--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মার্কিন প্রশাসনৰ বিষয়াসকলে প্রকাশ কৰা মতে, এতিয়ালৈকে আমেৰিকাই ৰাজহুৱাকৈ প্ৰকাশ কৰাতকৈ এই ধ্বংসৰ পৰিসৰ বহুত বেছি আৰু এই বিধ্বস্ত মার্কিন সামৰিক ঘাটিবোৰ মেৰামতি কৰিবলৈ কেইবা বিলিয়ন ডলাৰৰ প্ৰয়োজন হ'ব।

ডিজিটেল ডেস্ক : যোৱা ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাই ইৰানত আক্ৰমণ কৰাৰ পাছৰে পৰা ইৰানী সেনাই মধ্য প্রাচ্যৰ দেশশমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিবোৰত প্রতিশোধকল্পে প্রত্যাক্রমণ চলাইছিল। আনহাতে, পূর্বতে প্ৰকাশ পোৱা বাতৰিৰ তুলনাত শেহতীয়াকৈ ইৰানে চলোৱা আক্রমণত মার্কিন সামৰিক ঘাটিবোৰ আৰু সা-সৰঞ্জাম, আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়। 


মার্কিন প্রশাসনৰ বিষয়াসকলে প্রকাশ কৰা মতে, এতিয়ালৈকে আমেৰিকাই ৰাজহুৱাকৈ প্ৰকাশ কৰাতকৈ এই ধ্বংসৰ পৰিসৰ বহুত বেছি আৰু এই বিধ্বস্ত মার্কিন সামৰিক ঘাটিবোৰ মেৰামতি কৰিবলৈ কেইবা বিলিয়ন ডলাৰৰ প্ৰয়োজন হ'ব। ইৰানী সেনাই মধ্য প্রাচ্যৰ কমেও সাতখন দেশত থকা মার্কিন সামৰিক ঘাটিবোৰৰ ষ্ট'ৰেজ ৱেৰহাউছ, কমাণ্ড চেণ্টাৰ, এয়াৰক্ৰাফ্ট হেংগাৰ আৰু ছেটেলাইট যোগাযোগ পদ্ধতিৰ ক্ষতিসাধন কৰিছিল। তদুপৰি, যুঁজাৰু বিমানৰ ৰানৱে', ৰাডাৰ ছিষ্টেম আৰু আনকি কেইবাখনো যুদ্ধ বিমানো বিধ্বস্ত কৰিছিল ইৰানী সেনাই। 


মার্কিন প্রতিৰক্ষা বিভাগে তেওঁলোকৰ সামৰিক ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা নাই। আনকি মধ্য প্রাচ্যৰ বাবে থকা মার্কিন চেন্ট্রেল কমাণ্ডেও এই বিষয়ত সম্পূর্ণ মুখ খোলা নাই। আমেৰিকাত ৰিপাব্লিকান সাংসদসকলে যুদ্ধৰ বিষয়ত তথ্য লুকুওৱাৰ বাবে ইতিমধ্যে ট্রাম্পৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। ইফালে, পেন্টাগনে প্ৰতিৰক্ষা বাজেটৰ বাবে ২০০ মিলিয়ন ডলাৰ বিচাৰি মার্কিন সংসদত আৱেদন কৰিছে। মার্কিন সংসদে ইতিমধ্যে ৮৩৮.৫ বিলিয়ন ডলাৰ প্ৰতিৰক্ষা বাজেটৰ বাবে অনুমোদন দিছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু