--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহোৎসৱৰ কেউদিনতে শিশু কৃষ্ণ প্রতিযোগিতা, বাঁহী বাদন, উৰুলি, গীতা শ্লোক, সত্রীয়া নৃত্য, লোকগীত, কুইজ, চিত্রাংকন প্রতিযোগিতা থাকিব। লগতে কবি সম্মিলন, পুতলা নাচ, গ্রন্থমেলা, বাণিজ্য মেলা আৰু 'জীপাল এদিন' অনুষ্ঠান থাকিব।

ডিজিটেল ডেস্ক: নলবাৰীৰ পৱিত্ৰ হৰি মন্দিৰৰ উদ্যোগত এইবেলি অহা ২৪ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হ'ব ৯৩ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উপলক্ষে বৈদ্যুতিক আলোকসজ্জাৰে ৰঙীন কৰি তোলা হৈছে সমগ্ৰ হৰি মন্দিৰৰ বাকৰিৰ লগতে নলবাৰী নগৰ।


ৰামায়ণ, মহাভাৰত আদি পৌৰাণিক কাহিনীৰ আধাৰত ৫০টা স্থলত মৃণ্ময় মূৰ্তিক জীৱন্ত ৰূপত উপস্থাপন কৰা হৈছে। মহোৎসৱৰ কেউদিনতে শিশু কৃষ্ণ প্রতিযোগিতা, বাঁহী বাদন, উৰুলি, গীতা শ্লোক, সত্রীয়া নৃত্য, লোকগীত, কুইজ, চিত্রাংকন প্রতিযোগিতা থাকিব। লগতে কবি সম্মিলন, পুতলা নাচ, গ্রন্থমেলা, বাণিজ্য মেলা আৰু 'জীপাল এদিন' অনুষ্ঠান থাকিব। 


কাৰ্যসূচী অনুসৰি ২৪ নৱেম্বৰৰ পুৱা ১০ বজাত : শ্ৰীশ্ৰী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰিব ডাঃ উমেশ চক্ৰৱৰ্তী, সংঘচালক, অসম ক্ষেত্ৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। ৯৩ খন পতাকা উত্তোলন কৰা হ'ব। সন্ধিয়া নলবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধন আৰু বন্তি প্রজ্বলন। উদ্বোধক: নৃত্যাচার্য যতীন গোস্বামী, পদ্মভূষণ বঁটাৰে বিভূষিত। বন্তি প্রজ্বলকঃ ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ সভাপতি আৰু উদ্বোধক। ২৫ নৱেম্বৰৰ পুৱা ১০ বজাত বৰগীত প্রতিযোগিতা। ১১ বজাত গ্রন্থমেলা উদ্বোধন (গ্রন্থমেলা বাকৰিত)। উদ্বোধক : ড° ৰমেশ চন্দ্ৰ ডেকা, উপাচার্য, কটন বিশ্ববিদ্যালয়। সন্ধিয়া ৬-৩০ বজাতঃ বাণিজ্য মেলা উদ্বোধন। উদ্বোধক: চৰণ বড়ো, পৰিবহণ মন্ত্ৰী। 


২৬ নৱেম্বৰৰ পুৱা ৯ বজাত শঙ্খধ্বনি প্রতিযোগিতা। সন্ধ্যা ৫ বজাত 'প্রজ্ঞা'ৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা, ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ-গাথা প্রদর্শনী। ২৭ নৱেম্বৰত পুৱা বাঁহী বাদন প্রতিযোগিতা। নিশা অসম বাণিজ্য উন্নয়ন সংস্থাৰ দ্বাৰা আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান। ২৮ নৱেম্বৰৰ পুৱাঃ সত্ৰীয়া নৃত্য প্রতিযোগিতা। ২৯ নৱেম্বৰত পুৱা চিত্রাংকণ প্রতিযোগিতা। ৩০ নৱেম্বৰত পুৱা লোকগীত প্রতিযোগিতা। ১ ডিচেম্বৰত দুপৰীয়া গীতা শ্লোক প্রতিযোগিতা। সন্ধিয়া: জীৱন্ত ৰাস আৰু ভাওনা 'শ্ৰীশ্ৰীকৃষ্ণৰ লীলা ৰাসক্রীড়া'। ২ ডিচেম্বৰত আবেলি: নলবাৰীৰ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্য শীর্ষক আলোচনা সত্র (গ্রন্থমেলা বাকৰি)। ৩ ডিচেম্বৰত দিনৰ ২ বজাত মুকলি কুইজ প্রতিযোগিতা। সন্ধিয়া ৬ বজাত নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ 'জীপাল এদিন' অনুষ্ঠান। 


নলবাৰী ৰাস মহোৎসৱ উপলক্ষে শ্ৰীশ্ৰী হৰিমন্দিৰৰ সাহায্যার্থে শুভাকাংক্ষী আৰু আজীৱন সভ্যসকলৰ মাজত 'উপহাৰ পত্ৰ'ৰ খেল আয়োজন কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ