--°C
Loading...
Listen to Article
2 min read
80%

জম্মু : দেশৰ নিৰাপত্তাৰ বাবে পুনৰ ভাবুকি সৃষ্টি কৰিছে পাক সন্ত্ৰাসবাদীয়ে। ভাৰতৰ সামৰিক ঘাটিক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ আশংকা এতিয়া হৈ পৰিছে তীব্ৰ। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে বৈৰী দেশখনে লৈছে নতুন কৌশল। এইবাৰ পাকিস্তানী ড্ৰোন ভাৰতৰ বাবে হৈ পৰিছে ভাবুকি। দেওবাৰে নিশাৰ ভাগত জম্মুত থকা সামৰিক ঘাটিৰ নিচেই সমীপত নিৰাপত্তাবাহিনীৰ দৃষ্টিগোচৰ হয় দুখনকৈ পাকিস্তানী ড্ৰোণ।

আৰু পঢ়িব পাৰিব : অসম আৰক্ষীত নতুন সংযোজন, সাৰি নাযায় অপৰাধী!

ড্ৰোনকেইখন দেখাৰ লগে লগে ভাৰতীয় সেনাৰ জোৱানে গুলীবৰ্ষণ আৰম্ভ কৰে আৰু লগে লগে আঁতৰি যায় ড্ৰোণকেইখন। জম্মু বায়ুসেনাৰ ঘাটিত ড্ৰোণেৰে আক্ৰমণ চলোৱাৰ কেইঘণ্টামানৰ পাছতে সংঘটিত এই ঘটনাই গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। জম্মুৰ কালুচাক সামৰিক ঘাটিৰ সমীপতে এই ড্ৰোনকেইখন দৃষ্টিগোচৰ হৈছিল নিৰাপত্তাবাহিনীৰ জোৱানৰ। প্ৰথমখন নিশা ১১.৩০বজাত আৰু দ্বিতীয়খন ১.৩০বজাত ধৰা পেলায় সেনা জোৱানে। সামৰিক বাহিনীয়ে আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই ড্ৰোণৰ গতিবিধিৰ কথা প্ৰকাশ কৰে আৰু সমাৰিক বাহিনীয়ে এনে কূটকৌশল ধৰা পেলোৱাৰ পাছত সতৰ্ক হৈ পৰা বুলি প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : সন্ত্ৰাসবাদীৰ নৃশংসতা, কৰুণভাৱে নিঃশেষ আৰক্ষী বিষয়াৰ পৰিয়াল

ইয়াৰ পাছতে অঞ্চলটোত তালাচী অভিযানো আৰম্ভ কৰে সেনাই। জম্মু বায়ুসেনা ঘটিৰ সমীপত ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে এই গতিবিধি ধৰা পৰিছে। এই আক্ৰমণত বায়ুসেনাৰ দুগৰাকী জোৱান আহত হৈছিল। পাকিস্তানে পূৰ্বৰে পৰা ড্ৰোনৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাৰ কামো কৰি আহিছে সীমান্তৱৰ্তী অঞ্চলত। এতিয়া ড্ৰোনৰে আক্ৰমণ চলোৱাটো ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ