--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়া চৰকাৰে ৰাইজৰ এই সমস্যা হ্ৰাস কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। যাতে যাত্ৰা সস্তা হৈ পৰে আৰু বাৰে বাৰে টোল প্লাজাত ৰৈ থাকিব নালাগে।

ডিজিটেল ডেস্কঃ ভাৰতৰ সকলো চাৰিচকীয়া বাহনে এখন চহৰৰ পৰা আন এখন ৰাজ্য বা চহৰলৈ যাওঁতে টোল টেক্স দিবলগীয়া হয়। যদি আপুনি প্ৰতিদিনে গাড়ীৰে অফিচ বা আন কোনো চহৰলৈ যায়।


ইয়াৰ বাবে প্ৰতিমাহে হাজাৰ হাজাৰ টকা টোল টেক্সত খৰচ হয়। কিন্তু এতিয়া চৰকাৰে ৰাইজৰ এই সমস্যা হ্ৰাস কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। যাতে যাত্ৰা সস্তা হৈ পৰে আৰু বাৰে বাৰে টোল প্লাজাত ৰৈ থাকিব নালাগে।


উল্লেখ্য যে গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰালয়ে বাৰ্ষিক ফাষ্টেগ পাছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। যাৰ বাবে মানুহে বছৰত এবাৰহে পাছৰ বাবে ধন দিব লাগিব আৰু গোটেই বছৰটো বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়া আৰম্ভ হ’ব জানো আহক।


বাৰ্ষিক পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?


যিসকলে দীৰ্ঘদিন ধৰি বাৰ্ষিক ৩০০০ টকাৰ টোল পাছৰ বাবে অপেক্ষা কৰি আছিল। এতিয়া তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। চৰকাৰৰ পৰা পোৱা তথ্য অনুসৰি ৪ আগষ্টৰ পৰা বাৰ্ষিক পাছৰ বুকিং আৰম্ভ হ’ব।ইয়াৰ বুকিংৰ পিছত ১৫ আগষ্টৰ পৰা বাৰ্ষিক ফাষ্টেগ টোল পাছ সক্ৰিয় কৰিব পাৰিব।কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে ইয়াৰ বাবে হাইৱে যাত্ৰা মোবাইল এপ আৰু এনএইচএআইৰ ৱেবছাইটত লিংক জাৰি কৰা হ’ব।


গোটেই বছৰটোৰ বাবে বিনামূলীয়া ভ্ৰমণ হ’বনে?


যদি কোনোবাই ভাবিছে যে ফাষ্টেগ বাৰ্ষিক পাছ লোৱাৰ পিছত তেওঁ গোটেই বছৰটো ঘাইপথত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। তেতিয়াহ’লে আপোনালোকক কওঁ যে এইটো নহয়। ফাষ্টেগ বাৰ্ষিক পাছৰ জৰিয়তে এবছৰত মাত্ৰ ২০০টা বিনামূলীয়া ভ্ৰমণহে পাব। অৰ্থাৎ ঘাইপথৰ টোল প্লাজাৰ মাজেৰে ২০০ বাৰ পাৰ হ’ব পাৰিব। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে এই বাৰ্ষিক ফাষ্টগ পাছ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অৰ্থাৎ এন এইচ এ আইৰ অধীনত থকা ঘাইপথ আৰু এক্সপ্ৰেছৱেতহে বৈধ হ’ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক