--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাম তেওঁৰ ইপ্সিত মিট্টাল৷ অধ্যৱসায়, একাগ্ৰতা আৰু ঐকান্তিকতাৰে সফলতাৰ বাখৰ বোটলা ইপ্সিত এতিয়া সহস্ৰ অনুজৰ প্ৰেৰণাৰ তলবল উৎস৷ 

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, চমুকৈ এনটিএ-ই ২০২৪ৰ জেইইৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে৷ তেলেংগানাত সৰ্বাধিক সংখ্যক প্ৰাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে, তাৰ পাছত আছে মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু ৰাজস্থান। ইয়াৰ উপৰি সংস্থাটোৱে ৰাজ্য অনুসৰি ৫৩জন শীৰ্ষস্থানপ্ৰাপকৰ এখন তালিকা প্ৰকাশ কৰিছে, যাৰ ভিতৰত ২৩জন শিক্ষাৰ্থীয়ে সম্পূৰ্ণ ১০০ শতাংশ নম্বৰেই লাভ কৰিছিল৷ তাৰেই অন্যতম ইপ্সিত মিট্টাল৷

সংবাদ মাধ্যমৰে হোৱা আছুতীয়া আলাপত ইপ্সিতে তেওঁৰ শৈক্ষিক যাত্ৰা আৰু পৰীক্ষাৰ পূৰ্বকৌশলৰ ভাগ-বটোৱাৰা কৰিছে৷ প্ৰস্তুতি কৌশলৰ বিষয়ে কওঁতে ইপ্সিতে শিক্ষক আৰু জ্যেষ্ঠসকলৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশনা কঢ়িয়াই অনাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ আত্ম-অধ্যয়ন আৰু মক টেষ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ‘কনচেপ্ট ক্লীয়াৰ’ কৰা আৰু স্বতন্ত্ৰভাৱে প্ৰশ্ন সমাধান কৰাত সময় অতিবাহিত কৰাটো অমূল্য বুলি প্ৰমাণিত হৈছে। 

ইপ্সিতে এন.চি.ই.আৰ.টি. পাঠ্যপুথি অধ্যয়ন আৰু নিয়মীয়া অনুশীলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, বিশেষকৈ পৰীক্ষাৰ আগভাগত। তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ পৰীক্ষাৰ এমাহ পূৰ্বে দৈনিক ১-২খন আৰ্হিকাকত সমাধান কৰিবলৈ নিজকে সমৰ্পিত কৰিছিল, যি তেওঁৰ সফলতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু