--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কনভয়ত ব্যৱহাৰ হয় মাৰ্চিডিজ মেবাক এছ-৬৫০ গাৰ্ড, ৰেঞ্জ ৰভাৰ চেণ্টিনেল, টয়োটা লেণ্ড ক্ৰুজাৰ, টয়োটা ফৰ্চুনাৰকে ধৰি বহু অত্যাধুনিক বাহন।

ডিজিটেল ডেস্ক: মধ্যপ্ৰাচ্যত এতিয়াও যুদ্ধসদৃশ পৰিস্থিতি। হৰমুজ প্ৰণালীৰ ওপৰত গভীৰ অনিশ্চয়তা। ফলত বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা। একপ্ৰকাৰে কঁপি উঠিছে বিশ্ব অৰ্থনীতি। তেলৰ দাম বৃদ্ধিৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে বহু দেশক। এনেকুৱা এক সংকটজনক সময়তেই দেশবাসীক আচৰিত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈছে এক বৃহৎ আৰু শক্তিশালী সিদ্ধান্ত। খবৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে নিজেই এছপিজিক নিৰ্দেশ দিছে তেওঁৰ কনভয়ত থকা বাহনৰ সংখ্যা ৫০ শতাংশ কমাবলৈ। 

 

উল্লেখনীয় বিষয় এই যে ব্লু বুকৰ সকলো নিৰাপত্তা নিয়ম বজাই ৰাখিয়েই কনভয়ৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ দিল্লীৰ বাহিৰত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কনভয় আগতকৈ কম দেখা গৈছে। বৈদ্যুতিক বাহন ব্যৱহাৰৰ ওপৰতো জোৰ দিছে প্ৰধানমন্ত্ৰীয়ে। পিছে জানেনে 


কিমানখন গাড়ী থাকে PMৰ লগত? সাধাৰণতে প্ৰধানমন্ত্ৰীৰ কনভয় মানেই এক চলন্ত দূৰ্গ। কনভয়ত ব্যৱহাৰ হয় মাৰ্চিডিজ মেবাক এছ-৬৫০ গাৰ্ড, ৰেঞ্জ ৰভাৰ চেণ্টিনেল, টয়োটা লেণ্ড ক্ৰুজাৰ, টয়োটা ফৰ্চুনাৰকে ধৰি বহু অত্যাধুনিক বাহন।


ইয়াৰ উপৰিও থাকে জেমাৰ বাহন আৰু প্ৰায় ১০০জন জোৱান। প্ৰধানমন্ত্ৰীৰ একেবাৰে কাষত থাকে প্ৰায় ২৪ জন SPG কমাণ্ডো। চাৰি স্তৰৰ নিৰাপত্তাৰ মাজতেই চলাচল কৰে দেশৰ প্ৰধানমন্ত্ৰী। এতিয়া বাহনৰ সংখ্যা কমিলেও কমাণ্ডোৰ সংখ্যা কমিব নে নাই সেয়া এতিয়াও স্পষ্ট নহয়।


উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ‌ এই সিদ্ধান্তই যথেষ্ট ৰাজনৈতিক আৰু আৰ্থিক তাৎপৰ্য্য বহন কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাইছিল ইন্ধন আৰু সোণৰ ব্যৱহাৰ কমাবলৈ। বিশ্লেষকসকলৰ মতে এই সিদ্ধান্ত কেৱল কনভয় কমোৱা নহয়। ই হৈছে দেশৰ আমোলাতন্ত্ৰ আৰু চৰকাৰী বিভাগসমূহলৈ এক শক্তিশালী বাৰ্তা।


এতিয়া প্ৰশ্ন উঠিছে যে প্ৰধানমন্ত্ৰীৰ পাছত অন্যান্য মন্ত্ৰালয় আৰু চৰকাৰী বিভাগেও ল’ব নেকি একেই পথ? নৰেন্দ্ৰ মোদীৰ এই ‘আধা কনভয় মডেল’ দেশৰ অন্য অংশতো কিমান দূৰ প্ৰভাৱ পেলায় সেয়া হ'ব যথাসময়ত লক্ষ্যনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু