--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুষ্পা ২ৰ বৃহৎ সফলতাৰ মাজতেই আল্লু অৰ্জুনে কটাবলগীয়া হ’ল এৰাতি জে’লত ৷ শুক্ৰবাৰে আৰক্ষীয়ে অভিনেতাজনক গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছত তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। পিছলৈ তেলেংগানা আদালতে আলু অৰ্জুনক জামিন প্ৰদান কৰে। ইয়াৰ পিছতো অভিনেতাজনে ৰাতিটো জেলত কটাবলগীয়া হৈছিল। কিন্তু এতিয়া তেওঁ জেলৰ পৰা ওলাই আহিছে। 

আল্লু অৰ্জুনক ১৪ দিন ৰিমাণ্ডত নাম্পালি আদালতে প্ৰেৰণ কৰে। তাৰ পিছত তেওঁক কালি চঞ্চলগুডা চেণ্ট্ৰেল জেললৈ লৈ যোৱা হয়। কিন্তু পিছত তেলেংগানা উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অভিনেতাজনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

আল্লু অৰ্জুনক আটক কৰাৰ পিছত কালি (১৩ ডিচেম্বৰত) জামিন লাভ কৰে। কিন্তু তথাপিও আল্লু অৰ্জুন জেলৰ পৰা ঘৰলৈ উভতি যাব পৰা নাছিল। তথ্য অনুসৰি, এনে পৰিস্থিতিত অভিনেতাজনে এদিন ৰাতি লকআপত কাটিবলগীয়া হৈছিল।

উল্লেখ্য যে শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে সন্ধ্যা থিয়েটাৰ ষ্টেম্পেডত আল্লু অৰ্জুনক আটক কৰিছিল। ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত আল্লু অৰ্জুনৰ ছবি ‘পুছপা ২’ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়, য’ত অভিনেতাজনো উপস্থিত আছিল। এনে পৰিস্থিতিত অনুৰাগীসকলে ভিৰ লাগিছিল। এই ভিৰৰ মাজত এগৰাকী মহিলাৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। এই ক্ষেত্ৰত আলু অৰ্জুনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। অৱশ্যে মৃতকৰ স্বামীয়ে কয় যে তেওঁ গোচৰটো প্ৰত্যাহাৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ