--°C
Loading...
Listen to Article
2 min read
80%
মানুহৰ মনত দুই ধৰণৰ চিন্তাধাৰাই বিৰাজ কৰে। সেয়া হ’ল ইতিবাচক চিন্তাধাৰা আৰু নেতিবাচক চিন্তাধাৰা। প্ৰতিজন মানুহৰ মাজতে ইতিবাচক আৰু নেতিবাচক ধ্যান-ধাৰণা বা চিন্তাধাৰা থকাটো স্বাভাৱিক। যিগৰাকী লোকে সকলোতে ইতিবাচক দিশ দেখা পায় বা তেওঁৰ যদি দৃষ্টিভংগী, ধ্যান-ধাৰণা ইতিবাচক হয় তেন্তে তেওঁ সমাজত ইতিবাচক ব্যক্তিৰূপে পৰিচিত হয় আৰু যদি সকলোবোৰ ইয়াৰ বিপৰীত হয় তেন্তে ব্যক্তিজনক মানুহে নেতিবাচক ব্যক্তি বুলি অভিহিত কৰে। ইতিবাচক চিন্তাধাৰাই মানুহক সদায় জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত শক্তিশালী হৈ থাকিবলৈ প্ৰেৰণা যোগায়। ইতিবাচক চিন্তাই মানুহৰ মনৰ শান্তিক বিঘ্নিত হ’বলৈ নিদিয়ে।  

এইখিনিতে এটা উক্তি মনত পৰিছে। ক’ৰবাত পঢ়িছিলোঁ.. ক’ত পঢ়িছিলো পাহৰিলোঁ কিন্তু কথাখিনি মনত ৰৈ গৈছিল। কথাখিনি আছিল এনেধৰণৰ- “দুজন মানুহে একেলগে এখন খিৰিকীৰে বাহিৰলৈ চালে। এজনে দেখিলে আকাশৰ তৰা...আনজনে দেখিলে জাবৰ-বোকা। অৰ্থাৎ সময় একেখিনিয়ে, পৰিস্থিতিও একেখিনিয়ে তাৰমাজতো এজনৰ দৃষ্টিয়ে আকাশৰ তৰাক গৈ ঢুকি পালে আৰু আৰু আনজনৰ দৃষ্টি জাবৰ-বোকাতে আৱদ্ধ থাকিল। প্ৰকৃততে ইতিবাচক বা নেতিবাচক –এই দুয়োটাই আমাৰ মনৰ নিজস্ব দৃষ্টিভংগী আৰু আপুনি আপোনাৰ জীৱনক কেনেদৰে গ্ৰহণ কৰে সেয়াও এই দৃষ্টিভংগীৰ ওপৰতে নিৰ্ভৰ কৰে। এজন ইতিবাচনক মনৰ মানুহে নিজৰ জন্মদিনত আৰু এক আয়ুস প্ৰদান কৰা বাবে ঈশ্বৰক ধন্যবাদ জনায় আৰু নেতিবাচক মনৰ মানুহে নিজৰ জন্মদিনত মৃত্যুলৈ আৰু এখোজ আগুৱালো বুলি দুখ প্ৰকাশ কৰে। 

দাৰ্শনিক উইলিয়াম মেকপীচ থেকাৰে কৈছিল “সংসাৰখন এখন দাপোণ, প্ৰতিজন লোকেই ইয়াত নিজৰ নিজৰ চেহেৰাৰ প্ৰতিফলন দেখিবলৈ পায়৷ ঘোপা চাৱনিৰে চালে সংসাৰেও তোমাক ঘোপা চাৱনিৰে চাব আৰু হাঁহি হাঁহি চালে দেখিবা সংসাৰখনেও তোমাক হাঁহি উভতাই দিছে।”

যিসকলে প্ৰতিকূল পৰিস্থিতিতো ইতিবাচক চিন্তা কৰে, তেওঁলোকৰ জীৱনৰ বহু সমস্যা কমি যায়। নেতিবাচক চিন্তাই আমাৰ জীৱন গধুৰ কৰি তুলিব পাৰে। সেইবাবেই মানুহ সদায় ইতিবাচক হোৱা উচিত। এই সন্দৰ্ভত এটা লোককথা আছে। আহকচোন জানো সেই লোককথাৰ কাহিনী।

এখন গাঁৱৰ এটা সৰু জুপুৰিত দুজন সাধু একেলগে বাস কৰিছিল। দুয়োজনে প্ৰতিদিনে পুৱা বেলেগ বেলেগ গাঁৱলৈ গৈ ভিক্ষা বিচাৰিছিল। সন্ধিয়া দুয়ো পুনৰ জুপুৰিলৈ উভতি আহিছিল। তেওঁলোকে ভগৱানৰ নাম জপ কৰি জীৱনটো কটাইছিল।

দুই সাধুৰ জীৱন দান-ভিক্ষাৰ পৰাই চলি আছিল। এদিন দুয়োজনে ভিক্ষা খুজিবলৈ বেলেগ বেলেগ গাঁৱলৈ গৈছিল। সন্ধিয়া গাঁৱলৈ উভতি আহি তেওঁলোকে গম পালে যে গাঁৱখনলৈ প্ৰচণ্ড ধুমুহা আহিছিল।

প্ৰথম সাধুজনে যেতিয়া তেওঁৰ জুপুৰিটোৰ ওচৰত উপস্থিত হ’ল, তেতিয়া তেওঁ দেখিলে যে ধুমুহাৰ বাবে জুপুৰিটোৰ আধা অংশ ভাঙি গৈছে। খং উঠি তেওঁ ভগৱানক গালি পাৰিবলৈ ধৰিলে। সাধুজনে ভাবিলে যে মই প্ৰতিদিনে ভগৱানৰ নাম জপ কৰো, মন্দিৰত পূজা কৰো তাৰপাছতো আমাৰ ঘৰটোৰ আধা অংশ ধুমুহাই ধ্বংস কৰি দিলে। আমি গোটেই দিনটো পূজা কৰোঁ, কিন্তু ঈশ্বৰে আমাৰ বাবে চিন্তা নকৰে।

কিছু সময়ৰ পাছত আনজন সাধুও তাত উপস্থিত হ’ল৷ আধা ভাঙি যোৱা জুপুৰিটোলৈ তেওঁ চালে। এটা কথা দেখি তেওঁ সুখী হৈ পৰিল। তেওঁ ঈশ্বৰক ধন্যবাদ দিবলৈ ধৰিলে। সাধুজনে ক'লে, "হে ভগৱান, আজি মই নিশ্চিত হৈছো যে আপুনি আমাক সঁচাকৈয়ে ভাল পায়। আমাৰ ভক্তি আৰু পূজা অথলে যোৱা নাই। ইমান প্ৰচণ্ড ধুমুহাতো আপুনি আমাৰ জুপুৰিটোৰ আধা অংশ ৰক্ষা কৰিলে। এতিয়া আমি এই জুপুৰিটোত জিৰণি ল’ব পাৰিম। গোটেইটো ভাঙি যোৱা হ’লে আমাৰ কিমান যে কষ্ট হলহেঁতেন। আজিৰ পৰা মোৰ বিশ্বাস আৰু বাঢ়িছে।"

এই কাহিনীটোৰ শিক্ষা হ’ল আমি প্ৰতিটো পৰিস্থিতিক ইতিবাচক মনোভাৱেৰে চাব লাগে। নেতিবাচক চিন্তাৰ বাবে মানসিক চাপ বাঢ়ি যায় আৰু আমি অস্থিৰ-অশান্ত হৈ উঠো। ইতিবাচক চিন্তাৰ শক্তি অপৰিসীম৷ ই জীৱনৰ এক অনুপম উপাদান। গতিকে আহক ইতিবাচক চিন্তাধাৰাক সাৰথি কৰি জীৱন বাটত আগুৱাই যাওঁ আৰু নিজৰ লগতে আনৰ জীৱনতো পোহৰৰ বীজ সিঁচি যাওঁ.....

কস্তুৰী বৰঠাকুৰ
১৬.১০.২০২২




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ