--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এক জঘন্য ঘটনা। যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণকাৰীৰ সৈতে একেলগে বান্ধি লৈ পথত সমদল কৰোঁৱাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ এখন জনজাতীয় লোকৰ বসতিপ্ৰধান গাঁৱত এই ঘটনা সংঘটিত হয়। কালি অভিযুক্তজনৰ সৈতে নিৰ্যাতিতা কিশোৰীগৰাকীকো একেলগে সমদল কৰাই লৈ ফুৰায় গাঁৱৰ একাংশ লোকে।

আৰু পঢ়িব পাৰিব : লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন…

ইণ্টাৰনেটত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত দুয়োকে এডাল ৰচীৰে বান্ধি লৈ ঘূৰাই লৈ ফুৰোৱা আৰু বিভিন্ন শ্লোগান দিয়া দৃশ্য বন্দী হৈছে। নিৰ্যাতনকাৰীকে ধৰি মুঠ ছজন লোকক ঘটনা সম্পৰ্কত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, লোকসকলে কিশোৰীগৰাকীক বান্ধি লৈ ঘূৰাই লৈ ফুৰাৰ সময়ত ‘ভাৰত মাতা কী জয়’ ধ্বনি দিছিল। নিৰ্যাতনকাৰীৰ লগতে নিৰ্যাতিতাক প্ৰহাৰো কৰিছিল কৰিছিল এইসকল লোকে।

আৰু পঢ়িব পাৰিব : ১ কোটি ২০ লাখ ৰোগীয়ে ভুগিছে ক’ভিডৰ যান্ত্ৰনা !

ভূপালৰ পৰা ৪০০ কিলোমিটাৰ আঁতৰৰ আলিৰায়পুৰ জিলাত এই ঘটনা সংঘটিত হৈছে। নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকেও তেওঁক অভিযুক্তৰ সৈতে খোজ কঢ়াই নিয়াত ভূমিকা লৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে পাছত এই চৰম অবাঞ্চিত অৱস্থাৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। ঘটনা সম্পৰ্কত দুটাকৈ গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ