--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সংঘাত অব্যাহত আছে৷ আৰু এই সংঘাত নিৰ্বাচন ওচৰ চপাৰ লগে লগে অধিক তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছৰ বিৰুদ্ধে অধিক সমালোচনাত্মক লৈ অখিলেশে প্ৰশ্ন কৰিছে যে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহে শাসনত থাকোতে কিয় জাতিগত লোকপিয়ল কৰা নাছিল?

যাদৱৰ এই মন্তব্যই লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিবলৈ বিচৰা বৃহৎ বিৰোধী মৰ্চাৰ অংশ হোৱা দুয়োটা দলৰ মাজৰ পাৰ্থক্যকে প্ৰতিফলিত কৰিছে৷

পূৰ্বৰ চৰকাৰসমূহে তেওঁলোকৰ ত্ৰুটিপূৰ্ণ নীতিৰ বাবে এই সন্দৰ্ভত কাম কৰা নাছিল বুলি অখিলেশ যাদৱে মধ্য প্ৰদেশত মন্তব্য কৰে আৰু জাতিগত লোকপিয়লৰ দাবীক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ এক্স-ৰে মন্তব্যৰ বাবে সমালোচনা কৰে।

কালি এক ৰেলীত ৰাহুল গান্ধীয়ে জাতিগত লোকপিয়লৰ আহ্বান পুনৰ দোহাৰে আৰু এই অনুশীলনক ‘এক্স-ৰে’ বুলি অভিহিত কৰে, যিয়ে দেশৰ বিভিন্ন সম্প্ৰদায়ৰ বিৱৰণ দিব। এই সন্দৰ্ভত সোধা প্ৰশ্নত যাদৱে কয় যে জাতিগত লোকপিয়লৰ বাবে কংগ্ৰেছৰ দাবী এক অলৌকিক ঘটনা।

ৰাহুল গান্ধীক উভতি ধৰি অখিলেশ যাদৱে কয়, এক্স-ৰে সেই সময়ৰ প্ৰয়োজন আছিল। এতিয়া আমাৰ এম.আৰ.আই. আৰু চি.টি. স্কেন আছে। ৰোগটো এতিয়া বিয়পি পৰিছে। যদি সেই সময়ত এই সমস্যাটো সমাধান কৰা হ’লহেঁতেন, তেন্তে আজি সমাজত এনে ব্যৱধান নাথাকিলহেঁতেন৷ আটাইতকৈ বৃহৎ অলৌকিক ঘটনাটো হ’ল কংগ্ৰেছেও জাতিগত লোকপিয়লৰ কথা কৈ আছে। যিসকলে এক্স-ৰেৰ বিষয়ে কথা পাতি আছে তেওঁলোক সেই একেখিনি লোক যিয়ে স্বাধীনতাৰ পাছত জাতিগত লোকপিয়ল বন্ধ কৰিছিল৷

ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত জাতিগত লোকপিয়ল নকৰাৰ বাবে যাদৱে কংগ্ৰেছক সমালোচনা কৰিছিল। তেওঁ কয়, যেতিয়া মুলায়ম সিং যাদৱ, শাৰদ যাদৱ, লালুপ্ৰসাদ যাদৱ আৰু দক্ষিণ ভাৰতৰ দলসমূহে লোকসভাত দাবী উত্থাপন কৰিছিল, কংগ্ৰেছে তেতিয়া অস্বীকাৰ কৰিছিল।

যাদৱে কয়, তেওঁলোকে আজি কিয় জাতিগত লোকপিয়ল কৰিব বিচাৰে? কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ পৰম্পৰাগত ভোটবেংক তেওঁলোকৰ সৈতে নাই। কিন্তু পিছপৰা শ্ৰেণী, দলিত আৰু আদিবাসীসকলে জানে যে স্বাধীনতাৰ পাছত তেওঁলোকে তেওঁলোকৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক