--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুষ্পা ২ৰ বৃহৎ সফলতাৰ মাজতেই আল্লু অৰ্জুনে কটাবলগীয়া হ’ল এৰাতি জে’লত ৷ শুক্ৰবাৰে আৰক্ষীয়ে অভিনেতাজনক গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছত তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। পিছলৈ তেলেংগানা আদালতে আলু অৰ্জুনক জামিন প্ৰদান কৰে। ইয়াৰ পিছতো অভিনেতাজনে ৰাতিটো জেলত কটাবলগীয়া হৈছিল। কিন্তু এতিয়া তেওঁ জেলৰ পৰা ওলাই আহিছে। 

আল্লু অৰ্জুনক ১৪ দিন ৰিমাণ্ডত নাম্পালি আদালতে প্ৰেৰণ কৰে। তাৰ পিছত তেওঁক কালি চঞ্চলগুডা চেণ্ট্ৰেল জেললৈ লৈ যোৱা হয়। কিন্তু পিছত তেলেংগানা উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অভিনেতাজনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

আল্লু অৰ্জুনক আটক কৰাৰ পিছত কালি (১৩ ডিচেম্বৰত) জামিন লাভ কৰে। কিন্তু তথাপিও আল্লু অৰ্জুন জেলৰ পৰা ঘৰলৈ উভতি যাব পৰা নাছিল। তথ্য অনুসৰি, এনে পৰিস্থিতিত অভিনেতাজনে এদিন ৰাতি লকআপত কাটিবলগীয়া হৈছিল।

উল্লেখ্য যে শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে সন্ধ্যা থিয়েটাৰ ষ্টেম্পেডত আল্লু অৰ্জুনক আটক কৰিছিল। ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত আল্লু অৰ্জুনৰ ছবি ‘পুছপা ২’ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়, য’ত অভিনেতাজনো উপস্থিত আছিল। এনে পৰিস্থিতিত অনুৰাগীসকলে ভিৰ লাগিছিল। এই ভিৰৰ মাজত এগৰাকী মহিলাৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। এই ক্ষেত্ৰত আলু অৰ্জুনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। অৱশ্যে মৃতকৰ স্বামীয়ে কয় যে তেওঁ গোচৰটো প্ৰত্যাহাৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু