--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এক জঘন্য ঘটনা। যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণকাৰীৰ সৈতে একেলগে বান্ধি লৈ পথত সমদল কৰোঁৱাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ এখন জনজাতীয় লোকৰ বসতিপ্ৰধান গাঁৱত এই ঘটনা সংঘটিত হয়। কালি অভিযুক্তজনৰ সৈতে নিৰ্যাতিতা কিশোৰীগৰাকীকো একেলগে সমদল কৰাই লৈ ফুৰায় গাঁৱৰ একাংশ লোকে।

আৰু পঢ়িব পাৰিব : লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন…

ইণ্টাৰনেটত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত দুয়োকে এডাল ৰচীৰে বান্ধি লৈ ঘূৰাই লৈ ফুৰোৱা আৰু বিভিন্ন শ্লোগান দিয়া দৃশ্য বন্দী হৈছে। নিৰ্যাতনকাৰীকে ধৰি মুঠ ছজন লোকক ঘটনা সম্পৰ্কত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, লোকসকলে কিশোৰীগৰাকীক বান্ধি লৈ ঘূৰাই লৈ ফুৰাৰ সময়ত ‘ভাৰত মাতা কী জয়’ ধ্বনি দিছিল। নিৰ্যাতনকাৰীৰ লগতে নিৰ্যাতিতাক প্ৰহাৰো কৰিছিল কৰিছিল এইসকল লোকে।

আৰু পঢ়িব পাৰিব : ১ কোটি ২০ লাখ ৰোগীয়ে ভুগিছে ক’ভিডৰ যান্ত্ৰনা !

ভূপালৰ পৰা ৪০০ কিলোমিটাৰ আঁতৰৰ আলিৰায়পুৰ জিলাত এই ঘটনা সংঘটিত হৈছে। নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকেও তেওঁক অভিযুক্তৰ সৈতে খোজ কঢ়াই নিয়াত ভূমিকা লৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে পাছত এই চৰম অবাঞ্চিত অৱস্থাৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। ঘটনা সম্পৰ্কত দুটাকৈ গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু