--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে কয় যে যি সময়ত চৰকাৰে দেশৰ স্বার্থক সকলোতকৈ ওপৰত স্থান দিছে, সেই সময়তে কিছু দলে নিজৰ স্বাৰ্থক অগ্রাধিকাৰ দিছে।

ডিজিটেল ডেস্ক: লোক সভাত মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভৰ বিধেয়কসমূহ গৃহীত কৰাত বিফল হোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ ওচৰত দুখ প্রকাশ কৰিছে। দেশৰ জনসাধাৰণক বিশেষকৈ নাৰীসকলক সম্বোধন কৰি শনিবাৰে নিশা প্রায় ৩০ মিনিট ভাষণ দি মোদীয়ে কয়, 'এই মহিলা সংৰক্ষণ বিধেয়কৰ বিফলতাৰ বাবে মই ক্ষমা বিচাৰিছোঁ।' 


প্রধানমন্ত্রীয়ে কয় যে যি সময়ত চৰকাৰে দেশৰ স্বার্থক সকলোতকৈ ওপৰত স্থান দিছে, সেই সময়তে কিছু দলে নিজৰ স্বাৰ্থক অগ্রাধিকাৰ দিছে। তেওঁ কয়, 'আমাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থ সর্বোচ্চ। কিন্তু যেতিয়া কিছু লোকৰ বাবে দলীয় স্বার্থ ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ ডাঙৰ হয়, তেতিয়া মহিলা সবলীকৰণ আৰু ৰাষ্ট্ৰই ইয়াৰ ফল ভোগ কৰে। এইবাৰো সেইটোৱেই ঘটিলে।' 'কংগ্রেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ দৰে দলৰ স্বাৰ্থপৰ ৰাজনীতিয়ে দেশৰ নাৰীসকলৰ বাবে ক্ষতি কৰিলে।' 


মোদীয়ে লগতে কয়, 'কালি দেশৰ কোটি কোটি মহিলাৰ চকু আছিল সংসদত। যেতিয়া মহিলাৰ কল্যাণৰ বাবে আগবঢ়োৱা এই বিধেয়ক গৃহীত নহ'ল, তেতিয়া সমাজবাদী পার্টি, কংগ্রেছ, তৃণমূল কংগ্ৰেছ আৰু ডি এম কেৰ সাংসদে ডেস্কত ঢকিওৱা দেখি মোৰো বৰ দুখ লাগিছিল।' তেওঁ কয়, 'তেওঁলোকে যি কৰিলে সেয়া কেৱল ডেস্কত ঢকিওৱা নহয়, ই আছিল মহিলাৰ আত্মসন্মানত আঘাত। মহিলাই বহু কথা পাহৰিব পাৰে, কিন্তু তেওঁলোকে কেতিয়াও অপমান নাপাহৰে।' 


উল্লেখযোগ্য যে লোক সভাত শুকুৰবাৰে মহিলা সংৰক্ষণৰ সৈতে সম্পর্ক থকা সংবিধান (১৩১ সংখ্যক সংশোধন) বিধেয়ক গৃহীত কৰাত চৰকাৰ বিফল হৈছিল। উক্ত বিধেয়কত লোক সভাৰ সাংসদৰ আসনৰ সংখ্যা ৫৪৩-ৰ পৰা ৮১৬লৈ বৃদ্ধি কৰা আৰু মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। প্রধানমন্ত্রী মোদীয়ে শনিবাৰে দিয়া ভাষণত আৰু কয়, 'আজি ভাৰতৰ প্ৰতিজন নাগৰিকে দেখিছে যে তেনেদৰে ভাৰতৰ নাৰী শক্তিৰ উৰণক বন্ধ কৰি দিয়া হ'ল। তেওঁলোকৰ সপোনক নির্দয়ভাবে চূর্ণ-বিচূর্ণ কৰা হ'ল।' প্রধানমন্ত্রী মোদীয়ে কয়, 'এই যুঁজ কেৱল এখন আইনৰ নহয়। তেওঁলোকৰ নেতিবাচকতা সদায়ে প্রকাশ পায়। দেশৰ ভগ্নী-কন্যাসকলে কংগ্ৰেছৰ মানসিকতাৰ কঠোৰ প্ৰত্যুত্তৰ দিব। কিছু লোকে মহিলাৰ সপোন ভঙাটো চৰকাৰৰ বিফলতা বুলি কৈছে। এয়া কৃতিত্বৰ কথা নাছিল। মই সংসদত কৈছিলোঁ যে আপোনালোকে ইয়াৰ কৃতিত্ব লওক। মই বিজ্ঞাপন প্ৰকাশ কৰি ইয়াৰ কতিত্ব আপোনালোকক দিম।


কিন্তু নাৰীক ৰক্ষণশীল মনোভাবেৰে চোৱাসকলে নিজৰ ভ্ৰান্ত ধাৰণাত খামোচ মাৰি ধৰি থাকিল।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'নাৰী শক্তি বন্দন (সংশোধন) বিধেয়কখন আমাৰ আন্তৰিকতাপূর্ণ প্রয়াস আছিল। ভাষণৰ শেষত মোদীয়ে ঘোষণা কৰে যে নাৰীৰ প্ৰতিনিধিত্বৰ শক্তিৰ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টা বন্ধ নহয়। এই আইন লোক সভাৰ নিৰ্বাচনত ৪০ বছৰ ধৰি আবদ্ধ হৈ থকা অধিকাৰ নাৰীক দিয়াৰ সংশোধন আছিল।


এই বিধেয়ক নতুন সুযোগ, নতুন উৰণ দিয়া, তেওঁলোকৰ সন্মুখৰ পৰা বাধাবোৰ আঁতৰোৱাৰ মহাযজ্ঞ আছিল। দেশৰ ৫০ শতাংশ অর্থাৎ জনসংখ্যাৰ আধাসংখ্যকক অধিকাৰ দিয়াৰ প্রচেষ্টা আছিল। এই বিধেয়ক সময়ৰ আহ্বান। ই উত্তৰ, দক্ষিণ, পূব, পশ্চিম সকলো ৰাজ্যৰে মহিলা শক্তিত সমান বৃদ্ধিৰ প্ৰয়াস আছিল। ৰাজ্যৰ জনসংখ্যা যিমানেই নহওক সকলোৰে সমান অনুপাতত শক্তি বৃদ্ধি কৰাৰ চেষ্টা আছিল। কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলবোৰে এই সৎ প্রচেষ্টাৰ ভ্রূণ হত্যা কৰিলে।' 


সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ ফলত কি সৰু কি ডাঙৰ, কোনো ৰাজ্যৰে ক্ষতি নহ'লহেঁতেন, সকলো ৰাজ্যৰে সমানুপাতিক প্রতিনিধি হ'লহেঁতেন, সৰু ৰাজ্যসমূহৰ শক্তি বৃদ্ধি পালেহেঁতেন। কিন্তু বিৰোধী দলবোৰে সেইটো হ'বলৈ নিদিলে। ভাষণটোত কংগ্রেছ, টি এম চি, ডি এম কে, সমাজবাদী পার্টিকে ধৰি বিৰোধী দলসমূহক পোনপটীয়াকৈ আক্রমণ কৰে মোদীয়ে। তেওঁ কয় যে কংগ্ৰেছ সদায়েই সংস্কাৰৰ বিৰোধী।


কংগ্ৰেছে এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা কৰে, দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰত বিৰোধিতা কৰে, কংগ্ৰেছে আনকি 'কা'ৰো বিৰোধিতা কৰে, নক্সাল মাওবাদীৰ হিংসা ৰোধৰ প্ৰচেষ্টাকো কংগ্ৰেছে প্রতিহত কৰাৰ চেষ্টা কৰিছিল, ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ তেওঁলোকে বিৰোধিতা কৰিছিল, কংগ্ৰেছৰ মাত্ৰ এটাই পথ- সংস্কাৰ আনিব খুজিলে তেওঁলোকে ভুল বার্তা বিয়পায়। তেওঁলোকে সদায় নেতিবাচক পথ গ্রহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে মহিলা সংৰক্ষণক ৰোধ কৰি বিৰোধীয়ে যি পাপ কৰিলে, তেওঁলোকে তাৰ শাস্তি নিশ্চয় পাব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ