--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইভিএম নহয় বেলট পেপাৰত কৰা হওক নিৰ্বাচন৷এই দাবী উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে নতুন শ্লোগান — ‘ইভিএম হটাও বেলট পেপাৰ ৱাপছ লাৱ’ — উদ্ভাৱন কৰি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিগত উন্নতিৰ যুগত যেতিয়া প্ৰৱঞ্চনা আৰু কেলেংকাৰী শিখৰত উপনীত হয়, তেতিয়া ইভিএমৰ ন্যায্যতা নিশ্চিত কৰিব নোৱাৰি।

মাইক্ৰ’ব্লগিং ৱেবছাইট এক্সত দিয়া এটা পোষ্টত অখিলেশে কয় যে-‘ইভিএমৰ কাম-কাজ সন্দৰ্ভত জনমানসত সন্দেহৰ সৃষ্টি হোৱাৰ বাবে দেশৰ গণতন্ত্ৰ দুৰ্বল হৈ পৰিছে। গণতন্ত্ৰৰ প্ৰতি বিশ্বাস পুনৰ ঘূৰাই আনিবলৈ বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন কৰাটো প্ৰয়োজনীয়। প্ৰযুক্তিৰ জৰিয়তে প্ৰৱঞ্চনা আৰু কেলেংকাৰীৰ খবৰবোৰ সাধাৰণ হৈ পৰিছে, তেন্তে ইভিএম সন্দেহৰ বৃত্তৰ বাহিৰত কেনেকৈ হ’ব পাৰে?

যাদৱে কয় যে দেশত ইভিএম সন্দৰ্ভত গণভোট অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে।গণতন্ত্ৰত মানুহৰ কেৱল চৰকাৰ বাছনি কৰাৰ অধিকাৰেই নহয়, বাছনিৰ পদ্ধতি আৰু উপায় বাছি লোৱাৰো অধিকাৰ আছে। এই ভিত্তিতে বিশ্বৰ উন্নত দেশসমূহে পুনৰ ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে। বেলট পেপাৰ নিৰ্বাচনৰ প্ৰামাণ্যতাৰ এক শক্তিশালী প্ৰমাণ।

ইভিএম সলনি কৰাৰ দাবীত ইতিমধ্যে সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত হৰ্ডিং আৰু বেনাৰ লগাইছে। বিজেপিয়ে অৱশ্যে ইয়াক “সস্তীয়া প্ৰচাৰৰ ষ্টাণ্ট” বুলি অভিহিত কৰে।

শেহতীয়াকৈ ৫  ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয় পঞ্জীয়ন কৰাৰ পাছতে ইভিএম বিতৰ্কৰ সূচনা হৈছিল। ইয়াৰ পাছতে কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

ইপিনে বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মায়াৱতীয়ে ১০ ডিচেম্বৰত দলীয় কৰ্মীসকলৰ সৈতে ৰাষ্ট্ৰীয় বৈঠকত ভাষণ দিওঁতে ইভিএমৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু