--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাধাৰণতে দলৰ নেতৃত্ব লাভ কৰাৰ পিছতে এজন ক্ৰিকেটাৰ যথেষ্ট চাপৰ সন্মুখীন হয়। এই চাপৰ প্ৰভাৱ পৰে খেলুৱৈগৰাকীৰ প্ৰদৰ্শনত। প্ৰায় সময়ত দেখা যায় যে এনে চাপ সহিব নোৱাৰি দলৰ নেতৃত্ব পোৱাৰ পিছত তাৰকা খেলুৱৈৰো প্ৰদৰ্শন নিম্নগামী হয়। পিছে এই চাপৰ প্ৰভাৱৰ মুক্ত যশপ্ৰীত বুমৰাহ। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এজবাষ্টন টেষ্টত আজি এই কথা প্ৰমাণ কৰি দিছে বুমৰাহে। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহক অৰ্পণ কৰা হৈছিল দলৰ নেতৃত্বৰ ভাৰ। পূৰ্বে আন্ত:ৰাষ্ট্ৰীয়ই হওক বা আই পি এলেই হওক—  এখনো মেচতে দলৰ নেতৃত্ব বহন কৰাৰ অভিজ্ঞতা নাথাকিলেও বুমৰাহে আজি ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি সকলোকে মোহিত কৰিছে।

ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব লাভৰ পিছতে যশপ্ৰীত বুমৰাহ যেন নতুন ৰূপত উজ্বলি উঠিছে! আজি  ইংলেণ্ডৰ বিৰুদ্ধে নিৰ্ণায়ক টেষ্টত আজি দ্বিতীয় দিনা বুমৰাহে বিশ্ব ক্ৰিকেটত এক নতুন অভিলেখ গঢ়ি সকলোকে চমকিত কৰি তুলিছে। কিন্তু হাতত বল লৈ নহয়, বেট লৈহে এক নতুন অভিলেখৰ গৰাকী হৈছে বুমৰাহ। ভংগ কৰিছে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী বেটাৰ ব্ৰায়ান লাৰাৰ অভিলেখ। ক্ৰিকেট ইতিহাসৰ কোনো মাৰমুখী বেটাৰে কৰিব নোৱাৰা এক চমক সৃষ্টি কৰিছে বুমৰাহে।

এজবাষ্টন টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতীয় দলৰ অধিনায়ক গৰাকীয়ে আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ১৬ টা বলত ৩১ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। এই ইনিংছটোত বুমৰাহে ইংলেণ্ডৰ অভিজ্ঞ বলাৰ ষ্টুৱাৰ্ট ব্ৰডক প্ৰায় বিধ্বস্ত কৰি এটা অভাৰতে ২৯ ৰাণ সংগ্ৰহ কৰে। এইদৰে বুমৰাহে টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰত পৰিণত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ব্ৰায়ান লাৰাৰ নামত।

লাৰাই ২০০৩ চনত দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ ৰবীন পিটাৰচনৰ বলত এক অভাৰতে ২৮ ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িছিল। লাৰাই অভাৰটোত মুঠ চাৰিটা চাৰি আৰু দুটা ছয় কোবাইছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ জৰ্জ বেইলীয়েও এটা অভাৰত ২৮ ৰান সংগ্ৰহ কৰিছিল যদিও বাউণ্ডেৰীৰ হিচাপত বেইলীক লাৰাতকৈ পিছত স্থান দিয়া হয়। বেইলীয়ে ২০১৩ চনত ইংলেণ্ডৰে পেচাৰ জিমি এণ্ডাৰছনৰ বলত একেটা অভাৰত ২৮ ৰান সংগ্ৰহ কৰিছিল।

ব্ৰডে মেচৰ ৮৪ তম অভাৰত চাৰিটা চাৰি আৰু দুটা ছয় হজম কৰিবলগীয়া হয়। তদুপৰি অভাৰটোত তেওঁ এটা ৱাইডসহ পাঁচ ৰান আৰু ন’বলো কৰে। আনহাতে অভাৰৰ অন্তিম বলটোত বুমৰাহে এক ৰান সংগ্ৰহ কৰে। এইদৰে অভাৰটোত ছয় ৰান অতিৰিক্তসহ মুঠ ৩৫ ৰান ব্যয়েৰে ব্ৰড টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অভাৰত আটাইতকৈ খৰচী বলাৰ হিচাপে এক অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হয়। 

ইয়াৰ পূৰ্বে পিটাৰচন আৰু এণ্ডাৰছনৰ লগতে ইংলেণ্ডৰ পূৰ্ব অধিনায়ক জ’ ৰুটৰ নামত থকা অভিলেখ ভংগ কৰে ব্ৰডে।  এই আটাইকেইজন বলাৰৰ নামত আছিল এটা অভাৰত ২৮ ৰানকৈ ব্যয়ৰ বিশ্ব ৰেকৰ্ড। উল্লেখ্য যে টেষ্টৰ লগতে ব্ৰডৰ নামত টি-২০ আন্ত:ৰাষ্টীয়তো সৰ্বাধিক ৰান ব্যয়ৰ ৰেকৰ্ড আছে। ২০০৭ চনৰ প্ৰথমবাৰৰ টি-২০ বিশ্বকাপত ভাৰতৰ যুৱৰাজ সিঙে ব্ৰডৰ এটা অভাৰত ছটা ছয় কোবাই ব্ৰডৰ নামত এই অনাকাংক্ষিত ৰেকৰ্ড লিপিবদ্ধ কৰিছিল।

আনহাতে এই দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ পিছত হাতত বল লৈও জিলিকি উঠিছে বুমৰাহ। ইংলেণ্ডৰ ইনিংছৰ আৰম্ভণিতেই আঘাত সানি তিনিটাকৈ উইকেট দখল কৰিছে তাৰকা বলাৰগৰাকীয়ে। বৰ্তমান বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ সময়লৈ ইংলেণ্ডে তিনি উইকেটত ৬০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে ঋষভ পন্ত (১৪৬) আৰু ৰবীন্দ্ৰ জাদেজাৰ (১০৪) শতকৰ সহায়ত ৪১৬ ৰাণত প্ৰথম ইনিংছ সামৰিছিল। ইংলেণ্ডৰ হৈ অভিজ্ঞ বলাৰ জিমি এণ্ডাৰছনে পাঁচটা উইকেট দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ