--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অধিক গভীৰলৈ শিপাবলৈ আৰম্ভ কৰিছে মু্ম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ড। এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেড়েৰ নেতৃত্বত বলীউডৰ তাৰকাৰ বিৰুদ্ধে চলি থকা অভিযানে এতিয়া অধিক তীব্ৰ ৰূপ লাভ কৰিছে। বৃহস্পতিবাৰে আৰিয়ান খান কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত জেৰা কৰা হয় অনন্যা পাণ্ডেক। অভিনেতা ছাংকী পাণ্ডেৰ কন্যা অনন্যাক প্ৰায় দুঘণ্টা সময় জেৰা কৰে তদন্তকাৰী বিষয়াই। কিন্তু এতিয়াও সন্তুষ্ট হোৱা নাই এনচিবি। শুকুৰবাৰে ১১বজাত পুনৰ এনচিবিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে অনন্যাক।

বৃহস্পতিবাৰে বগা কূৰ্টা পায়জামা পৰিধান কৰি এনচিবিৰ কাৰ্যালয়ত হাজিৰ হয় অনন্যা পাণ্ডে। তেওঁক সংগ দিয়ে পিতৃ ছাংকী পাণ্ডেই। আৰিয়ান খান সম্পৰ্কত ভালেমান চোকা প্ৰশ্ন অনন্যাক তদন্তকাৰীয়ে কৰা বুলি এনচিবিৰ সূত্ৰই প্ৰকাশ কৰিছে।

তেওঁৰ মোবাইল ফোন আৰু লেপটপো জব্দ কৰে তদন্তকাৰী বিষয়াই। কিন্তু ইমানতে সকলো শেষ হোৱা নাই। অনন্যাক পুনৰ জেৰাৰ বাবে মতাটোৱে আন ভালেমান প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে।


মন কৰিবলগীয়া যে, অনন্যা পাণ্ডেৰ শ্বাহৰুখ পৰিয়ালৰে ঘনিষ্ঠতা থকাৰ কথা সৰ্বজন বিদিত। শ্বাহৰুখ-গৌৰী তনয়া সুহানা খানৰ সৈতেও আছে তেওঁৰ গভীৰ বন্ধুত্ব। এনে পৰিপ্ৰেক্ষিতত এনচিবিৰ হাঁতোৰা এইবাৰ শ্বাহৰুখ তনয়ালৈ আগুওৱাটো প্ৰায় নিশ্চিত বুলি প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ এটা সূত্ৰই। আৰিয়ান খানৰ হোৱাটছএপ চাটৰ পৰা অনন্যাৰ যোগসূত্ৰ এনচিবিয়ে লাভ কৰাৰ পাছত এতিয়া অনন্যাৰ হাত ধৰিয়েই শ্বাহৰুখৰ সাম্ৰাজ্যৰ অধিক ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিব পাৰে এনচিব। সুহানকো তদন্তৰ আঁওতালৈ আনিলে ই যে অধিক প্ৰলয়ংকৰী পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। মন কৰিবলগীয়া যে, এনচিবিৰ দলে আজি অনন্যা পাণ্ডেৰ ঘৰত তালাচী চলোৱাৰ লগতে শ্বাহৰুখৰ মন্নতৰ দুৱাৰটো টোকৰ মাৰে। এয়াও এক চাঞ্চল্যকৰ খবৰ হৈ পৰিছে বলীউড জগতৰ বাবে।

এনচিবিৰ এই ভূমিকাই শ্বাহৰুখ খানৰ সাম্ৰাজ্য তচনচ কৰিব নেকি বুলিও প্ৰশ্ন তুলিছে বিভিন্নজনে। ইতিমধ্যেই ৰাজনৈতিক ৰূপ লোৱা এই ড্ৰাগছ কাণ্ডৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে বিভিন্ন বিৰোধী দলৰ নেতা তথা মন্ত্ৰীয়ে।
ইফালে, আৰিয়ান খানৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৩০ অক্টোবৰলৈকে। বৃহস্পতিবাৰে এনচিবিৰ বিশেষ আদালতে আৰিয়ানৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আৰিয়ানসহ আঠোজন অভিযুক্তত আদালতত হাজিৰ কৰোঁৱা হৈছিল আৰু তাৰ পাছতে তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হয়। অৰ্থাৎ ৩০ অক্টোবৰলৈ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীয়েই ঠিকনা হৈ ৰ’ব শ্বাহৰুখ তনয়ৰ। অৱশ্যে মঙলবাৰে উচ্চ ন্যায়ালয়ত তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। উচ্চ ন্যায়ালয়ে তেওঁক সকাহ দিয়ে নে নাই সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক