ কোটি টকা। এতিয়া এছবিআয়ে সমুদায় তথ্য নিৰ্বাচন আয়োগক জমা দিয়াৰ পাছতে শীঘ্ৰেই পোহৰলৈ আহিব শ শ কোটি টকাৰ চান্দা সংগ্ৰহ কৰা দেশৰ ৰাজনৈতিক দলসমূহৰ প্ৰকৃত স্বৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু