--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জালুক এবিধ অনন্য ঔষধি গুণেৰে ভৰপূৰ লতাজাতীয় গছ। সেয়েহে এই গছে আন গছৰ সহায়তহে বগাই ওপৰলৈ উঠি যায়। জালুক গছৰ সেউজীয়া বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোলাকাৰ গুটিবোৰ পুৰঠ হ’লে ক’লা বৰণৰ হয়। গছত থোপাথোপে লগা গুটিবিলাক জ্বলা। জালুকৰ বৈজ্ঞানিক নাম ‘পিপাৰ্ নাই গ্ৰাম’। সমগ্ৰ ভাৰতবৰ্ষতে মানুহে মছলা হিচাপে বিভিন্ন ব্যঞ্জনৰ লগত ইয়াক ব্যৱহাৰ কৰে। কাৰণ জালুকৰ আছে মানুহৰ ৰোগ নিৰাময়ৰ অনেক ঔষধি গুণ। উল্লেখযোগ্য যে জালুক এবিধ গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক। ইয়াক ভাজি, দাইল, চালাড সকলোতে ব্যৱহাৰ কৰা হয়। জালুক ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰিও ই এক অন্যতম মছলা। 

ৰান্ধনী ঘৰৰ বহুধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে জালুকৰ ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাছ, মাংস, কণীৰ জোল আদি ব্যঞ্জনত জালুকৰ ব্যৱহাৰে সুকীয়া সোৱাদ আনে। জালুকীয়া কচু আঞ্জাৰ সোৱাদ কি যে সুন্দৰ। তদুপৰি জালুক দিয়া চাহ খালে ডিঙিৰ খছ–খছনি, পানীলগা, কাঁহ, চৰ্দি আদি সমস্যা নিৰাময় কৰে। জালুক দিয়া চাহ খাবলৈ বৰ ভাল। আনহাতে জালুকীয়া মাংসৰ জোলকণৰ সোৱাদ অসমীয়া সমাজত কিমান জনপ্ৰিয় সেয়া সকলোৱে জানে। অসমীয়া মানুহে জ্বৰ উঠিলে বা চৰ্দি লাগিলে সাধাৰণতে জালুকীয়া মাংস খায়েই উপশম পায়। জালুকত থকা ভিটামিন A, ভিটামিন C, কেৰ‘টিন, এণ্টি অক্সিডেণ্ট আদি উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। যাৰ বাবে কৰ্কটৰ দৰে ভয়ানক ৰোগৰ পৰাও আমি বাচি থাকিব পাৰো। জালুকৰ বহু ঔষধি গুণ আছে। জানো আহক কি কি।


জালুকৰ উপকাৰিতাসমূহঃ

১)শৰীৰৰ বেদনা হ’লে জালুক দি খালে বিষ উপশম হয়।

২)জ্বৰ, কাহ, নিউমোনিয়া আদিৰ বাবে জালুক উপকাৰী।

৩)জালুকে শৰীৰৰ মেদ হ্ৰাস কৰা ক্ষেত্ৰত সহায় কৰে।

৪)বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি ভালদৰে মিহলাই বিহ ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে ফোঁহা শুকাই যায়।

৫)জালুকে মুখৰ দুৰ্গন্ধ দূৰ কৰে।

৬)তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়।

৭)ফেৰেঞ্জাইটিছ অসুখত দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগীয়ে জালুক খালে উপশম হয়।

৮)পিত্ত ৰোগত আক্ৰান্ত হৈ থকা ৰোগীয়ে জালুক খাব লাগে।

৯)টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খাব লাগে।

১০)হাঁপানী ৰোগৰ বাবে জালুক উপকাৰী।

১১)জালুক যকৃত ৰোগীৰ বাবে অতিকৈ উপকাৰী।

১২)জালুক খালে চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়।

১৩)ৰক্তচাপ ৰোগীৰ বাবে জালুক উপকাৰী।

১৪) মূৰ বিষৰ বাবে এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা  যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰৰ বিষ দূৰ হয়।

১৫) জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে।

১৬)জালুকে গেছট্ৰিকৰ সমস্যাও নাইকিয়া কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত জালুকক অন্তৰ্ভূক্ত কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ