--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰায়টোত উচ্চতম ন্যায়ালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত যেতিয়ালৈকে নিযুক্তি সম্পূৰ্ণৰূপে স্পষ্ট আৰু সন্দেহজনক নহয় তেতিয়ালৈকে ন্যায়ালয়ে ইয়াত হস্তক্ষেপ নকৰে।

ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে কালি চৰকাৰী চাকৰি আৰু ভর্তি প্রক্রিয়াক লৈ এক অতি গুৰুত্বপূৰ্ণ তথা সুদূৰপ্ৰসাৰী ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে চৰকাৰী চাকৰিৰ বাবে কেৱল উচ্চ শৈক্ষিক অৰ্হতা থাকিলেই কোনো প্রার্থী সেই পদৰ বাবে যোগ্য নহ'ব, যদিহে পদটোৰ বাবে নিৰ্ধাৰিত অনিবার্য অভিজ্ঞতাৰ চৰ্ত পূৰণ নকৰে। 


ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু ন্যায়াধীশ এ এছ চন্দুকাৰক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে কালি এই ৰায় দিয়ে। হিমাচল প্রদেশ স্কুল শিক্ষা ব'ৰ্ডত কম্পিউটাৰ ইঞ্জিনীয়াৰ পদত হোৱা এটা নিযুক্তি বাতিল কৰি উচ্চতম ন্যায়ালয়ে কালি দিয়া ৰায়টোত এইদৰে কয়। আদালতে কয় যে এই পদটোৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোত নিয়ম উলংঘা কৰা হৈছিল যিটো আইনীভাৱে গ্রহণযোগ্য নহয়। 


উচ্চতম ন্যায়ালয়ে ৰায়টোত অনিবার্য যোগ্যতা আৰু অগ্রাধিকাৰপ্ৰাপ্ত অৰ্হতাৰ মাজত স্পষ্ট ব্যৱধান কৰা বুলি উল্লেখ কৰে। আদালতে ৰায়টোত কয় যে কেৱল উচ্চ শিক্ষাৰ ডিগ্ৰী থাকিলেই এজন প্রার্থী 'অন্যথা যোগ্য' (আডাৰৱাইজ ইলিজিবল) হ'ব নোৱাৰে যদিহে তেওঁ অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰে। এনে কৰাটো ন্যূনতম অৰ্হতাৰ স্থান অগ্ৰাধিকাৰপ্ৰাপ্ত অৰ্হতাই ল'ব, যিটো নিয়মৰ পৰিপন্থী। নিযুক্তিৰ প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে সলনি কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি বিচাৰপীঠে কয় যে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত মাজতে ইয়াৰ নিয়ম সলনি কৰিব নোৱাৰে। নিয়ম আৰু ন্যায়িক বিবেচনাৰ সীমাক অৱহেলা কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে। 


উল্লেখযোগ্য যে হিমাচল প্রদেশ স্কুল শিক্ষ ব'ৰ্ডৰ উক্ত পদটোৰ বাবে পাঁচ বছৰৰ অভিজ্ঞতাৰ প্ৰয়োজন আছিল, কিন্তু উক্ত প্রার্থীজনক নিযুক্তি দিয়াৰ সময়ত তেওঁ অভিজ্ঞতা মাত্র এবছৰৰহে আছিল। 


ৰায়টোত উচ্চতম ন্যায়ালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত যেতিয়ালৈকে নিযুক্তি সম্পূৰ্ণৰূপে স্পষ্ট আৰু সন্দেহজনক নহয় তেতিয়ালৈকে ন্যায়ালয়ে ইয়াত হস্তক্ষেপ নকৰে। আদালতে কয়, 'য'ত নিযুক্তি প্রক্রিয়াই ত্রুটীপূর্ণ, তাত উপযুক্ত পথটো হ'ল কোনো বিশেষ প্রার্থীক নিযুক্তিৰ নিৰ্দেশ দিয়াতকৈ এই নিযুক্তি বাতিল কৰাটো।'


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ