--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মার্কিন প্রশাসনৰ বিষয়াসকলে প্রকাশ কৰা মতে, এতিয়ালৈকে আমেৰিকাই ৰাজহুৱাকৈ প্ৰকাশ কৰাতকৈ এই ধ্বংসৰ পৰিসৰ বহুত বেছি আৰু এই বিধ্বস্ত মার্কিন সামৰিক ঘাটিবোৰ মেৰামতি কৰিবলৈ কেইবা বিলিয়ন ডলাৰৰ প্ৰয়োজন হ'ব।

ডিজিটেল ডেস্ক : যোৱা ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাই ইৰানত আক্ৰমণ কৰাৰ পাছৰে পৰা ইৰানী সেনাই মধ্য প্রাচ্যৰ দেশশমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিবোৰত প্রতিশোধকল্পে প্রত্যাক্রমণ চলাইছিল। আনহাতে, পূর্বতে প্ৰকাশ পোৱা বাতৰিৰ তুলনাত শেহতীয়াকৈ ইৰানে চলোৱা আক্রমণত মার্কিন সামৰিক ঘাটিবোৰ আৰু সা-সৰঞ্জাম, আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়। 


মার্কিন প্রশাসনৰ বিষয়াসকলে প্রকাশ কৰা মতে, এতিয়ালৈকে আমেৰিকাই ৰাজহুৱাকৈ প্ৰকাশ কৰাতকৈ এই ধ্বংসৰ পৰিসৰ বহুত বেছি আৰু এই বিধ্বস্ত মার্কিন সামৰিক ঘাটিবোৰ মেৰামতি কৰিবলৈ কেইবা বিলিয়ন ডলাৰৰ প্ৰয়োজন হ'ব। ইৰানী সেনাই মধ্য প্রাচ্যৰ কমেও সাতখন দেশত থকা মার্কিন সামৰিক ঘাটিবোৰৰ ষ্ট'ৰেজ ৱেৰহাউছ, কমাণ্ড চেণ্টাৰ, এয়াৰক্ৰাফ্ট হেংগাৰ আৰু ছেটেলাইট যোগাযোগ পদ্ধতিৰ ক্ষতিসাধন কৰিছিল। তদুপৰি, যুঁজাৰু বিমানৰ ৰানৱে', ৰাডাৰ ছিষ্টেম আৰু আনকি কেইবাখনো যুদ্ধ বিমানো বিধ্বস্ত কৰিছিল ইৰানী সেনাই। 


মার্কিন প্রতিৰক্ষা বিভাগে তেওঁলোকৰ সামৰিক ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা নাই। আনকি মধ্য প্রাচ্যৰ বাবে থকা মার্কিন চেন্ট্রেল কমাণ্ডেও এই বিষয়ত সম্পূর্ণ মুখ খোলা নাই। আমেৰিকাত ৰিপাব্লিকান সাংসদসকলে যুদ্ধৰ বিষয়ত তথ্য লুকুওৱাৰ বাবে ইতিমধ্যে ট্রাম্পৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। ইফালে, পেন্টাগনে প্ৰতিৰক্ষা বাজেটৰ বাবে ২০০ মিলিয়ন ডলাৰ বিচাৰি মার্কিন সংসদত আৱেদন কৰিছে। মার্কিন সংসদে ইতিমধ্যে ৮৩৮.৫ বিলিয়ন ডলাৰ প্ৰতিৰক্ষা বাজেটৰ বাবে অনুমোদন দিছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ