--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰত আৰু ভূটানৰ মাজত এক সৌহাদ্যপূৰ্ণ বৈদেশীক সম্পৰ্ক চলি আহিছে৷ শেহতীয়াকৈ ভাৰত আৰু ভূটানে বাণিজ্যিক সংযোগ আৰু যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰা, সীমা অতিক্ৰমী সামগ্ৰী, আৰু জনসাধৰণৰ চলাচলৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰে। শেহতীয়া তথ্য অনুসৰি শুকুৰবাৰে বাণিজ্য মন্ত্ৰালয়ে ভাৰত আৰু ভূটানে জয়গাওঁ-ফুয়েনচলিঙত এক সংহত চেক প’ষ্ট স্থাপন কৰা লগতে কোকৰাঝাৰ-গেলেফু আৰু বানাৰহাট-সমাৎছেৰ মাজত ৰে’ল-সংযোগ স্থাপন আৰু ক্ৰচ বৰ্ডাৰ আৰু সংযোগ আন্তঃগাঁথনিৰ উন্নয়ন ক্ষিপ্ৰ কৰি তুলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাণিজ্য সচিব সুনীল বাৰ্থৱাল ২৮ ছেপ্টেম্বৰলৈ ভূটানলৈ দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সময়তে, বাণিজ্য সচিব সুনীল বাৰ্থৱাল আৰু ভূটানৰ  দশো তাছি ৱাংমোৰ সহযোগত থিম্ফুত অনুষ্ঠিত ভাৰত-ভূটান বাণিজ্য সচিব পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে৷ স্থল শুল্ক ষ্টেচন (এল চি এছ) হাতীছাৰ আৰু দৰঙাৰ জৰিয়তে ভাৰতলৈ আৰেকা বাদাম আমদানিৰ বাবে অতিৰিক্ত পথ মুকলি কৰা সন্দৰ্ভতো আলোচনা হয় এই বৈঠকত৷

ভাৰত চৰকাৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ উন্নীতকৰণৰ সন্দৰ্ভত এল এ চিক অৱগত কৰিবলৈ সন্মতি প্ৰদান কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰিছে৷ সচিবসকলে এল চি এছ দৰঙাত ফাইটো কোৱাৰেণ্টাইন পৰিদৰ্শন বাবে কৰ্মী নিয়োগ কৰাৰ লগতে ২০২৪ চনৰ মাৰ্চ মাহত স্বাক্ষৰিত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ দ্বাৰা ভূটান খাদ্য আৰু ঔষধ কৰ্তৃপক্ষই প্ৰয়োগ কৰা চৰকাৰী নিয়ন্ত্ৰণৰ স্বীকৃতিৰ বাবে চুক্তিখন আগতীয়াকৈ কাৰ্যকৰী কৰা সন্দৰ্ভটো বৈঠকত আলোচনা হয়৷

বিবৃতিটোত, ভূটানৰ ৰাষ্ট্ৰীয় বীজ কেন্দ্ৰ আৰু ভাৰতৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ মাজত ভূটানলৈ সাৰ যোগান ধৰাৰ চুক্তি চূড়ান্ত কৰাৰাৰ লগতে ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে।এই বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্য, বাণিজ্য, সংযোগ আৰু বিনিয়োগ অংশীদাৰিত্বৰ অগ্ৰগতিৰ সন্দৰ্ভত ইতিবাচক মূল্যায়নো কৰে। অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো দ্বিপাক্ষিক সহযোগিতাত দুয়োপক্ষই সন্তুষ্টি প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক