--°C
Loading...
Listen to Article
2 min read
80%

ডিজেটেল ডেস্ক : দীপাৱলীৰ সময়তে চিকিৎসা সেৱাই বিশ্ববাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ মহামাৰী কৰ'নাই বিশ্ববাসীক ত্ৰস্তমান কৰাৰ পাছতে কৰ’না চিকিৎসাৰ টেবলেটলৈ বৃটেইনে মান্যতা প্ৰদান কৰে৷ বিশ্বৰ প্ৰথমখন দেশে মান্যতা দিলে মল্নুপিৰাভিৰ টেবলেটলৈ৷ এই টেবলেটৰ জৰিয়তেও সম্ভৱ হ’ব কৰ’না চিকিৎসাৰ ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্ক আৰু ৰিজবেক বায়োথেৰাপিউটিক্সৰ দ্বাৰা যুটীয়াভাৱে (মাৰ্ক্স কোম্পানীয়ে) প্ৰস্তুত কৰা এই টেবলেট ক’ভিড চিকিৎসাৰ বাবে উপযোগী হ’ব বুলি নিশ্চিত কৰা হৈছে৷ বৃটেইনৰ ঔষধ নিয়ন্ত্ৰণ সংস্থাই প্ৰদান কৰিলে মান্যতা৷
ক’ভিড ১৯ৰ বাবে অনুমোদিত হোৱা এইটোৱেই প্ৰথম মৌখিক এণ্টিভাইৰেল চিকিৎসা৷ মল্নুপিৰাভিৰ পৰীক্ষা কৰাৰ পাছত যোৱা মাহৰ তথ্যই দেখুৱাইছে যে ৰোগৰ আৰম্ভণিতে ব্যৱহাৰ কৰিলে বা গুৰুতৰ কোভিড-১৯ হোৱাৰ আশংকা থকা লোকসকলৰ মৃত্যু বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা হ্ৰাস হ’ব পাৰে।

ব্ৰিটেইনৰ স্বাস্থ্য সচিব চাজিদ জাভিদে এক বিবৃতিত কয়, “আমি সমগ্ৰ চৰকাৰ আৰু এনএইচএছৰ সৈতে যিমান সম্ভৱ সোনকালে ৰাষ্ট্ৰীয় অধ্যয়নৰ জৰিয়তে ৰোগীসকলক মল্নুপিৰাভিৰ নিয়োজিত কৰাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ ক্ষীপ্ৰ গতিৰে কাম কৰি আছো।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক