--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অধিক গভীৰলৈ শিপাবলৈ আৰম্ভ কৰিছে মু্ম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ড। এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেড়েৰ নেতৃত্বত বলীউডৰ তাৰকাৰ বিৰুদ্ধে চলি থকা অভিযানে এতিয়া অধিক তীব্ৰ ৰূপ লাভ কৰিছে। বৃহস্পতিবাৰে আৰিয়ান খান কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত জেৰা কৰা হয় অনন্যা পাণ্ডেক। অভিনেতা ছাংকী পাণ্ডেৰ কন্যা অনন্যাক প্ৰায় দুঘণ্টা সময় জেৰা কৰে তদন্তকাৰী বিষয়াই। কিন্তু এতিয়াও সন্তুষ্ট হোৱা নাই এনচিবি। শুকুৰবাৰে ১১বজাত পুনৰ এনচিবিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে অনন্যাক।

বৃহস্পতিবাৰে বগা কূৰ্টা পায়জামা পৰিধান কৰি এনচিবিৰ কাৰ্যালয়ত হাজিৰ হয় অনন্যা পাণ্ডে। তেওঁক সংগ দিয়ে পিতৃ ছাংকী পাণ্ডেই। আৰিয়ান খান সম্পৰ্কত ভালেমান চোকা প্ৰশ্ন অনন্যাক তদন্তকাৰীয়ে কৰা বুলি এনচিবিৰ সূত্ৰই প্ৰকাশ কৰিছে।

তেওঁৰ মোবাইল ফোন আৰু লেপটপো জব্দ কৰে তদন্তকাৰী বিষয়াই। কিন্তু ইমানতে সকলো শেষ হোৱা নাই। অনন্যাক পুনৰ জেৰাৰ বাবে মতাটোৱে আন ভালেমান প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে।


মন কৰিবলগীয়া যে, অনন্যা পাণ্ডেৰ শ্বাহৰুখ পৰিয়ালৰে ঘনিষ্ঠতা থকাৰ কথা সৰ্বজন বিদিত। শ্বাহৰুখ-গৌৰী তনয়া সুহানা খানৰ সৈতেও আছে তেওঁৰ গভীৰ বন্ধুত্ব। এনে পৰিপ্ৰেক্ষিতত এনচিবিৰ হাঁতোৰা এইবাৰ শ্বাহৰুখ তনয়ালৈ আগুওৱাটো প্ৰায় নিশ্চিত বুলি প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ এটা সূত্ৰই। আৰিয়ান খানৰ হোৱাটছএপ চাটৰ পৰা অনন্যাৰ যোগসূত্ৰ এনচিবিয়ে লাভ কৰাৰ পাছত এতিয়া অনন্যাৰ হাত ধৰিয়েই শ্বাহৰুখৰ সাম্ৰাজ্যৰ অধিক ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিব পাৰে এনচিব। সুহানকো তদন্তৰ আঁওতালৈ আনিলে ই যে অধিক প্ৰলয়ংকৰী পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। মন কৰিবলগীয়া যে, এনচিবিৰ দলে আজি অনন্যা পাণ্ডেৰ ঘৰত তালাচী চলোৱাৰ লগতে শ্বাহৰুখৰ মন্নতৰ দুৱাৰটো টোকৰ মাৰে। এয়াও এক চাঞ্চল্যকৰ খবৰ হৈ পৰিছে বলীউড জগতৰ বাবে।

এনচিবিৰ এই ভূমিকাই শ্বাহৰুখ খানৰ সাম্ৰাজ্য তচনচ কৰিব নেকি বুলিও প্ৰশ্ন তুলিছে বিভিন্নজনে। ইতিমধ্যেই ৰাজনৈতিক ৰূপ লোৱা এই ড্ৰাগছ কাণ্ডৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে বিভিন্ন বিৰোধী দলৰ নেতা তথা মন্ত্ৰীয়ে।
ইফালে, আৰিয়ান খানৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৩০ অক্টোবৰলৈকে। বৃহস্পতিবাৰে এনচিবিৰ বিশেষ আদালতে আৰিয়ানৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আৰিয়ানসহ আঠোজন অভিযুক্তত আদালতত হাজিৰ কৰোঁৱা হৈছিল আৰু তাৰ পাছতে তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হয়। অৰ্থাৎ ৩০ অক্টোবৰলৈ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীয়েই ঠিকনা হৈ ৰ’ব শ্বাহৰুখ তনয়ৰ। অৱশ্যে মঙলবাৰে উচ্চ ন্যায়ালয়ত তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। উচ্চ ন্যায়ালয়ে তেওঁক সকাহ দিয়ে নে নাই সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী