--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এমাজনে মধ্যপ্রদেশ, ৰাজস্থান আৰু কৰ্ণাটকত চাৰিটা নতুন সৌৰশক্তি প্রকল্প স্থাপনৰ বিষয়েও ঘোষণা কৰিছে।

ডিজিটেল ডেস্ক: ভাৰতৰ সেউজ শক্তি খণ্ডত এমাজনে ২০৩০ চনৰ ভিতৰত অতিৰিক্তকৈ ৭০০ কোটি ডলাৰ (প্রায় ৬৫,৩৯০ কোটি টকা) বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ সৈতে কোম্পানীটোৱে ইতিমধ্যে ৪০০ কোটি ডলাৰৰ বিনিয়োগ আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ এই নতুন পুঁজিৰ কথা ঘোষণা কৰে। এমাজনে মধ্যপ্রদেশ, ৰাজস্থান আৰু কৰ্ণাটকত চাৰিটা নতুন সৌৰশক্তি প্রকল্প স্থাপনৰ বিষয়েও ঘোষণা কৰিছে। 


এমাজনে কৰ্ণাটকৰ বিজাপুৰত ২৩৪ মেগাৱাট ক্ষমতাসম্পন্ন এটা বায়ুশক্তি প্রকল্প স্থাপন কৰিব। ঠিক সেইদৰে কৰ্ণাটকৰ টুমকুৰত ২০০ মেগাৱাটৰ এটা সংযুক্ত সৌৰ আৰু বায়ুশক্তি প্রকল্প স্থাপন কৰিব। ঠিক সেইদৰে কোম্পানীটোৱে মধ্যপ্ৰদেশৰ মান্দছৌৰত ৩০০ মেগাৱাটৰ আৰু ৰাজস্থানৰ দিনকৰত ২০০ মেগাৱাটৰ দুটা সৌৰশক্তি প্রকল্প স্থাপনৰ পৰিকল্পনা কৰিছে। 


এই নতুন প্রকল্পসমূহ কার্যক্ষম হ'লে ভাৰতত নৱীকৰণযোগ্য শক্তিৰ মুঠ ক্ষমতা ২ গিগাৱাট অতিক্ৰম কৰিব আৰু দেশৰ ৩৫ লাখতকৈ অধিক পৰিয়ালৰ বাৰ্ষিক বিদ্যুতৰ চাহিদা পূৰণ কৰিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত