--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই বয়সতো তেওঁ চফল ডেকাৰ দৰেই দুৰন্ত হৈ আছে। অনবৰতে নিৰ্বাচনমুখী মানুহ জনে য’তেই নিৰ্বাচন অনুষ্ঠিত হৈছে তাতেই অক্লান্ত যোদ্ধাৰ দৰে জঁপিয়াই পৰিছে। দিনৰ পিছত দিন ধৰি ৰোড শ্ব’ কৰিছে। ইখনৰ পিছত সিখন জনসভাত ভাষণ দিছে। তেওঁৰ ভাষণৰ জোৰতে বহু ৰাজ্যত বৈ গৈছে মোদী ঢৌ। মোদীৰ বয়. এতিয়া প্ৰায় ৭২ বছৰ। ইমান বেছি বয়সতো ভাগৰ নলগাকৈ তেওঁ ইখনৰ পিছত সিখন ৰাজ্য ঘূৰি ফুৰিছে। কি খায় মোদীয়ে? কিহে তেওঁক ইমান শক্তি দিয়ে? 

যেতিয়া বয়সক মাত্ৰ এটা সংখ্যা বুলি  ধৰা  হয় তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে এক উদাহৰণ হৈ পৰে। মোদীৰ জন্ম হৈছিল ১৭ ছেপ্টেম্বৰত । সেই অনুসৰি তেওঁৰ বয়স এতিয়া প্ৰায় ৭২ বছৰ।  মোদীয়ে ইমান ব্যস্তো   নিজকে সক্ৰিয় আৰু সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছে। 

নিজকে স্বাস্থ্যৱান আৰু উদ্যমী কৰি ৰাখিবলৈ তেওঁ অতি কঠোৰ আহাৰ নীতি  অনুসৰণ কৰে। তেল  আৰু মচলাযুক্ত খাদ্য খোৱাৰ সলনি তেওঁ সাধাৰণ গুজৰাটী খাদ্য খাবলৈ পছন্দ কৰে। আহাৰৰ  ভিতৰত খিচিৰি তেওঁৰ প্ৰিয়। লগতে তেওঁৰ খাদ্য আৰু হজমৰ মাজত  ভাৰসাম্য ৰক্ষা কৰিবলৈ  মোদীয়ে প্ৰতিদিনে একাপকৈ দৈ খায়।

এটা সাক্ষাৎকাৰত মোদীয়ে কৈছিল "মই হিমাচল প্ৰদেশৰ পৰা  অনা কাঠফুলাও খাওঁ। ই বহু গুণেৰে পৰিপূৰ্ণ," ইয়াৰ উপৰি মোডীয়ে উল্লেখ কৰা কাঠফুলাবিধৰ  বৈজ্ঞানিক নাম হৈছে মেক্ৰুলা এক্সুলেণ্টা।  মোদীয়ে লগতে কয় যে পৰঠা তেওঁৰ সাপ্তাহিক আহাৰৰ ভিতৰৰে এবিধ,  কিয়নো ই পুষ্টিকৰ।

মোদীক যোগৰ আটাইতকৈ ডাঙৰ সমৰ্থক আৰু প্ৰবক্তা হিচাপে গণ্য কৰা হয়। তেওঁ যোগৰ এগৰাকী শক্তিশালী ভক্ত আৰু তেওঁ  বিশ্বাস কৰে যে ই শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত লাভদায়ক।

তেওঁৰ দৈনন্দিন ৰুটিন অনুসৰি  মোদীয়ে পুৱা ধ্যান, খোজকঢ়া আৰু যোগৰ সৈতে দিনটো আৰম্ভ কৰে। সৰল ব্যায়ামৰ লগতে তেওঁ  সূৰ্য নমস্কাৰ, যোগাসন আৰু প্ৰাণায়াম অনুশীলন কৰে।

৭০  বছৰৰো অধিক বয়সৰ হোৱা স্বত্বেও মোদীয়ে উপবাসক তেওঁৰ জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। তেওঁ বিশ্বাস কৰে যে উপবাস শৰীৰটো বিশুদ্ধ কৰাৰ বাবে এটা ভাল কৌশল।

সাক্ষাৎকাৰটোত মোডীয়ে প্ৰকাশ কৰিছিল যে তেওঁ ৩৫ বছৰ ধৰি নৱৰাত্ৰিৰ সময়ত  উপবাস কৰি আহিছে। আশ্চৰ্যজনকভাৱে, ২০১৪  চনত তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়তো মোদীয়ে তেওঁৰ পৰম্পৰা  ভংগ কৰা নাছিল আৰু সেই সময়ত তেওঁ কেৱল নেমু পানী খাইছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান