--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনেকৈয়ে সলনি হয় সময়। যোৱা বছৰ বিৰাট কোহলীৰ নেতৃত্বত  ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত ২-১ ৰ ব্যৱধানত আগুৱাই গৈছিল ভাৰত। কিন্তু মাত্ৰ কেইমাহমানৰ ভিতৰতে সলনি হৈছে ভাৰতীয় ক্ৰিকেটৰ সামগ্ৰিক প্ৰেক্ষাপট।  বিৰাটে অধিনায়ক পদ ত্যাগৰ লগে লগে মুখ্য প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীৰ যুগৰো অন্ত পৰিছিল। এতিয়া ভাৰতীয় দলটোৰ মূল সাহসৰ কেন্দ্ৰবিন্দু হৈছে ৰাহুল দ্ৰাবিড় আৰু ৰোহিত শৰ্মা। 
 
তথাপি, অদম্য, অনিৰুদ্ধ বিৰাট কোহলী। ইংলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচৰ প্ৰাকমুহূৰ্তত সতীৰ্থসকলক দিয়া উপদেশৰ ভিডিঅ’ৰ কিয়দাংশ ইতিমধ্যে টুইটাৰত শ্বেয়াৰ কৰা হৈছে।

উল্লেখ্য যে, ২৩ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব ভাৰতে। শেহতীয়াকৈ কৰ’না পৰা আৰোগ্য লাভ কৰাৰ পিছত ভাৰতীয় দলৰ পৰিচালনা সমিতিয়ে তেওঁক দলত ল’ব নে নাই সেয়া সময়েহে ক’ব৷ কিন্তু নিজৰ দায়িত্বৰ প্ৰতি সচেতন বিৰাট। গতিকে, মেচৰ পূৰ্বে প্ৰাক্তন অধিনায়কগৰাকীয়ে সকলোৰে সৈতে নিজৰ অভিজ্ঞতাৰ ভাগ কৰা দেখা গ’ল।

কিছুদিন পূৰ্বে ক’ভিডক আক্ৰান্ত হোৱা বিৰাটক শেহতীয়া  ভিডিঅ’টোত তেওঁৰ পুৰণি আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে।ৰাহুল দ্ৰাবিড়ো সেই সময়ত বিৰাটৰ কাষত থিয় হৈ থকা দেখা গৈছে।ইফালে বিগত বৰ্ষৰ ইংলেণ্ড ভ্ৰমণত ভাল প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলেও কেহলীৰ নেতৃত্বতে ভাৰতে ২-১ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। এইবাৰ অৱশ্যে তেওঁ অধিনায়ক নহয়। অৱশ্যে, ছিৰিজ জয়ৰ লগতে কিং কোহলীয়ে এই মেচখনতে ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিৰাটৰ বেটৰ পৰা ৪০ ৰান আহিলেই টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে ২০০০ ৰান সম্পূৰ্ণ হ’ব কোহলীৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু