--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দীপাৱলী হৈছে পোহৰ, স্নেহ আৰু সুখৰ উৎসৱ। হিন্দু ধৰ্মৰ পৌৰাণিক বিশ্বাস অনুসৰি এই দিনটোত ভগৱান ৰাম ১৪ বছৰৰ নিৰ্বাসনৰ পিছত অযোধ্যালৈ উভতি আহিছিল আৰু ভগৱান ৰাম পুনৰ অযোধ্যালৈ ঘূৰি অহাত অযোধ্যাবাসীয়ে মহা আনন্দৰে সমগ্ৰ চহৰখন চাকিৰে উজলাই তুলিছিল। কিন্তু আপুনি জানেনে যে দীপাৱলীৰ মহাপৰ্ব কেৱল ভাৰততে সীমাবদ্ধ নহয়? ইয়াৰ পোহৰৰ উজ্জ্বলতা সাত সাগৰজুৰি বহুতো দেশলৈ বিস্তীৰ্ণ হৈ আছে। ভাৰতৰ উপৰিও বহুতো দেশত দেৱালী উৎসৱ ধুমধামেৰে উদযাপন কৰা হয়।

১)ফিজি: ফিজিৰ বিশাল ভাৰতীয় জনসংখ্যাৰ বাবে ইয়াত অতি ধুমধামেৰে দেৱালী উদযাপন কৰা হয়। ফিজিত দেৱালীৰ দিনা চৰকাৰী বন্ধও ঘোষণা কৰা হয়। ফিজিবাসীয়ে এই উৎসৱত ইজনে সিজনক উপহাৰ যাঁচে আৰু পাৰ্টি দিয়ে। দেৱালীৰ দিনা সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ থাকে।

২)ইণ্ডোনেছিয়া: যদিও ইণ্ডোনেছিয়াত ইমান বৃহৎ ভাৰতীয় জনসংখ্যা নাই তথাপিও এই দেশত দেৱালী এক ডাঙৰ উৎসৱ। ভাৰতত পালন কৰা দেৱালীৰ সকলো ৰীতি-নীতি ইণ্ডোনেছিয়াতো পালন কৰা হয়। 

৩)মালয়েছিয়া: মালয়েছিয়াতো ধুমধামেৰে দেৱালী উদযাপন কৰা হয় কিন্তু ৰীতি-নীতিবোৰ ভাৰততকৈ পৃথক। এই দিনটোত মানুহে তেলেৰে গা ধোৱে আৰু পাছত বিভিন্ন মন্দিৰত উপাসনা কৰে। যিহেতু মালয়েছিয়াত আতচবাজী বিক্ৰী নিষিদ্ধ সেয়েহে তেওঁলোকে নিজৰ মাজত উপহাৰ, মিঠাই বিতৰণ কৰি আৰু শুভকামনা যাঁচি উদযাপন কৰে।

৪)মৰিচাছ: আপুনি জানি আচৰিত হ'ব যে মৰিচাছৰ জনসংখ্যাৰ ৫০ শতাংশ হিন্দু। দেৱালী ইয়াত অতি উলহ-মালহেৰে উদযাপন কৰা হয় আৰু এই দিনটোত ৰাজহুৱা বন্ধও ঘোষণা কৰা হয়।

৫)নেপাল: দেৱালীক নেপালত তিহাৰ বুলি জনা যায় আৰু ইয়াত ভাৰতৰ দৰে একে উৎসাহেৰে দেৱালী উদযাপন কৰা হয়। যিহেতু নেপাল ভাৰতৰ সীমান্তত আছে সেয়েহে দেৱালীৰ সময়ত ভাৰতৰ দৰে একে পৰিৱেশ নেপালত দেখা যায়। ঘৰ সজোৱা, ইজনে সিজনক উপহাৰ দিয়া আৰু দেৱীক পূজা কৰাৰ নেপালৰ প্ৰথা ভাৰতৰ দৰেই। দচালীৰ পিছত দীপাৱলী নেপালৰ দ্বিতীয় বৃহত্তম উৎসৱ।

আৰু পঢ়কঃ লক্ষ্মী-গণেশৰ কেনে মূৰ্তি আনিলে আপোনাৰ ঘৰখনৰ বাবে শুভ হ’ব,জানো আহক

৬)শ্ৰীলংকা: শ্ৰীলংকাতো এক বৃহৎ হিন্দু জনসংখ্যা আছে আৰু সেয়েহে ইয়াত অতি ধুমধামেৰে দেৱালী উদযাপন কৰা হয়। দেৱালীৰ আঁৰৰ কাহিনীবোৰ শ্ৰীলংকাৰ সৈতেও সম্পৰ্কিত, সেয়েহে শ্ৰীলংকাতো দেৱালী এক ৰঙীন উৎসৱৰ দৰেই উদযাপন কৰা হয়।

৭)কানাডা: আমি জানো যে কানাডাক অনানুষ্ঠানিকভাৱে 'মিনি পাঞ্জাৱ' বুলি কোৱা হয় কিয়নো তাত বৃহৎ সংখ্যক পাঞ্জাৱী বাস কৰে। কেৱল সেয়াই নহয়, কানাডাৰ সংসদৰ তৃতীয় চৰকাৰী ভাষা হৈছে পাঞ্জাৱী। কানাডাত কিয় দেৱালী ধুমধামেৰে উদযাপন কৰা হয় তাক বুজাই দিয়াৰ নিশ্চয় কোনো প্ৰয়োজন নাই। 

৮)ছিংগাপুৰ: ভাৰতৰ পিছত যদি দেৱালী আন ঠাইত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি উদযাপন কৰা হয়, সেয়া হৈছে ছিংগাপুৰ। দেৱালীৰ সজ্জা, ৰংগোলী আৰু জাশনা ইয়াত তৈয়াৰ কৰা হয়। ছিংগাপুৰত দেৱালীৰ আকৰ্ষণীয়তাৰ বাবে দেশখনক লিটল ইণ্ডিয়া বুলি কোৱা হয়।

৯)ইংলেণ্ড: ইংলেণ্ডৰ বহুতো চহৰ, বিশেষকৈ বাৰ্মিংহাম আৰু লিচেষ্টাৰত বৰ ধুমধামেৰে দেৱালী উদযাপন কৰে কিয়নো ইয়াত ভাৰতীয়সকলৰ এক বৃহৎ সম্প্ৰদায় আছে। ভাৰতৰ দৰেই প্ৰায় সকলোখিনি ৰীতি-নীতিয়ে মানিয়েই ইংলেণ্ডত দেৱালী উদযাপন কৰা হয়।

১০)ত্ৰিনিদাদ আৰু টোবাগো: আপুনি জানি আচৰিত হ'ব যে কেৰিবিয়ান দ্বীপ ত্ৰিনিদাদ আৰু টোবাগোত আনন্দ-উলাহৰ মাজেৰে দীপাৱলী উদযাপন কৰা হয়। ইয়াত কেৱল দেৱালী উদযাপন কৰাই নহয় ৰামলীলাও মঞ্চস্থ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক