--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰব্বী ড০ মহম্মদ ইউনুছে ক্লিণ্টন গ্ল’বেল ইনিচিয়েটিভত ভাষণ প্ৰদান কৰি শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত কৰা বাংলাদেশৰ ছাত্ৰ নেতৃত্বাধীন আন্দোলনটো পৰিচালিত কৰা যুৱ নেতাসকলক পৰিচয় কৰাই দিয়ৰ লগতে  ছাত্ৰনেতা সকলৰ প্ৰশংসা কৰে।

প্ৰাপ্ত তথ্য অনুসৰি ষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়তে অনুষ্ঠিত হোৱা ক্লিণ্টন গ্লোবেল ইনিচিয়েটিভত ভাষণ প্ৰদানকৰি তিনিজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ , যিয়ে আৱামী লীগ চৰকাৰক উৎখাত কৰা ছাত্ৰসমাজৰ নেতৃত্বত পৰিচালিত আন্দেলনৰ আঁৰৰ তিনিজন ছাত্ৰনেতাক পৰিচয় কৰাই দিয়াৰ লগতে 
কয় তেওঁলোকৰ নিষ্ঠা প্ৰতিশ্ৰুতি তথা তেওঁলোকৰ কথাৰে সমগ্ৰ দেশ জোকাৰি গৈছিল, শিক্ষাৰ্থীসকলে তেওঁলোকৰ জীৱন বিপদাপন্ন হোৱাৰ পাছতো তেওঁলোকৰ স্থিতিত অচল আছিল৷ মহম্মদ ইউনুছে মাহফুজ আলমক সমগ্ৰ বিপ্লৱৰ আঁৰৰ মগজু বুলি অভিহিত কৰে৷

অন্তৱৰ্তীকালীন চৰকাৰী উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে যে হঠাতে বিপ্লৱতোৰ উত্থান হোৱা লাছিল এয়া এক নিখুঁতভাৱে পৰিকল্পিতভাৱে পৰিচালিত আন্দোলন আছিল বুলি সদৰি কৰে।

ছাত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে পূৰ্বৰ চৰকাৰে কৰা হিংসাত্মক কাৰ্যকলাপৰ কাহিনীও বিশ্ববাসীৰ আগত সদৰি কৰে। ২০২৪ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ সূত্ৰপাত হৈছিল বিতৰ্কিত সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা বাবে আৰম্ভ হৈছিল যিটো সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত দীৰ্ঘদিনীয়া হতাশাক পুনৰ জগাই তুলিছিল। 

হাছিনাৰ চৰকাৰে প্ৰতিবাদকাৰীৰ ওপৰত কৰা হিংসাত্মক দমনৰ ফলত প্ৰায় ৪৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীকে ধৰি হাজাৰ হাজাৰ লোকক আটক কৰি ৰখা হৈছিল। আন্দোলনটো দমন কৰিবলৈ হাছিনা আৰু তেওঁৰ সহযোগীসকলে চেষ্টা চলোৱাৰ পাছতো ধাৰাবাহিকভাৱে চলি থকা ছাত্ৰ বিদ্ৰোহে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল বুলি সদৰি কৰে৷

সামৰিক বাহিনী সমৰ্থিত অন্তৱৰ্তীকালীন চৰকাৰৰ শাসন ব্যৱস্থাত কেইবাজনো ছাত্ৰ কৰ্মীক প্ৰভাৱশালী পদবী প্ৰদান কৰা হৈছে বুলি বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে ২৬ বছৰীয়া সমাজবিজ্ঞানৰ ছাত্ৰী তথা আন্দোলনৰ নেত্ৰী নাহিদ ইছলামক তথ্য আৰু দূৰসংযোগ মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰে।আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰৰ বাঘজৰী হাতত লোৱাৰ পাছতে মাহফুজ আলমক ইউনুছৰ বিশেষ সহায়ক হিচাপে নিযুক্তি প্ৰদান কৰে বুলি মহম্মদ ইউনুছে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ পৰা সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ