--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীত জীৱনৰ সঞ্জীৱনী সুধা। সমগ্ৰ বিশ্বতে সংগীতৰ এক সুকীয়া স্থান আছে ৷ সংগীতৰ আলোড়িত ধ্বনিয়ে যাদুকৰী শক্তিৰে মানৱ হৃদয়ত বিভিন্ন অনুভূতিৰ সৃষ্টি কৰাৰ লগতে মন মগজুতো বিশেষভাৱে প্ৰভাৱ পেলায়।ইয়াৰ মাজতেই আজি এই প্ৰতিবেদনত আমি আলোচনা কৰিম ২০২৪ চনত জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেশৰ কেইবাটাও গীতৰ বিষয়ে ৷ এই বৰ্ষত ইউটিউবটো এই গীত সমূহে বিপুল সঁহাৰি লাভ কৰিছে ৷এই গীত সমূহ হয়তো আপুনি দিনটোত এবাৰ হ’লেও শুনিছে ৷ 

২০২৪ত দেশৰ প্ৰান্তে প্ৰান্তে জনপ্ৰিয় হোৱা গীতসমূহ নো কি কি ?

১)আজ কী ৰাত

এই বৰ্ষত ষ্ট্ৰী ছবিখনৰ আজ কী ৰাত গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হয় ৷২০২৪ৰ সকলো পাৰ্টি, অনুষ্ঠানত এই গীতটি শুনিবলৈ পোৱা গৈছিল ৷ মধুবন্তী বাক্সি, দিব্য কুমাৰৰ কন্ঠ তথা শচীন জিগাৰৰ সংগীত পৰিচালনাৰ এই গীতটিয়ে ইউটিউবত এতিয়ালৈকে ৬৯৬ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷
তামান্না ভাটিয়া, ৰাজকুমাৰ ৰাওৰ অভিনয় গীতটিত দেখিবলৈ পোৱা গৈছিল ৷ 

২)লাল তহ তহ

২০২৪ চনত ওড়িয়া ভাষাৰ গীতৰ ভিতৰত লাল তহ তহ নামৰ গীতটিয়ে বিশেষ জনপ্ৰিয়তা লাভ কৰে ৷ মন্টু ছুৰিয়া, অসীমা পাণ্ডাৰ কণ্ঠ, বাবুচানে অভিনয় কৰা এই গীতটিয়ে ইউটিউবত ১৮ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷


৩)প্ৰাণদ্বীপৰ যুদ্ধ

অসমৰ সকলোকে নাচিবলৈ বাধ্য কৰোৱা এটি অসমীয়া গীত হৈছে যুদ্ধ ৷ প্ৰাণদ্বীপ আৰু ৰিদিপ্তা শৰ্মাৰ কণ্ঠত এই গীতটি সকলোৰে প্ৰিয় ৷ কথা শোণিত গগৈৰ আৰু বিজয় শংকৰৰ সংগীত ৷ গীতটিত অভিনয় কৰিছে ত্ৰিদ্বীপ লাহন, চুমকী কছাৰী, নিৰুপম শইকীয়া, শিল্পীশিখা বৰাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত ২৯ মিলিয়ন দৰ্শক অতিক্ৰম কৰিছে ৷

৪)বাও লাগিব

সকলোৰে মুখে মুখে থকা এই বৰ্ষৰ এটি গীত ‘বাও লাগিব’ ৷ গীতটিত কণ্ঠদান কৰিছে নীলাভ নীতাই ৷ কথা আৰু সুৰ দেৱজিৎ বৰাৰ ৷ গীতটিৰ সংগীত প্ৰনয় দত্তৰ ৷ গীতটিত অভিনয় কৰিছে নীল তামূলী আৰু নীলাভ নীতাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত ১৫ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷



৫)আচা কুড়া

সাই অভ্যংকৰ আৰু সাই স্মৃতিৰ আচা কুড়া নামৰ তামিল গীতটিয়ে এই বৰ্ষত খুবেই জনপ্ৰিয় হৈছিল ৷ ইনষ্টাগ্ৰাম ৰীলৰ পৰা আদি কৰি সামাজিক মাধ্যমতো যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল এই গীতটিয়ে ৷ ইউটিউবতো এতিয়ালৈকে এই গীতটিয়ে ১৮২ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

৬)কুৰ্চী মাথাপেট্টী

গুন্টুৰ কৰম ছবিৰ এই তেলুগু গীতটি ২০২৪ বৰ্ষত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ মহেশ বাবু, শ্ৰীলীলাৰ অভিনয় আৰু সাহিথি চাগন্তি আৰু শ্ৰী কৃষ্ণই কণ্ঠদান কৰা এই গীতটিয়ে ইউটিউবতো এতিয়ালৈকে ৫১৯ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

৭)হিঠালাকা কৰিব্যাদা মাৱা

কৰাটাকা দামানাকা ছবিৰ এই কানাড়া গীতটি এইবৰ্ষত খুবেই জনপ্ৰিয় হৈছিল ৷ শ্ৰুতি প্ৰহ্লাদা আৰু মালু নিপানালে কণ্ঠদান কৰা তথা জনপ্ৰিয় অভিনেতা তথা কৰিঅ’গ্ৰাফাৰ প্ৰভু দেৱাই অভিনয় কৰা এই গীতটিয়ে এতিয়ালৈকে ইউটিউবত ৮২ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

৮)খালাচী

এই গীতটি মুক্তিলাভ কৰিছিল ২০২৩ চনত কিন্তু এই বৰ্ষতহে এই গুজৰাটী গীতটিয়ে জনপ্ৰিয়তা লাভ কৰে ৷ ৰীলছ, সামাজিক মাধ্যমত সকলোতে ভাইৰেল হৈছিল গীতটি ৷ ক’ক ষ্টুডিঅ’ৰ এই গীতটিত কণ্ঠদান কৰিছে আদিত্য গাধৱী আৰু অচিন্তই আৰু এই গীতটিয়ে এতিয়ালৈকে ইউটিউবত ১৫১ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

৯)গুলাবী শাৰী

সঞ্জু ৰাথোৰৰ এই মাৰাঠী গীতটি এইবৰ্ষত খুবেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে ৷ সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈছিল এই গীতটি ৷ মহাৰাষ্ট্ৰৰ লগতে দেশৰ ভিন্ন প্ৰান্তত এই গীতটি এতিয়াও সকলোৰে মুখে মুখে ৷ সম্প্ৰতি এই গীতটিয়ে ইউটিউবত ৩৩১ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

১০)ইল্লুমিনাটি

মালায়ালম ছবিজগতে সুন্দৰ ছবিৰ লগতে সুন্দৰ সুন্দৰ গীতো উপহাৰ দিছে৷ আবেশম ছবিৰ ইল্লুমিনাটি গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল এই বৰ্ষত ৷ ডেবজীয়ে কণ্ঠদান কৰা এই গীতটিয়ে ইউটিউবত এতিয়ালৈকে ২৪০ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement