--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাবাহিকখন সমতা স্থাপন কৰিলেও ৰোহিত শৰ্মাৰ মুখ গহীন৷ কাৰণ, এতিয়াও তিনিখন টেষ্ট বাকী আছে। ছিৰিজত জয়ী হ’বলৈ হ’লে ইয়াৰে অন্ততঃ দুটা জিকিব লাগিব। কিন্তু ইয়াৰ মাজতে ৰোহিতে দলত এটা ব্যৱধান বিচাৰি পালে। 

খেলৰ অন্তত ৰোহিতে কয়- ‘‘দলৰ কেইবাজনো বেটছমেনে ইনিংছটো ভালকৈ আৰম্ভ কৰিছিল। কিন্তু তেওঁলোকে ডাঙৰ ৰান কৰিব পৰা নাছিল। মই জানো তেওঁলোকৰ বহুতেই জুনিয়ৰ। বহুদিন খেলা নাই। কিন্তু তাৰ পিছতো বুজিব লাগিব যে টেষ্টত ভাল কৰিবলৈ হ’লে ডাঙৰ ৰান কৰিব লাগিব। এজন বা দুজন মানুহৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি।''

অৱশ্যে হায়দৰাবাদত পৰাজয়ৰ পিছত বিশাখাপট্টনমত দলটোৰ ক্ৰিকেটাৰসকলে যিদৰে উভতি আহিছিল তাত ৰোহিত সুখী। ভাৰতৰ অধিনায়কে কয়, ইংলেণ্ড এটা শক্তিশালী দল। তেওঁলোকৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ পিছত দ্বিতীয়খন টেষ্টত জয়ী হোৱাটো সহজ নাছিল। বিশেষকৈ আমাৰ দলৰ বহু ক্ৰিকেটাৰৰ টেষ্টৰ বিশেষ অভিজ্ঞতা নাই। তাৰ পিছত তেওঁলোকে ভাল খেলিছিল। মই তেওঁলোকক কোনো হেঁচা নোহোৱাকৈ খেলিবলৈ ক’লোঁ। খেল উপভোগ কৰিলে। সেইটোৱেই আচল কথা।''

দলটোৰ দুই ক্ৰিকেটাৰক পৃথকে পৃথকে প্ৰশংসা কৰে ৰোহিতে। এক যশপ্ৰীত বুমৰাহ। আন এজন ব্যক্তি হ’ল ইয়াছৱী জয়ছৱাল। বুমৰাহে দুটা ইনিংছত ৯টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ইয়াছৱীয়ে ডাবল শতক অৰ্জন কৰে। তেওঁলোকৰ কথা উল্লেখ কৰি ৰোহিতে কয় যে বুমৰাহ এনে এজন বলাৰ, যাক যিকোনো সময়তে বলিং কৰিবলৈ পঠিয়াব পাৰি। তেওঁ নিজৰ কাম কৰে। প্ৰথম ইনিংছত যশৱীয়ে অবিশ্বাস্য ইনিংছ খেলিছিল। তেওঁ প্ৰতিভাশালী। মাত্ৰ দলত যোগদান কৰিলে। দলটোৰ এতিয়াও বহুত কিবাকিবি আছে। মাত্ৰ ক'ব পাৰি যে অতিমাত্ৰা আত্মবিশ্বাসী নহ'ব আৰু মাটিত লাগি থাকক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু