--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনেকৈয়ে সলনি হয় সময়। যোৱা বছৰ বিৰাট কোহলীৰ নেতৃত্বত  ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত ২-১ ৰ ব্যৱধানত আগুৱাই গৈছিল ভাৰত। কিন্তু মাত্ৰ কেইমাহমানৰ ভিতৰতে সলনি হৈছে ভাৰতীয় ক্ৰিকেটৰ সামগ্ৰিক প্ৰেক্ষাপট।  বিৰাটে অধিনায়ক পদ ত্যাগৰ লগে লগে মুখ্য প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীৰ যুগৰো অন্ত পৰিছিল। এতিয়া ভাৰতীয় দলটোৰ মূল সাহসৰ কেন্দ্ৰবিন্দু হৈছে ৰাহুল দ্ৰাবিড় আৰু ৰোহিত শৰ্মা। 
 
তথাপি, অদম্য, অনিৰুদ্ধ বিৰাট কোহলী। ইংলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচৰ প্ৰাকমুহূৰ্তত সতীৰ্থসকলক দিয়া উপদেশৰ ভিডিঅ’ৰ কিয়দাংশ ইতিমধ্যে টুইটাৰত শ্বেয়াৰ কৰা হৈছে।

উল্লেখ্য যে, ২৩ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব ভাৰতে। শেহতীয়াকৈ কৰ’না পৰা আৰোগ্য লাভ কৰাৰ পিছত ভাৰতীয় দলৰ পৰিচালনা সমিতিয়ে তেওঁক দলত ল’ব নে নাই সেয়া সময়েহে ক’ব৷ কিন্তু নিজৰ দায়িত্বৰ প্ৰতি সচেতন বিৰাট। গতিকে, মেচৰ পূৰ্বে প্ৰাক্তন অধিনায়কগৰাকীয়ে সকলোৰে সৈতে নিজৰ অভিজ্ঞতাৰ ভাগ কৰা দেখা গ’ল।

কিছুদিন পূৰ্বে ক’ভিডক আক্ৰান্ত হোৱা বিৰাটক শেহতীয়া  ভিডিঅ’টোত তেওঁৰ পুৰণি আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে।ৰাহুল দ্ৰাবিড়ো সেই সময়ত বিৰাটৰ কাষত থিয় হৈ থকা দেখা গৈছে।ইফালে বিগত বৰ্ষৰ ইংলেণ্ড ভ্ৰমণত ভাল প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলেও কেহলীৰ নেতৃত্বতে ভাৰতে ২-১ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। এইবাৰ অৱশ্যে তেওঁ অধিনায়ক নহয়। অৱশ্যে, ছিৰিজ জয়ৰ লগতে কিং কোহলীয়ে এই মেচখনতে ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিৰাটৰ বেটৰ পৰা ৪০ ৰান আহিলেই টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে ২০০০ ৰান সম্পূৰ্ণ হ’ব কোহলীৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ