--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমীয়া জনজীৱন নদ-নদীকেন্দ্রিক হোৱা বাবে গঙা চিলনী চৰাইবিধ আমাৰ লোকগীত, বিহুনাম, কবিতা আৰু আধুনিক অসমীয়া গীততো বাৰে বাৰে জীৱন্ত হৈ উঠিছে।

ডিজিটেল ডেস্ক: পুৱাৰ কোমল ৰ'দজাকত নৈৰ বুকুত ডেউকা মেলি উৰি ফুৰা অথবা আকাশৰ পৰা তীব্ৰ বেগেৰে পানীত ডুব মাৰি চিকাৰ ধৰা 'গঙা চিলনী' (River Tern) চৰাইৰ দৃশ্যই নৈপৰীয়া প্ৰকৃতিক এক অনন্য মাত্রা প্রদান কৰে। কেৱল প্রাকৃতিক সৌন্দর্যই নহয়, অসমীয়া সভ্যতা, সংস্কৃতি আৰু নৈপৰীয়া লোকজীৱনৰ সৈতেও এই চৰাইবিধৰ এক নিবিড় আৰু আৱেগিক সম্পর্ক আছে। কিন্তু অসমৰ নদ-নদী আৰু জলাশয়সমূহৰ বুকুত শোভাবর্ধন কৰা এই জলচৰ চৰাইবিধ (বৈজ্ঞানিক নাম Sterna aurantia) বর্তমান গভীৰ অস্তিত্বৰ সংকটত ভুগিছে। 


অসমীয়া জনজীৱন নদ-নদীকেন্দ্রিক হোৱা বাবে গঙা চিলনী চৰাইবিধ আমাৰ লোকগীত, বিহুনাম, কবিতা আৰু আধুনিক অসমীয়া গীততো বাৰে বাৰে জীৱন্ত হৈ উঠিছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পাৰত বাস কৰা মাছমৰীয়া তথা নৈপৰীয়াৰ বাবে গঙাচিলনী কেৱল এটা চৰাই নহয়, বৰঞ্চ নদীৰ বতৰ আৰু মাছৰ স্থিতি বুজাৰ এক প্রাকৃতিক সংকেত স্বৰূপ। গঙা চিলনী এবিধ মজলীয়া আকাৰৰ (প্রায় ৩৮ৰ পৰা৪৩ ছেণ্টিমিটাৰ দৈৰ্ঘ্যৰ) অত্যন্ত ক্ষিপ্ৰ আৰু সুদর্শন জলচৰ চৰাই। ইয়াৰ পিঠিৰ অংশ ছাইবৰণীয়া বা গাঢ়মুগা, পেট আৰু বুকু বগা, ঠোঁট উজ্জ্বল হালধীয়া আৰু ঠেং দুখন ৰঙা বৰণৰ। প্ৰজননৰ সময়ত ইয়াৰ মূৰত এটা ক'লা টুপীৰ দৰে অংশ দেখা যায়, যিয়ে চৰাইবিধক অধিক আকর্ষণীয় কৰি তোলে। 


সাধাৰণতে মাছ, কেঁকোৰা, ভেকুলী আৰু জলজ পোক-পতংগ আদি ইহঁতৰ প্ৰধান খাদ্য। গঙা চিলনীয়ে সাধাৰণতে মাৰ্চ মাহৰ পৰা মে' মাহৰ ভিতৰত নদীৰ নিৰ্জন বালিচৰত বাহ সাজি কণী পাৰে। কিন্তু বর্তমান সময়ত নৈপৰীয়া অঞ্চলত হোৱা অবাধ বালি খনন, নদীৰ প্ৰদূষণ, বৃহৎ নদীবান্ধ নিৰ্মাণ, বালিচৰত হোৱা কৃষিকার্য আৰু মানুহৰ সঘন আহ-যাহৰ ফলত ইহঁতৰ প্রজনন ক্ষেত্রসমূহ ধ্বংস হৈছে। ইয়াৰ উপৰি, বালিচৰত পাৰি থোৱা কণীসমূহ কুকুৰ, শিয়াল আদি প্রাণীয়ে খাই পেলোৱা বা অকাল বানপানীৰ কবলত পৰি নষ্ট হোৱাৰ ফলতো ইহঁতৰ বংশবৃদ্ধিত তীব্র বাধা আহি পৰিছে। 


ভাৰতীয় উপমহাদেশৰ লগতে থাইলেণ্ড, লাওছ আৰু কম্বোডিয়াৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহতো এই চৰাইবিধৰ সংখ্যা দ্রুতগতিত কমি আহিছে। নদীৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে অসমীয়া লোকসংস্কৃতিৰ এই জীৱন্ত প্রতীকবিধক জীয়াই ৰখাটো অতি জৰুৰী। যদিহে এতিয়াই চৰকাৰ, বন বিভাগ আৰু প্ৰকৃতিপ্রেমী সংগঠনসমূহে একত্ৰিত হৈ প্ৰজননৰ সময়ছোৱাত নদীৰ বালিচৰসমূহ সুৰক্ষিত কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টি নকৰে, তেন্তে অদূৰ ভৱিষ্যতে অসমৰ নৈৰ বুকুৰ পৰা এই চৰাইবিধ চিৰদিনৰ বাবে হেৰাই যাব। গঙা চিলনী বিলুপ্ত হোৱা মানে আমাৰ নদীকেন্দ্ৰিক সংস্কৃতিৰো এটা গুৰুত্বপূৰ্ণ অধ্যায় হেৰাই যোৱা; সেয়েহে এই অনুপম সৃষ্টিবিধক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত