--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবল বিশ্বকাপ, অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছৰ দৰে মেগা ইভেণ্টবোৰে সদায় এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাধিক ফুটবলাৰ, খেলুৱৈ, প্ৰশিক্ষক, প্ৰশিক্ষক কৰ্মচাৰীৰ উপৰি অগণন সমৰ্থক আহি উপস্থিত হয় এনে আড়ম্বৰপূৰ্ণ ইভেণ্টবোৰত। ফলত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। সেই উৎসৱৰ অন্যতম অংগ হৈছে উদ্দাম পাৰ্টী, নাইট লাইফ, যৌন জীৱন। কিন্তু আগন্তুক কাটাৰ বিশ্বকাপত জীৱনটো এনেদৰে উপভোগ কৰিব নোৱাৰিব। কাৰণ, অতি ৰক্ষণশীল কাটাৰ প্ৰশাসনে এই ক্ষেত্ৰত জাৰি কৰিছে এক স্পষ্ট নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি সকলো ধৰণৰ পাৰ্টী নিষিদ্ধ কৰাৰ লগতে বিবাহ বহিৰ্ভূত যৌন কাৰ্যত লিপ্ত হ’লে সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ’ব বুলি প্ৰকাশ পাইছে।

কাটাৰ প্ৰশাসনৰ শেহতীয়া পদক্ষেপে উদ্বিগ্ন কৰি তুলিছে  ইউৰোপ আৰু লেটিন আমেৰিকাৰ ফুটবল অনুৰাগীসকলক।সাধাৰণতে খেলৰ লগতে পাৰ্টী কৰা তথা সামাজিকভাৱে মিলিত হোৱা এনেবোৰ দেশৰ নাগৰিকৰ বাবে তেনেই সাধাৰণ কথা।  ইউৰোপ বা আমেৰিকাত ক্ৰীড়াৰ এয়া এক অন্যতম বৈশিষ্ট্য দিচাপে বিবেচিত হৈ আহিছে। কিন্তু আগন্তুক কাটাৰ বিশ্বকাপত এই সকলোবোৰ কথাত অধিক সাৱধান হ’ব লাগিব ক্ৰীড়াপ্ৰেমীসকল। ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া কাটাৰ বিশ্বকাপত এই বিষয়সমূহ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।

কাটাৰৰ ৰাষ্ট্ৰীয় আইন অনুসৰি, বিশ্বকাপ খেল উপভোগ কৰাৰ সময়ত যিকোনো ব্যক্তিয়ে বিবাহ বহিৰ্ভূত যৌন কাৰ্যত লিপ্ত হ’লে ৭ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব বুলি জনাইছে। সুৰা পাৰ্টীৰ সন্দৰ্ভত দেশৰ আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে বুলি জানিবলৈ পোৱা গৈছে। অৰ্থাৎ যদি স্বামী-স্ত্ৰী হিচাপে কাটাৰলৈ নাহে, তেন্তে তেওঁলোকৰ বাবে শাৰীৰিক সংস্পৰ্শ নিষিদ্ধ।

আনকি ‘ৱান নাইট ষ্টেণ্ড’, ধনৰ বিনিময়ৰ যৌনতা সম্পৰ্ক সম্পূৰ্ণৰূপে নিষিদ্ধ। ইফালে কাটাৰত নিষিদ্ধ কৰা হৈছে সমকামিতা।  বিশ্বকাপত সমকামী বা কিন্নৰসকলক আদৰিবলৈও ইচ্ছুক নহয় কাটাৰ প্ৰশাসন ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ