--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাপানৰ বিদেশ মন্ত্রী টছিমিটছু মোটেগি আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজুমিৰ সৈতে এই বৈঠকত অংশগ্রহণ কৰে।

ডিজিটেল ডেস্ক : প্ৰতিৰক্ষা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰত আৰু জাপানে এটা ঐতিহাসিক সিদ্ধান্তত উপনীত হৈছে। অহা বৰ্ষৰ পৰা জাপানৰ প্ৰতিৰক্ষা বাহিনীয়ে দীর্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে ভাৰতৰ ফায়াৰিং ৰেঞ্জ ব্যৱহাৰ কৰিব। বৃহস্পতিবাৰে টকিঅ'ত অনুষ্ঠিত চতুৰ্থ ভাৰত-জাপান বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ অন্তত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। 


ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাপানৰ বিদেশ মন্ত্রী টছিমিটছু মোটেগি আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজুমিৰ সৈতে এই বৈঠকত অংশগ্রহণ কৰে। ভাৰতে জাপানক প্ৰথমবাৰৰ বাবে নিজৰ ফায়াৰিং ৰেঞ্জ ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে। ইয়াৰ বাবে দুয়োখন দেশে 'লেটাৰ অব্‌ ইন্টেন্ট' স্বাক্ষৰ কৰিছে। 


জাপানে বিশেষকৈ ১০০০ কিল'মিটাৰ দূৰত্বত আঘাত হানিব পৰা 'টাইপ-২৫' মিছাইল পৰীক্ষণৰ বাবে ভাৰতৰ ফায়াৰি ৰেঞ্জ ব্যৱহাৰ কৰিব। তদুপৰি, ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজৰ বাবে 'ইউনিকর্ণ'-'নেভেল এন্টেনা'ৰ যুটীয়া নিৰ্মাণৰ চুক্তি অতি সোনকালে চূড়ান্ত কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্ব দিয়ে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত