--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি-২০ সন্মিলনে দেশৰ অৰ্থনীতিলৈ যেন যাদুকৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। কালি নতুন দিল্লীত জি ২০ৰ বৈঠক সমাপ্ত হোৱাৰ পিছতে দেশৰ শ্বেয়াৰ বজাৰত সক্ষ্যণীয় উত্থান দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ  চেঞ্চেক্সে একেৰাহে সপ্তম দিনৰ বাবে ইয়াৰ উত্থান অব্যাহত ৰাখিছে। 

চেঞ্চেক্সে সপ্তাহটো ৫২৮.১৭ পইণ্ট লাভেৰে ৬৭,১২৭.০৮ ত সমাপ্ত হৈছে। আনহাতে, নিফটিয়ে প্ৰথমবাৰৰ বাবে ২০,০০০ ৰ সীমা অতিক্ৰম কৰিছে।বম্বে ষ্টক এক্সচেঞ্জত (বি.এছ.ই.) ইণ্টিলিটি ৰ অংশ আছিল ২.৪৩ শতাংশ। ইয়াৰ পিছতে ক্ৰমান্বয়ে টেলিকম, শক্তি আৰু অটো  খণ্ডতো বিশেষ উত্থান পৰিলক্ষিত হৈছে। ৰাজহুৱা খণ্ডৰ বেংক, ধাতু আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ (এনএছই) ক্ষেত্ৰতো উৰ্ধমুখী গতি লক্ষ্য কৰা হৈছে।

ৰাজহুৱা খণ্ডৰ বেংকৰ মুঠ লাভ ৩.১৩ শতাংশলৈ বৃদ্ধি পাইছে। আদানি পোৰ্ট, আদানি এণ্টাৰপ্ৰাইজেছ, পাৱাৰ গ্ৰিড আৰু এপোলো হস্পিটেল নিফটিৰ লাভকাৰী প্ৰতিষ্ঠানৰ  ভিতৰত আছে। নিফটি ২০০০৮.১৫ পইণ্টৰ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। এটা দিনতে লাভ হৈছে ১৮৮.২ পইণ্ট বা ০.৯৪ শতাংশ। 

পাৱাৰ গ্ৰিড, এক্সিছ বেংক, মাৰুতি চুজুকি, এইচচিএলটেক আৰু ষ্টেট বেঙ্ক চেঞ্চেক্সত শীৰ্ষ লাভকাৰী হিচাবে পৰিগণিত হৈছে। বিশেষজ্ঞসকলে ধাৰণা কৰিছে  যে শেহতীয়াকৈ সমাপ্ত হোৱা জি-২০ সন্মিলনে শ্বেয়াৰ বজাৰত এক প্ৰভাৱ পেলাইছে। সদ্যসমাপ্ত সন্মিলনত কেইবাখনো দেশে ইউৰোপ-মধ্য প্ৰাচ্য-ভাৰতৰ মাজত  বাণিজ্য কৰিডৰৰ নিৰ্মাণৰ বিষয়ত  একমত হৈছে। এনে কথাই  ইতিবাচক প্ৰভাৱ পেলোৱা  বুলি ধাৰণা  কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক