--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়া চৰকাৰে ৰাইজৰ এই সমস্যা হ্ৰাস কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। যাতে যাত্ৰা সস্তা হৈ পৰে আৰু বাৰে বাৰে টোল প্লাজাত ৰৈ থাকিব নালাগে।

ডিজিটেল ডেস্কঃ ভাৰতৰ সকলো চাৰিচকীয়া বাহনে এখন চহৰৰ পৰা আন এখন ৰাজ্য বা চহৰলৈ যাওঁতে টোল টেক্স দিবলগীয়া হয়। যদি আপুনি প্ৰতিদিনে গাড়ীৰে অফিচ বা আন কোনো চহৰলৈ যায়।


ইয়াৰ বাবে প্ৰতিমাহে হাজাৰ হাজাৰ টকা টোল টেক্সত খৰচ হয়। কিন্তু এতিয়া চৰকাৰে ৰাইজৰ এই সমস্যা হ্ৰাস কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। যাতে যাত্ৰা সস্তা হৈ পৰে আৰু বাৰে বাৰে টোল প্লাজাত ৰৈ থাকিব নালাগে।


উল্লেখ্য যে গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰালয়ে বাৰ্ষিক ফাষ্টেগ পাছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। যাৰ বাবে মানুহে বছৰত এবাৰহে পাছৰ বাবে ধন দিব লাগিব আৰু গোটেই বছৰটো বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়া আৰম্ভ হ’ব জানো আহক।


বাৰ্ষিক পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?


যিসকলে দীৰ্ঘদিন ধৰি বাৰ্ষিক ৩০০০ টকাৰ টোল পাছৰ বাবে অপেক্ষা কৰি আছিল। এতিয়া তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। চৰকাৰৰ পৰা পোৱা তথ্য অনুসৰি ৪ আগষ্টৰ পৰা বাৰ্ষিক পাছৰ বুকিং আৰম্ভ হ’ব।ইয়াৰ বুকিংৰ পিছত ১৫ আগষ্টৰ পৰা বাৰ্ষিক ফাষ্টেগ টোল পাছ সক্ৰিয় কৰিব পাৰিব।কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে ইয়াৰ বাবে হাইৱে যাত্ৰা মোবাইল এপ আৰু এনএইচএআইৰ ৱেবছাইটত লিংক জাৰি কৰা হ’ব।


গোটেই বছৰটোৰ বাবে বিনামূলীয়া ভ্ৰমণ হ’বনে?


যদি কোনোবাই ভাবিছে যে ফাষ্টেগ বাৰ্ষিক পাছ লোৱাৰ পিছত তেওঁ গোটেই বছৰটো ঘাইপথত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। তেতিয়াহ’লে আপোনালোকক কওঁ যে এইটো নহয়। ফাষ্টেগ বাৰ্ষিক পাছৰ জৰিয়তে এবছৰত মাত্ৰ ২০০টা বিনামূলীয়া ভ্ৰমণহে পাব। অৰ্থাৎ ঘাইপথৰ টোল প্লাজাৰ মাজেৰে ২০০ বাৰ পাৰ হ’ব পাৰিব। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে এই বাৰ্ষিক ফাষ্টগ পাছ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অৰ্থাৎ এন এইচ এ আইৰ অধীনত থকা ঘাইপথ আৰু এক্সপ্ৰেছৱেতহে বৈধ হ’ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন