--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত প্ৰতিষেধকৰ নাটনি, প্ৰতিষেধক প্ৰদানৰ নামত হোৱা কেলেংকাৰি, ভুৱা প্ৰতিষেধক কাণ্ড আদিক লৈ বিতৰ্ক চলিছে যদিও টিকাকৰণ অভিযানক তীব্ৰতা দিয়াৰো চেষ্টা চলিছে। টিকাকৰণ অভিযান সম্পৰ্কত ভাৰতে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মুঠ ভেকচিন প্ৰদানৰ সংখ্যাৰ ফালৰপৰা ভাৰতে ইংলেণ্ডক চেৰ পেলাবলৈ সক্ষম হৈছে। ভাৰতত এতিয়ালৈ মুঠ ৩২.৩৬ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

আৰু পঢ়িব পাৰিব : কূটাঘাতৰ ষড়যন্ত্ৰ! পাকিস্তানৰ গতি-বিধিয়ে উদ্বেগ বঢ়াইছে ভাৰতীয় সেনাৰ

ইয়াৰ বিপৰীতে ইংলেণ্ডে এতিয়ালৈ দিছে ৩২.৩৩কোটি পালি প্ৰতিষেধক। এনে কৃতিত্বৰ মাজতে অহা আন এক সুখবৰ হৈছে যে, দেশত দৈনিক সংক্ৰমণৰ সংখ্যাও হ্ৰাস পাই আহিছে। বিগত ২৪ঘণ্টত দেশত মুঠ সংক্ৰমিতৰ সংখ্যা হৈছে ৪৬,১৪৮। বিগত ২৪ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যাও সহস্ৰৰ তলতে আছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৭৯জন আক্ৰান্তৰ।

আৰু পঢ়িব পাৰিব : অসম আৰক্ষীত নতুন সংযোজন, সাৰি নাযায় অপৰাধী!

ইফালে, আজি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দেশৰ টিকাকৰণ অভিযানে তীব্ৰতা লাভ কৰাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলোকে অভিনন্দনো জ্ঞাপন কৰে। সকলোকে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে কেন্দ্ৰ দায়বদ্ধ বুলিও তেওঁ দোহাৰে। উল্লেখ্য যে, বিগত এসপ্তাহতে দেশত ৩ কোটি, ৯১লাখৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ