--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে কয় যে যি সময়ত চৰকাৰে দেশৰ স্বার্থক সকলোতকৈ ওপৰত স্থান দিছে, সেই সময়তে কিছু দলে নিজৰ স্বাৰ্থক অগ্রাধিকাৰ দিছে।

ডিজিটেল ডেস্ক: লোক সভাত মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভৰ বিধেয়কসমূহ গৃহীত কৰাত বিফল হোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ ওচৰত দুখ প্রকাশ কৰিছে। দেশৰ জনসাধাৰণক বিশেষকৈ নাৰীসকলক সম্বোধন কৰি শনিবাৰে নিশা প্রায় ৩০ মিনিট ভাষণ দি মোদীয়ে কয়, 'এই মহিলা সংৰক্ষণ বিধেয়কৰ বিফলতাৰ বাবে মই ক্ষমা বিচাৰিছোঁ।' 


প্রধানমন্ত্রীয়ে কয় যে যি সময়ত চৰকাৰে দেশৰ স্বার্থক সকলোতকৈ ওপৰত স্থান দিছে, সেই সময়তে কিছু দলে নিজৰ স্বাৰ্থক অগ্রাধিকাৰ দিছে। তেওঁ কয়, 'আমাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থ সর্বোচ্চ। কিন্তু যেতিয়া কিছু লোকৰ বাবে দলীয় স্বার্থ ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ ডাঙৰ হয়, তেতিয়া মহিলা সবলীকৰণ আৰু ৰাষ্ট্ৰই ইয়াৰ ফল ভোগ কৰে। এইবাৰো সেইটোৱেই ঘটিলে।' 'কংগ্রেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ দৰে দলৰ স্বাৰ্থপৰ ৰাজনীতিয়ে দেশৰ নাৰীসকলৰ বাবে ক্ষতি কৰিলে।' 


মোদীয়ে লগতে কয়, 'কালি দেশৰ কোটি কোটি মহিলাৰ চকু আছিল সংসদত। যেতিয়া মহিলাৰ কল্যাণৰ বাবে আগবঢ়োৱা এই বিধেয়ক গৃহীত নহ'ল, তেতিয়া সমাজবাদী পার্টি, কংগ্রেছ, তৃণমূল কংগ্ৰেছ আৰু ডি এম কেৰ সাংসদে ডেস্কত ঢকিওৱা দেখি মোৰো বৰ দুখ লাগিছিল।' তেওঁ কয়, 'তেওঁলোকে যি কৰিলে সেয়া কেৱল ডেস্কত ঢকিওৱা নহয়, ই আছিল মহিলাৰ আত্মসন্মানত আঘাত। মহিলাই বহু কথা পাহৰিব পাৰে, কিন্তু তেওঁলোকে কেতিয়াও অপমান নাপাহৰে।' 


উল্লেখযোগ্য যে লোক সভাত শুকুৰবাৰে মহিলা সংৰক্ষণৰ সৈতে সম্পর্ক থকা সংবিধান (১৩১ সংখ্যক সংশোধন) বিধেয়ক গৃহীত কৰাত চৰকাৰ বিফল হৈছিল। উক্ত বিধেয়কত লোক সভাৰ সাংসদৰ আসনৰ সংখ্যা ৫৪৩-ৰ পৰা ৮১৬লৈ বৃদ্ধি কৰা আৰু মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। প্রধানমন্ত্রী মোদীয়ে শনিবাৰে দিয়া ভাষণত আৰু কয়, 'আজি ভাৰতৰ প্ৰতিজন নাগৰিকে দেখিছে যে তেনেদৰে ভাৰতৰ নাৰী শক্তিৰ উৰণক বন্ধ কৰি দিয়া হ'ল। তেওঁলোকৰ সপোনক নির্দয়ভাবে চূর্ণ-বিচূর্ণ কৰা হ'ল।' প্রধানমন্ত্রী মোদীয়ে কয়, 'এই যুঁজ কেৱল এখন আইনৰ নহয়। তেওঁলোকৰ নেতিবাচকতা সদায়ে প্রকাশ পায়। দেশৰ ভগ্নী-কন্যাসকলে কংগ্ৰেছৰ মানসিকতাৰ কঠোৰ প্ৰত্যুত্তৰ দিব। কিছু লোকে মহিলাৰ সপোন ভঙাটো চৰকাৰৰ বিফলতা বুলি কৈছে। এয়া কৃতিত্বৰ কথা নাছিল। মই সংসদত কৈছিলোঁ যে আপোনালোকে ইয়াৰ কৃতিত্ব লওক। মই বিজ্ঞাপন প্ৰকাশ কৰি ইয়াৰ কতিত্ব আপোনালোকক দিম।


কিন্তু নাৰীক ৰক্ষণশীল মনোভাবেৰে চোৱাসকলে নিজৰ ভ্ৰান্ত ধাৰণাত খামোচ মাৰি ধৰি থাকিল।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'নাৰী শক্তি বন্দন (সংশোধন) বিধেয়কখন আমাৰ আন্তৰিকতাপূর্ণ প্রয়াস আছিল। ভাষণৰ শেষত মোদীয়ে ঘোষণা কৰে যে নাৰীৰ প্ৰতিনিধিত্বৰ শক্তিৰ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টা বন্ধ নহয়। এই আইন লোক সভাৰ নিৰ্বাচনত ৪০ বছৰ ধৰি আবদ্ধ হৈ থকা অধিকাৰ নাৰীক দিয়াৰ সংশোধন আছিল।


এই বিধেয়ক নতুন সুযোগ, নতুন উৰণ দিয়া, তেওঁলোকৰ সন্মুখৰ পৰা বাধাবোৰ আঁতৰোৱাৰ মহাযজ্ঞ আছিল। দেশৰ ৫০ শতাংশ অর্থাৎ জনসংখ্যাৰ আধাসংখ্যকক অধিকাৰ দিয়াৰ প্রচেষ্টা আছিল। এই বিধেয়ক সময়ৰ আহ্বান। ই উত্তৰ, দক্ষিণ, পূব, পশ্চিম সকলো ৰাজ্যৰে মহিলা শক্তিত সমান বৃদ্ধিৰ প্ৰয়াস আছিল। ৰাজ্যৰ জনসংখ্যা যিমানেই নহওক সকলোৰে সমান অনুপাতত শক্তি বৃদ্ধি কৰাৰ চেষ্টা আছিল। কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলবোৰে এই সৎ প্রচেষ্টাৰ ভ্রূণ হত্যা কৰিলে।' 


সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ ফলত কি সৰু কি ডাঙৰ, কোনো ৰাজ্যৰে ক্ষতি নহ'লহেঁতেন, সকলো ৰাজ্যৰে সমানুপাতিক প্রতিনিধি হ'লহেঁতেন, সৰু ৰাজ্যসমূহৰ শক্তি বৃদ্ধি পালেহেঁতেন। কিন্তু বিৰোধী দলবোৰে সেইটো হ'বলৈ নিদিলে। ভাষণটোত কংগ্রেছ, টি এম চি, ডি এম কে, সমাজবাদী পার্টিকে ধৰি বিৰোধী দলসমূহক পোনপটীয়াকৈ আক্রমণ কৰে মোদীয়ে। তেওঁ কয় যে কংগ্ৰেছ সদায়েই সংস্কাৰৰ বিৰোধী।


কংগ্ৰেছে এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা কৰে, দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰত বিৰোধিতা কৰে, কংগ্ৰেছে আনকি 'কা'ৰো বিৰোধিতা কৰে, নক্সাল মাওবাদীৰ হিংসা ৰোধৰ প্ৰচেষ্টাকো কংগ্ৰেছে প্রতিহত কৰাৰ চেষ্টা কৰিছিল, ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ তেওঁলোকে বিৰোধিতা কৰিছিল, কংগ্ৰেছৰ মাত্ৰ এটাই পথ- সংস্কাৰ আনিব খুজিলে তেওঁলোকে ভুল বার্তা বিয়পায়। তেওঁলোকে সদায় নেতিবাচক পথ গ্রহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে মহিলা সংৰক্ষণক ৰোধ কৰি বিৰোধীয়ে যি পাপ কৰিলে, তেওঁলোকে তাৰ শাস্তি নিশ্চয় পাব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু