--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ লগতে প্রায় ৪
  • ৫ কোটি লোকৰ দুবেলা-দুমুঠি যোগাৰ কৰাতো কঠিন হৈ পৰিব। আন কথাত এই লোকসকলে ক্ষুধার্ত অৱস্থাত নিশা কটাব লাগিব।

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইৰানৰ মাজত ৫০ দিনতকৈ অধিক সময় ধৰি চলা যুদ্ধই সমগ্ৰ বিশ্বৰ অৰ্থনীতিত গভীৰ প্রভাৱ পেলাব। এই আশংকা প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্যসূচীয়ে (ইউ এন ডি পি) এখন প্রতিবেদনত। 


উল্লেখযোগ্য যে বর্তমান দুয়োপক্ষৰ মাজত যুদ্ধ-বিৰতি চলি আছে, কিন্তু হৰমুজ প্রণালী এতিয়াও বন্ধ হৈ আছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, এই যুদ্ধই সৃষ্টি কৰা পৰিস্থিতিৰ ফলত প্ৰায় তিনি কোটি লোক দাৰিদ্র্য সীমাৰেখাৰ তললৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে প্রায় ৪.৫ কোটি লোকৰ দুবেলা-দুমুঠি যোগাৰ কৰাতো কঠিন হৈ পৰিব। আন কথাত এই লোকসকলে ক্ষুধার্ত অৱস্থাত নিশা কটাব লাগিব। 


ৰয়টাৰে প্ৰকাশ কৰা এটা বাতৰি মতে, ইউ এন ডি পিৰ মুৰব্বী আলেকজেণ্ডাৰ ডি ক্রুৱে মধ্যপ্রাচ্যৰ যুদ্ধৰ অতি বিপজ্জনক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি কঠোৰ সতর্কবাণী শুনাইছে। তেওঁ কয় যে হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত কেৱল ইন্ধন আৰু মাল পৰিবাহী জাহাজৰ চলাচলেই বন্ধ হৈ থকা নাই, সাৰৰ যোগানতো ব্যাপক প্ৰভাৱ পৰিছে। ই সমগ্ৰ বিশ্বৰ খাদ্য শস্যৰ উৎপাদনত গভীৰ প্ৰভাৱ পেলাব বুলি তেওঁ কয় যে চলিত বছৰত খাদ্য শস্যৰ উৎপাদন হ্রাস পোৱাৰ আশংকা কৰা হৈছে। 


ক্রুৱে কয় যে আমেৰিকা আৰু ইৰানৰ যুদ্ধৰ কাইলৈ অন্ত পৰিলেও ইয়াৰ আগতে বিশ্বত পৰা প্ৰভাৱ আগলৈও অব্যাহত থাকিব। ইয়াৰ ফলত বিশ্বৰ তিনি কোটিতকৈ অধিক লোকক দৰিদ্ৰ কৰি তোলাৰ আশংকা কৰা হৈছে। এই সংঘৰ্ষৰ পৰোক্ষ প্রভাৱৰ ফলত খাদ্যৰ অসুৰক্ষা অব্যাহত থকাৰ সম্ভাৱনা আছে। 


ইফালে, ৰাষ্ট্ৰসংঘ প্রজেক্ট ছার্ভিচেজ কার্যালয়ে (ইউ এন অ' পি এছ) স্পষ্টভাবে কয় যে যদি কৃষকে পর্যাপ্ত সাৰ যোগান নাপায়, তেতিয়া বিশ্বৰ প্ৰায় ৪.৫ কোটি লোক ক্ষুধাৰ কবলত পৰিব। তেওঁলোকৰ বাবে দুবেলা-দুমুঠি যোগাৰ কৰাতো কঠিন হৈ পৰিব আৰু ভোকৰ মাজৰে নিশা কটাবলগীয়া হ'ব পাৰে। ইউ এন অ'পি এছৰ কাৰ্যবাহী সঞ্চালক জর্জ মৰেইৰা ডি ছিলভাৰ মতে, ক্ষুধাৰ প্ৰভাৱ বিশ্বত দীর্ঘদিনলৈ অব্যাহত থাকিব। তেওঁ কয় যে হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত সাৰৰ যোগান ব্যাহত হৈ পৰাটোৱে বিশ্বত গভীৰ মানৱীয় সংকটৰ সৃষ্টি কৰিব পাৰে। বৰ্তমান শস্যৰ খেতি কৰাৰ সময়। 


এই সময়ত যদি কৃষকে সাৰৰ যোগান নাপায়, তেতিয়া লাখ লাখ লোক খাদ্য সুৰক্ষাৰ পৰা বঞ্চিত হ'ব আৰু ইয়াৰ প্ৰভাৱ দীর্ঘদিনলৈ চলি থাকিব। ছিলভাই কয় যে পাৰস্য উপসাগৰীয় দেশৰ পৰা সাৰ আমদানি কৰা ছুডান, মেজাম্বিক, ছোমালিয়াৰ দৰে দেশত ইয়াৰ প্ৰভাৱ পৰিছে। সাৰৰ সমগ্ৰ বজাৰত জোকৰণিৰ সৃষ্টি হৈছে। ইউৰিয়াৰ দাম ৬৫% আৰু এম'নিাৰ দাম ৪০% বৃদ্ধি পাইছে। 


উল্লেখযোগ্য যে যোৱা সপ্তাহ বিশ্ব খাদ্য সংগঠনেও সতর্কবাণী শুনাইছে যে মধ্যপ্রাচ্যৰ যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত সৃষ্টি হোৱা সংকটে বিশ্বত খাদ্য সামগ্ৰীৰ নাটনিৰ সৃষ্টি কৰিব পাৰে। এফ এ অ'ৰ মতে ভাৰত, বাংলাদেশ, শ্রীলংকা, ছোমালিয়া, ছুডান, তাঞ্জানিয়া আৰু কেনিয়াৰ দৰে দেশত ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইউ এন ডি পিৰ মুৰব্বী ক্রুৰ মতে, যুদ্ধই বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন ০.৫%-ৰ পৰা ০.৮% হ্রাস কৰিছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ