--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিল কুম্বলে-হৰভজন সিং যুটিৰ অভিলেখ ভংগ। টেষ্ট ক্ৰিকেটত ভাৰতৰ সফল বলিং যুটি এতিয়া ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজা। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নতুন নজিৰ গঢ়ি তুলিছিল। কুম্বলে আৰু হৰভজনে একেলগে ৫৪ খন টেষ্ট মেচ খেলিছিল। সেই মেচসমূহত দুয়োজনে একেলগে ৫০১টা উইকেট দখল কৰিছিল। কুম্বলে ২৮১টা উইকেট দখল কৰে। আৰু হৰভজনৰ বলত ভুক্তভোগী হোৱা বেটাৰৰ সংখ্যা ২২০ জন। এই পৰ্যন্ত টেষ্টত ভাৰতৰ সফল বলিং যুটি। বৃহস্পতিবাৰে অশ্বিন আৰু জাদেজাই নিজৰ কৃতিত্ব অতিক্ৰম কৰিলে।

প্ৰথম ঘন্টাত অশ্বিন-জাদেজা যুটিটোক আক্ৰমণত লগাই ইংলেণ্ডৰ আগ্ৰাসী বেটিং বন্ধ কৰি দিয়ে ৰোহিত শৰ্মাই।  বেন ডাকেটক প্ৰথমে আউট কৰে অশ্বিনে। কুম্বলে-হৰভজন যুটিৰ উইকেটৰ সংখ্যাত উপনীত হয় অশ্বিন-জাডেজাৰ যুটীয়ে। ইয়াৰ পাছত জাডেজাই ইংলেণ্ডৰ ইনিংছৰ ১৫ অভাৰত অলি পোপক আউট কৰে। টেষ্ট ক্ৰিকেটত ভাৰতৰ সফল যুটি হিচাপে পৰিগণিত হৈছে অশ্বিন আৰু জাদেজা, কুম্বলে-হৰভজন যুটিত নিজৰ উইকেটেৰে শীৰ্ষস্থান দখল কৰি। মন কৰিবলগীয়া যে বাওঁহাতৰ অলৰাউণ্ডাৰগৰাকীয়ে জো ৰুটক আউট কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫৫০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫৫০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰি জো ৰুটকক বাওঁহাতৰ অল ৰাউণ্ডাৰগৰাকীয়ে আউট কৰে।

কুম্বলে-হৰভজন যুটিয়ে ৫৪খন টেষ্টত অগ্ৰগতি লাভ কৰিছিল। ৫০ সংখ্যক টেষ্টত নিজৰ নজিৰ ভংগ কৰিলে অশ্বিন-জাদেজাই। তেওঁলোকৰ যুটিৰ উইকেট নম্বৰ এতিয়া ৫০৬। ইয়াৰ ভিতৰত অশ্বিনৰ ২৭৮ আৰু জাদেজাৰ ২২৮ উইকেট। এই তালিকাত তৃতীয় স্থানত আছে বিষেন বেদী আৰু বি এছ চন্দ্ৰশেখৰৰ যুটি। একেলগে তেওঁলোকে ৪২খন টেষ্টত ৩৬৮টা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক
আদানি গ্ৰুপৰ নতুন অভিলেখ: ৰাজস্থানৰ প্ৰথমটো ‘ৱাটাৰ পজিটিভ’ বিমানবন্দৰ হিচাপে স্বীকৃত জয়পুৰ বিমানবন্দৰ
পুনেৰ বন্ধ হৈ থকা জল পৰিশোধন প্ৰকল্পত ক্ল’ৰিন গেছ নিৰ্গমন; ২৪ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি