--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইভিএম নহয় বেলট পেপাৰত কৰা হওক নিৰ্বাচন৷এই দাবী উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে নতুন শ্লোগান — ‘ইভিএম হটাও বেলট পেপাৰ ৱাপছ লাৱ’ — উদ্ভাৱন কৰি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিগত উন্নতিৰ যুগত যেতিয়া প্ৰৱঞ্চনা আৰু কেলেংকাৰী শিখৰত উপনীত হয়, তেতিয়া ইভিএমৰ ন্যায্যতা নিশ্চিত কৰিব নোৱাৰি।

মাইক্ৰ’ব্লগিং ৱেবছাইট এক্সত দিয়া এটা পোষ্টত অখিলেশে কয় যে-‘ইভিএমৰ কাম-কাজ সন্দৰ্ভত জনমানসত সন্দেহৰ সৃষ্টি হোৱাৰ বাবে দেশৰ গণতন্ত্ৰ দুৰ্বল হৈ পৰিছে। গণতন্ত্ৰৰ প্ৰতি বিশ্বাস পুনৰ ঘূৰাই আনিবলৈ বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন কৰাটো প্ৰয়োজনীয়। প্ৰযুক্তিৰ জৰিয়তে প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ খবৰবোৰ সাধাৰণ হৈ পৰিছে, তেন্তে ইভিএম সন্দেহৰ বৃত্তৰ বাহিৰত কেনেকৈ হ’ব পাৰে?

যাদৱে কয় যে দেশত ইভিএম সন্দৰ্ভত গণভোট অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে।গণতন্ত্ৰত মানুহৰ কেৱল চৰকাৰ বাছনি কৰাৰ অধিকাৰেই নহয়, বাছনিৰ পদ্ধতি আৰু উপায় বাছি লোৱাৰো অধিকাৰ আছে। এই ভিত্তিতে বিশ্বৰ উন্নত দেশসমূহে পুনৰ ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে। বেলট পেপাৰ নিৰ্বাচনৰ প্ৰামাণ্যতাৰ এক শক্তিশালী প্ৰমাণ।

ইভিএম সলনি কৰাৰ দাবীত ইতিমধ্যে সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত হৰ্ডিং আৰু বেনাৰ লগাইছে। বিজেপিয়ে অৱশ্যে ইয়াক “সস্তীয়া প্ৰচাৰৰ ষ্টাণ্ট” বুলি অভিহিত কৰে।

শেহতীয়াকৈ ৫  ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয় পঞ্জীয়ন কৰাৰ পাছতে ইভিএম বিতৰ্কৰ সূচনা হৈছিল। ইয়াৰ পাছতে কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

ইপিনে বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মায়াৱতীয়ে ১০ ডিচেম্বৰত দলীয় কৰ্মীসকলৰ সৈতে ৰাষ্ট্ৰীয় বৈঠকত ভাষণ দিওঁতে ইভিএমৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক