--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কনভয়ত ব্যৱহাৰ হয় মাৰ্চিডিজ মেবাক এছ-৬৫০ গাৰ্ড, ৰেঞ্জ ৰভাৰ চেণ্টিনেল, টয়োটা লেণ্ড ক্ৰুজাৰ, টয়োটা ফৰ্চুনাৰকে ধৰি বহু অত্যাধুনিক বাহন।

ডিজিটেল ডেস্ক: মধ্যপ্ৰাচ্যত এতিয়াও যুদ্ধসদৃশ পৰিস্থিতি। হৰমুজ প্ৰণালীৰ ওপৰত গভীৰ অনিশ্চয়তা। ফলত বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা। একপ্ৰকাৰে কঁপি উঠিছে বিশ্ব অৰ্থনীতি। তেলৰ দাম বৃদ্ধিৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে বহু দেশক। এনেকুৱা এক সংকটজনক সময়তেই দেশবাসীক আচৰিত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈছে এক বৃহৎ আৰু শক্তিশালী সিদ্ধান্ত। খবৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে নিজেই এছপিজিক নিৰ্দেশ দিছে তেওঁৰ কনভয়ত থকা বাহনৰ সংখ্যা ৫০ শতাংশ কমাবলৈ। 

 

উল্লেখনীয় বিষয় এই যে ব্লু বুকৰ সকলো নিৰাপত্তা নিয়ম বজাই ৰাখিয়েই কনভয়ৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ দিল্লীৰ বাহিৰত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কনভয় আগতকৈ কম দেখা গৈছে। বৈদ্যুতিক বাহন ব্যৱহাৰৰ ওপৰতো জোৰ দিছে প্ৰধানমন্ত্ৰীয়ে। পিছে জানেনে 


কিমানখন গাড়ী থাকে PMৰ লগত? সাধাৰণতে প্ৰধানমন্ত্ৰীৰ কনভয় মানেই এক চলন্ত দূৰ্গ। কনভয়ত ব্যৱহাৰ হয় মাৰ্চিডিজ মেবাক এছ-৬৫০ গাৰ্ড, ৰেঞ্জ ৰভাৰ চেণ্টিনেল, টয়োটা লেণ্ড ক্ৰুজাৰ, টয়োটা ফৰ্চুনাৰকে ধৰি বহু অত্যাধুনিক বাহন।


ইয়াৰ উপৰিও থাকে জেমাৰ বাহন আৰু প্ৰায় ১০০জন জোৱান। প্ৰধানমন্ত্ৰীৰ একেবাৰে কাষত থাকে প্ৰায় ২৪ জন SPG কমাণ্ডো। চাৰি স্তৰৰ নিৰাপত্তাৰ মাজতেই চলাচল কৰে দেশৰ প্ৰধানমন্ত্ৰী। এতিয়া বাহনৰ সংখ্যা কমিলেও কমাণ্ডোৰ সংখ্যা কমিব নে নাই সেয়া এতিয়াও স্পষ্ট নহয়।


উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ‌ এই সিদ্ধান্তই যথেষ্ট ৰাজনৈতিক আৰু আৰ্থিক তাৎপৰ্য্য বহন কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাইছিল ইন্ধন আৰু সোণৰ ব্যৱহাৰ কমাবলৈ। বিশ্লেষকসকলৰ মতে এই সিদ্ধান্ত কেৱল কনভয় কমোৱা নহয়। ই হৈছে দেশৰ আমোলাতন্ত্ৰ আৰু চৰকাৰী বিভাগসমূহলৈ এক শক্তিশালী বাৰ্তা।


এতিয়া প্ৰশ্ন উঠিছে যে প্ৰধানমন্ত্ৰীৰ পাছত অন্যান্য মন্ত্ৰালয় আৰু চৰকাৰী বিভাগেও ল’ব নেকি একেই পথ? নৰেন্দ্ৰ মোদীৰ এই ‘আধা কনভয় মডেল’ দেশৰ অন্য অংশতো কিমান দূৰ প্ৰভাৱ পেলায় সেয়া হ'ব যথাসময়ত লক্ষ্যনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ