--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰব্বী ড০ মহম্মদ ইউনুছে ক্লিণ্টন গ্ল’বেল ইনিচিয়েটিভত ভাষণ প্ৰদান কৰি শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত কৰা বাংলাদেশৰ ছাত্ৰ নেতৃত্বাধীন আন্দোলনটো পৰিচালিত কৰা যুৱ নেতাসকলক পৰিচয় কৰাই দিয়ৰ লগতে  ছাত্ৰনেতা সকলৰ প্ৰশংসা কৰে।

প্ৰাপ্ত তথ্য অনুসৰি ষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়তে অনুষ্ঠিত হোৱা ক্লিণ্টন গ্লোবেল ইনিচিয়েটিভত ভাষণ প্ৰদানকৰি তিনিজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ , যিয়ে আৱামী লীগ চৰকাৰক উৎখাত কৰা ছাত্ৰসমাজৰ নেতৃত্বত পৰিচালিত আন্দেলনৰ আঁৰৰ তিনিজন ছাত্ৰনেতাক পৰিচয় কৰাই দিয়াৰ লগতে 
কয় তেওঁলোকৰ নিষ্ঠা প্ৰতিশ্ৰুতি তথা তেওঁলোকৰ কথাৰে সমগ্ৰ দেশ জোকাৰি গৈছিল, শিক্ষাৰ্থীসকলে তেওঁলোকৰ জীৱন বিপদাপন্ন হোৱাৰ পাছতো তেওঁলোকৰ স্থিতিত অচল আছিল৷ মহম্মদ ইউনুছে মাহফুজ আলমক সমগ্ৰ বিপ্লৱৰ আঁৰৰ মগজু বুলি অভিহিত কৰে৷

অন্তৱৰ্তীকালীন চৰকাৰী উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে যে হঠাতে বিপ্লৱতোৰ উত্থান হোৱা লাছিল এয়া এক নিখুঁতভাৱে পৰিকল্পিতভাৱে পৰিচালিত আন্দোলন আছিল বুলি সদৰি কৰে।

ছাত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে পূৰ্বৰ চৰকাৰে কৰা হিংসাত্মক কাৰ্যকলাপৰ কাহিনীও বিশ্ববাসীৰ আগত সদৰি কৰে। ২০২৪ চনৰ জুলাই মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ সূত্ৰপাত হৈছিল বিতৰ্কিত সংৰক্ষণ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা বাবে আৰম্ভ হৈছিল যিটো সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত দীৰ্ঘদিনীয়া হতাশাক পুনৰ জগাই তুলিছিল। 

হাছিনাৰ চৰকাৰে প্ৰতিবাদকাৰীৰ ওপৰত কৰা হিংসাত্মক দমনৰ ফলত প্ৰায় ৪৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীকে ধৰি হাজাৰ হাজাৰ লোকক আটক কৰি ৰখা হৈছিল। আন্দোলনটো দমন কৰিবলৈ হাছিনা আৰু তেওঁৰ সহযোগীসকলে চেষ্টা চলোৱাৰ পাছতো ধাৰাবাহিকভাৱে চলি থকা ছাত্ৰ বিদ্ৰোহে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল বুলি সদৰি কৰে৷

সামৰিক বাহিনী সমৰ্থিত অন্তৱৰ্তীকালীন চৰকাৰৰ শাসন ব্যৱস্থাত কেইবাজনো ছাত্ৰ কৰ্মীক প্ৰভাৱশালী পদবী প্ৰদান কৰা হৈছে বুলি বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে ২৬ বছৰীয়া সমাজবিজ্ঞানৰ ছাত্ৰী তথা আন্দোলনৰ নেত্ৰী নাহিদ ইছলামক তথ্য আৰু দূৰসংযোগ মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰে।আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰৰ বাঘজৰী হাতত লোৱাৰ পাছতে মাহফুজ আলমক ইউনুছৰ বিশেষ সহায়ক হিচাপে নিযুক্তি প্ৰদান কৰে বুলি মহম্মদ ইউনুছে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ পৰা সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক