--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি-২০ সন্মিলনে দেশৰ অৰ্থনীতিলৈ যেন যাদুকৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। কালি নতুন দিল্লীত জি ২০ৰ বৈঠক সমাপ্ত হোৱাৰ পিছতে দেশৰ শ্বেয়াৰ বজাৰত সক্ষ্যণীয় উত্থান দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ  চেঞ্চেক্সে একেৰাহে সপ্তম দিনৰ বাবে ইয়াৰ উত্থান অব্যাহত ৰাখিছে। 

চেঞ্চেক্সে সপ্তাহটো ৫২৮.১৭ পইণ্ট লাভেৰে ৬৭,১২৭.০৮ ত সমাপ্ত হৈছে। আনহাতে, নিফটিয়ে প্ৰথমবাৰৰ বাবে ২০,০০০ ৰ সীমা অতিক্ৰম কৰিছে।বম্বে ষ্টক এক্সচেঞ্জত (বি.এছ.ই.) ইণ্টিলিটি ৰ অংশ আছিল ২.৪৩ শতাংশ। ইয়াৰ পিছতে ক্ৰমান্বয়ে টেলিকম, শক্তি আৰু অটো  খণ্ডতো বিশেষ উত্থান পৰিলক্ষিত হৈছে। ৰাজহুৱা খণ্ডৰ বেংক, ধাতু আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ (এনএছই) ক্ষেত্ৰতো উৰ্ধমুখী গতি লক্ষ্য কৰা হৈছে।

ৰাজহুৱা খণ্ডৰ বেংকৰ মুঠ লাভ ৩.১৩ শতাংশলৈ বৃদ্ধি পাইছে। আদানি পোৰ্ট, আদানি এণ্টাৰপ্ৰাইজেছ, পাৱাৰ গ্ৰিড আৰু এপোলো হস্পিটেল নিফটিৰ লাভকাৰী প্ৰতিষ্ঠানৰ  ভিতৰত আছে। নিফটি ২০০০৮.১৫ পইণ্টৰ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। এটা দিনতে লাভ হৈছে ১৮৮.২ পইণ্ট বা ০.৯৪ শতাংশ। 

পাৱাৰ গ্ৰিড, এক্সিছ বেংক, মাৰুতি চুজুকি, এইচচিএলটেক আৰু ষ্টেট বেঙ্ক চেঞ্চেক্সত শীৰ্ষ লাভকাৰী হিচাবে পৰিগণিত হৈছে। বিশেষজ্ঞসকলে ধাৰণা কৰিছে  যে শেহতীয়াকৈ সমাপ্ত হোৱা জি-২০ সন্মিলনে শ্বেয়াৰ বজাৰত এক প্ৰভাৱ পেলাইছে। সদ্যসমাপ্ত সন্মিলনত কেইবাখনো দেশে ইউৰোপ-মধ্য প্ৰাচ্য-ভাৰতৰ মাজত  বাণিজ্য কৰিডৰৰ নিৰ্মাণৰ বিষয়ত  একমত হৈছে। এনে কথাই  ইতিবাচক প্ৰভাৱ পেলোৱা  বুলি ধাৰণা  কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন