--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশে প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। বি ভি নাগৰত্না দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব। ২০২৭ চনত তেওঁ এই দায়িত্বত ন্যস্ত হ’ব। উচ্চতম ন্যায়ালয় ক’লাজিয়ামে দেশৰ শীৰ্ষ ন্যায়িক পদবীৰ বাবে ৯গৰাকী ন্যায়াধীশৰ নাম প্ৰস্তাৱ কৰিছে। এই ক’লাজিয়ামে সম্প্ৰতি কৰ্ণাটক উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশ বি ভি নাগৰত্নাৰ নামো অনুমোদন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ শীৰ্ষ পদবীলৈ।

তেওঁ ২০০৮চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু তাৰ দুবছৰ পাছত তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। তেওঁ অৱশ্যে মাহজোৰা কাৰ্যকালৰ বাবেহে নিযুক্ত হোৱাৰ সম্ভাৱনা আছে। দেশৰ ন্যায়িক ব্যৱস্থাত তেওঁৰ নিযুক্তি এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হ’ব।

উল্লেখ্য যে, তেওঁৰ পিতৃ ই এছ ভেংকটাৰামাইয়াও দেশৰ মুখ্য ন্যায়াধীশৰ পদবীত অধিষ্ঠিত হৈছিল। ১৯৮৯ চনৰ জুন মাহৰ পৰা সেই বছৰৰ ডিচেম্বৰ মাহলৈ তেওঁ এই পদত নিযুক্ত হৈ আছিল। ন্যায়াধীশ হিমা কোহী আৰু ন্যায়াধীশ বেলা ত্ৰিবেদী এই অনুমোদিত তালিকাত থকা আন দুগৰাকী মহিলা ন্যায়াধীশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ