--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবল বিশ্বকাপ, অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছৰ দৰে মেগা ইভেণ্টবোৰে সদায় এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাধিক ফুটবলাৰ, খেলুৱৈ, প্ৰশিক্ষক, প্ৰশিক্ষক কৰ্মচাৰীৰ উপৰি অগণন সমৰ্থক আহি উপস্থিত হয় এনে আড়ম্বৰপূৰ্ণ ইভেণ্টবোৰত। ফলত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। সেই উৎসৱৰ অন্যতম অংগ হৈছে উদ্দাম পাৰ্টী, নাইট লাইফ, যৌন জীৱন। কিন্তু আগন্তুক কাটাৰ বিশ্বকাপত জীৱনটো এনেদৰে উপভোগ কৰিব নোৱাৰিব। কাৰণ, অতি ৰক্ষণশীল কাটাৰ প্ৰশাসনে এই ক্ষেত্ৰত জাৰি কৰিছে এক স্পষ্ট নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি সকলো ধৰণৰ পাৰ্টী নিষিদ্ধ কৰাৰ লগতে বিবাহ বহিৰ্ভূত যৌন কাৰ্যত লিপ্ত হ’লে সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ’ব বুলি প্ৰকাশ পাইছে।

কাটাৰ প্ৰশাসনৰ শেহতীয়া পদক্ষেপে উদ্বিগ্ন কৰি তুলিছে  ইউৰোপ আৰু লেটিন আমেৰিকাৰ ফুটবল অনুৰাগীসকলক।সাধাৰণতে খেলৰ লগতে পাৰ্টী কৰা তথা সামাজিকভাৱে মিলিত হোৱা এনেবোৰ দেশৰ নাগৰিকৰ বাবে তেনেই সাধাৰণ কথা।  ইউৰোপ বা আমেৰিকাত ক্ৰীড়াৰ এয়া এক অন্যতম বৈশিষ্ট্য দিচাপে বিবেচিত হৈ আহিছে। কিন্তু আগন্তুক কাটাৰ বিশ্বকাপত এই সকলোবোৰ কথাত অধিক সাৱধান হ’ব লাগিব ক্ৰীড়াপ্ৰেমীসকল। ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া কাটাৰ বিশ্বকাপত এই বিষয়সমূহ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।

কাটাৰৰ ৰাষ্ট্ৰীয় আইন অনুসৰি, বিশ্বকাপ খেল উপভোগ কৰাৰ সময়ত যিকোনো ব্যক্তিয়ে বিবাহ বহিৰ্ভূত যৌন কাৰ্যত লিপ্ত হ’লে ৭ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব বুলি জনাইছে। সুৰা পাৰ্টীৰ সন্দৰ্ভত দেশৰ আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে বুলি জানিবলৈ পোৱা গৈছে। অৰ্থাৎ যদি স্বামী-স্ত্ৰী হিচাপে কাটাৰলৈ নাহে, তেন্তে তেওঁলোকৰ বাবে শাৰীৰিক সংস্পৰ্শ নিষিদ্ধ।

আনকি ‘ৱান নাইট ষ্টেণ্ড’, ধনৰ বিনিময়ৰ যৌনতা সম্পৰ্ক সম্পূৰ্ণৰূপে নিষিদ্ধ। ইফালে কাটাৰত নিষিদ্ধ কৰা হৈছে সমকামিতা।  বিশ্বকাপত সমকামী বা কিন্নৰসকলক আদৰিবলৈও ইচ্ছুক নহয় কাটাৰ প্ৰশাসন ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু