--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৰালালৈ সাধাৰণতে ১ জুনত মৌচুমীৰ আগমন ঘটে। যোৱা ছবছৰৰ ভিতৰত তিনি বছৰত মৌচুমী স্বাভাৱিক সময়তকৈ আগতে আহিছে।

ডিজিটেল ডেস্ক: দক্ষিণ-পশ্চিম মৌচুমী বতাহ ১৬ মে'ত বংগোপসাগৰৰ দক্ষিণাঞ্চল, আন্দামান সাগৰ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ পাইছেহি আৰু ২৬ মে'ত কেৰালা পাবহি। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই কথা জনায়। এইবাৰ মৌচুমীৰ আগমন কিছু আগতীয়া হ'ব। 


কেৰালালৈ সাধাৰণতে ১ জুনত মৌচুমীৰ আগমন ঘটে। যোৱা ছবছৰৰ ভিতৰত তিনি বছৰত মৌচুমী স্বাভাৱিক সময়তকৈ আগতে আহিছে। সেয়া হৈছে ২০২৫ চনত ২৪ মে'ত, ২০২৪ চনত ৩০ মে'ত আৰু ২০২২ চনত ২৯ মে'ত। ২০২৩ চনত কেৰালাত এসপ্তাহ পলমকৈ মৌচুমীৰ আগমন ঘটিছিল। সেই বছৰ মৌচুমী আহিছিল ৮ জুনত। তেনেদৰে ২০২১ চনত দুদিন পলমকৈ ৩ জুনত আগমন ঘটিছিল। ২০২০ চনতহে স্বাভাৱিক দিনত ১ জুনত মৌচুমীৰ আগমন ঘটিছিল। 


উল্লেখযোগ্য যে মৌচুমীৰ আগমনৰ লগে লগেই দক্ষিণ-পূব ভাৰতৰ বাহিৰে ভাৰতৰ বেছিভাগ অঞ্চলত বাৰিষা কাল আৰম্ভ হয়। কিন্তু ভাৰতত বাৰিষা কাল আৰম্ভ হোৱাৰ বাতৰি আহিছে যদিও কেইবাবছৰৰো ভিতৰত চিন্তনীয় বতৰ হ'ব বুলিও বিজ্ঞানীসকলে সকীয়নি দিছে। যোৱা ১৩ এপ্রিলত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা বতৰৰ দীঘলীয়া আগজাননী মতে, সাধাৰণতে বৰষুণৰ বা বাৰিষাৰ বতৰ বুলি কোৱা জুনৰ পৰা ছেপ্টেম্বৰলৈ দেশৰ বহু ঠাইত বৰষুণ স্বাভাৱিকতকৈ কম হ'ব বা অভাৱ হ'ব। প্রশান্ত মহাসাগৰত সৃষ্টি হোৱা এল নিনোয়েই ইয়াৰ কাৰণ। 


এল নিনো হৈছে মধ্য প্রশান্ত মহাসাগৰত সময়ে সময়ে গৰম হোৱা অৱস্থা, যি বিশ্বৰ বতৰৰ ধৰণ বা পেটার্ন ব্যাহত কৰে। যেতিয়া এল নিনো শক্তিশালী হয় ভাৰতত মৌচুমী বতাহ দুৰ্বল কৰে, বৃষ্টিপাত হ্রাস কৰে আৰু খৰাঙৰ সৃষ্টি কৰে। বতৰ বিজ্ঞানী ড° মাধৱন নায়াৰৰ মতে, বিষুবীয় প্রশান্ত মহাসাগৰ অঞ্চল দ্রুতভাৱে গৰম হৈছে আৰু তাৰ ফলত জুন বা জুলাইত এল নিনোৰ ঘটিব আৰু এই এল নিনোৰ প্ৰভাৱ ১৯৯৭ আৰু ২০১৫ চনৰ দৰে শোচনীয় হ'ব। এই এল নিনোৰ বাবে ভাৰতৰ উত্তৰ, পশ্চিম আৰু মধ্য অংশত শুকান বতৰ হ'ব। ইয়াৰ বাবে উক্ত অঞ্চলসমূহত দীর্ঘদিনীয়া খৰাং আৰু কৃষিক্ষেত্ৰত লোকচান হোৱাৰো আশংকা আছে। বিশেষকৈ পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানত আগষ্ট-ছেপ্টেম্বৰত এল নিনোৰ প্ৰভাৱৰ আশংকা আছে। 


মধ্য প্রদেশৰ ইন্দোৰ, উজ্জয়িনী, গোৱালিয়ৰ, চম্বল, জবলপুৰ, ৰেৱা, শাহদল, সাগৰ আৰু নর্মদা পুৰমত স্বাভাৱিকতকৈ কম পৰিমাণৰ বৃষ্টিপাত হ'ব। এনে কম বৰষুণৰ পৰা উত্তৰ-পূৰ্বাঞ্চল, লাডাখ, ৰাজস্থানৰ একাংশ আৰু তেলেংগানা আৰু দাক্ষিণাত্যৰ উত্তৰ ভাগৰ উপদ্বীপীয় অঞ্চলে সকাহ পোৱাৰ আশা আছে। ইয়াৰ বিপৰীতে চেন্নাইত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পাব। ফলত প্রবল বান আৰু ধ্বংসৰ আশংকা আছে।

উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ