--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জালুক এবিধ অনন্য ঔষধি গুণেৰে ভৰপূৰ লতাজাতীয় গছ। সেয়েহে এই গছে আন গছৰ সহায়তহে বগাই ওপৰলৈ উঠি যায়। জালুক গছৰ সেউজীয়া বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোলাকাৰ গুটিবোৰ পুৰঠ হ’লে ক’লা বৰণৰ হয়। গছত থোপাথোপে লগা গুটিবিলাক জ্বলা। জালুকৰ বৈজ্ঞানিক নাম ‘পিপাৰ্ নাই গ্ৰাম’। সমগ্ৰ ভাৰতবৰ্ষতে মানুহে মছলা হিচাপে বিভিন্ন ব্যঞ্জনৰ লগত ইয়াক ব্যৱহাৰ কৰে। কাৰণ জালুকৰ আছে মানুহৰ ৰোগ নিৰাময়ৰ অনেক ঔষধি গুণ। উল্লেখযোগ্য যে জালুক এবিধ গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক। ইয়াক ভাজি, দাইল, চালাড সকলোতে ব্যৱহাৰ কৰা হয়। জালুক ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰিও ই এক অন্যতম মছলা। 

ৰান্ধনী ঘৰৰ বহুধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে জালুকৰ ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাছ, মাংস, কণীৰ জোল আদি ব্যঞ্জনত জালুকৰ ব্যৱহাৰে সুকীয়া সোৱাদ আনে। জালুকীয়া কচু আঞ্জাৰ সোৱাদ কি যে সুন্দৰ। তদুপৰি জালুক দিয়া চাহ খালে ডিঙিৰ খছ–খছনি, পানীলগা, কাঁহ, চৰ্দি আদি সমস্যা নিৰাময় কৰে। জালুক দিয়া চাহ খাবলৈ বৰ ভাল। আনহাতে জালুকীয়া মাংসৰ জোলকণৰ সোৱাদ অসমীয়া সমাজত কিমান জনপ্ৰিয় সেয়া সকলোৱে জানে। অসমীয়া মানুহে জ্বৰ উঠিলে বা চৰ্দি লাগিলে সাধাৰণতে জালুকীয়া মাংস খায়েই উপশম পায়। জালুকত থকা ভিটামিন A, ভিটামিন C, কেৰ‘টিন, এণ্টি অক্সিডেণ্ট আদি উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। যাৰ বাবে কৰ্কটৰ দৰে ভয়ানক ৰোগৰ পৰাও আমি বাচি থাকিব পাৰো। জালুকৰ বহু ঔষধি গুণ আছে। জানো আহক কি কি।


জালুকৰ উপকাৰিতাসমূহঃ

১)শৰীৰৰ বেদনা হ’লে জালুক দি খালে বিষ উপশম হয়।

২)জ্বৰ, কাহ, নিউমোনিয়া আদিৰ বাবে জালুক উপকাৰী।

৩)জালুকে শৰীৰৰ মেদ হ্ৰাস কৰা ক্ষেত্ৰত সহায় কৰে।

৪)বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়।

৫)জালুকে মুখৰ দুৰ্গন্ধ দূৰ কৰে।

৬)তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়।

৭)ফেৰেঞ্জাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগীয়ে জালুক খালে উপশম হয়।

৮)পিত্ত ৰোগত আক্ৰান্ত হৈ থকা ৰোগীয়ে জালুক খাব লাগে।

৯)টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খাব লাগে।

১০)হাঁপানী ৰোগৰ বাবে জালুক উপকাৰী।

১১)জালুক যকৃত ৰোগীৰ বাবে অতিকৈ উপকাৰী।

১২)জালুক খালে চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়।

১৩)ৰক্তচাপ ৰোগীৰ বাবে জালুক উপকাৰী।

১৪) মূৰ বিষৰ বাবে এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা  যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰৰ বিষ দূৰ হয়।

১৫) জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে।

১৬)জালুকে গেছট্ৰিকৰ সমস্যাও নাইকিয়া কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত জালুকক অন্তৰ্ভূক্ত কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু