--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীঘ্ৰেই খোল খাব ইলেক্ট’ৰেল বণ্ডৰ বন্ধ চন্দুক৷ ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কাৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকাৰ চান্দা? আজি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ভাৰতৰ নিৰ্বাচন আয়োগক ইলেক্ট’ৰেল বণ্ডৰ সকলো তথ্য জমা দিলে ভাৰতীয় ষ্টেট বেংকে।

ভাৰতৰ নিৰ্বাচন আয়োগক জমা দিয়া দুটা লেফাফাৰ ভিতৰত আছে ইলেক্ট’ৰেল বণ্ডৰ ক্ৰমিক নম্বৰ, আলফা নিউমেৰিক নম্বৰ, বণ্ড ক্ৰয় কৰাৰ তাৰিখ তথা বণ্ডৰ ৰাশিৰ সমূদায় তথ্য। ইয়াৰ লগতে আজি বিয়লি ৩.৩০ বজাত সকলো তথ্য দাখিলৰ কথা উল্লেখ কৰি আদালতত এক শপতনামাও দাখিল কৰে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ কুমাৰ খাড়াই। 

শপতনামাত উল্লেখ কৰা মতে ৰাজনৈতিক দলৰ বেংক একাউণ্ট নম্বৰ আৰু KYCৰ বাদে ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য জমা দিয়া হৈছে ভাৰতৰ নিৰ্বাচন আয়োগক। ১৮ মাৰ্চত ইলেক্ট’ৰেল বণ্ডৰ তথ্য সদৰী সন্দৰ্ভত ভেদ ভাৱৰ নীতি অৱলম্বন কৰাৰ বাবে SBIক তীব্ৰ ভৰ্ৎসনা কৰিছিল উচ্চতম ন্যায়ালয়ে। 

আনহাতে, ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য ২১ মাৰ্চৰ বিয়লি ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। যাৰ ভিত্তিত আজি এনেদৰে সমুদায় তথ্য দিবলৈ বাধ্য হৈ পৰিলে ভাৰতীয় ষ্টেট বেংকৰ কৰ্তৃপক্ষ। এতিয়া এই তথ্যৰ জৰিয়তে জানিব পৰা যাব ২০১৮ৰ পৰা এতিয়ালৈ ইলেক্ট’লেৰ বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কোন কৰ্প’ৰেট গোষ্ঠীৰ পৰা গ্ৰহণ কৰিছিল চান্দা। 

গুচৰীয়া পক্ষৰ হৈ উচ্চতম ন্যায়ালয়ত আজি যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰীয়াই। ইতিমধ্যে এছবিআইৰ তথ্যৰ আধাৰত ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছিল ইলেক্ট’ৰেল বণ্ডৰ তথ্য। বিগত সময়ছোৱাত  ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে প্ৰায় ৭ হাজাৰ কোটি টকাৰ চান্দা সংগ্ৰহ কৰিছিল বিজেপিয়ে। 

আনহাতে, এই সময়ছোৱাত তৃণমূল কংগ্ৰেছে ১,৬০৯ কোটি, কংগ্ৰেছে ১,৪২১ কোটি টকাৰ চান্দা। কিন্তু চান্দা গ্ৰহণকাৰী আৰু ডাটাৰ তথ্য এই ক্ষেত্ৰত ৰখা হৈছিল গোপনে। যাৰ বাবে বিগত বৰ্ষৰ ২ নৱেম্বৰত ইলেক্ট’ৰেল বণ্ডৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। 

তাৰ লগতে ইলেক্ট’ৰেল বণ্ডৰ সমুদায় তথ্য সদৰী কৰাৰ নিৰ্দেশ দিছিল এছবিআইক। ইপিনে নিষেধাজ্ঞা জাৰি কৰিলেও ২০২৪ বৰ্ষত ইতিমধ্যে ছপা কৰি উলিওৱা হৈছিল ৮,৩৫০ কোটি টকা মূল্যৰ ইলেক্ট’ৰেল বণ্ড। শেহতীয়াকৈ এক আৰটিআই তথ্যত এই কথা সদৰী কৰিছে ভাৰতীয় ষ্টেট বেংকে। 

আনহাতে ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত আটাইতকৈ বিস্ফোৰক আন এক সত্য পোহৰলৈ আহিছে আৰটিআই তথ্যত। ৰাজনৈতিক দলৰ চান্দা সংগ্ৰহৰ অন্যতম আহিলা ইলেক্ট’ৰেল বণ্ড ছপা কৰাৰ বাবে ব্যয় কৰা হৈছে দেশৰ সাধাৰণ কৰদাতাৰ ধন। কিয়নো ২০১৮ৰ পৰা ২০২৩ বৰ্ষলৈ ইলেক্ট’ৰেল বণ্ড ছপা আৰু ব্যৱস্থাপনাৰ বাবে মোদী চৰকাৰে এছবিআইক প্ৰদান কৰিছিল ১৩.৫ কোটি টকা। এতিয়া এছবিআয়ে সমুদায় তথ্য নিৰ্বাচন আয়োগক জমা দিয়াৰ পাছতে শীঘ্ৰেই পোহৰলৈ আহিব শ শ কোটি টকাৰ চান্দা সংগ্ৰহ কৰা দেশৰ ৰাজনৈতিক দলসমূহৰ প্ৰকৃত স্বৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান