--°C
Loading...
Listen to Article
2 min read
80%

বুয়েনছ আইৰেছ : দক্ষিণ আমেৰিকালৈ স্কিয়াৰসকলক আকৰ্ষিত কৰা এণ্ডিজ পৰ্বতমালাত এইবছৰ এক দশক ধৰি চলি থকা খৰাঙৰ বাবে অতি নিম্ন হাৰত তুষাৰপাত হৈছে। বিজ্ঞানীসকলে গোলকীয় উষ্ণতাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিহিত কৰিছে। তাকৰীয়া বৰষুণ আৰু অতি কম তুষাৰপাতৰ ফলত ইকুৱেডৰ আৰু আৰ্জেণ্টিনাৰ মাজত থকা বহু বৰফাবৃত্ত শোভন পৰ্বতৰ পৰা বৰফৰ আৱৰণ নাইকিয়া হৈ পৰিছে আৰু এইবোৰৰ শৃংগৰ শুষ্ক মাটি প্ৰকট হৈ পৰিছে।

আৰ্জেণ্টিনাৰ ইনষ্টিটিউট অব স্নো, গ্লেচিয়াৰ এণ্ড এনভায়াৰমেণ্ট ছাইন্স ষ্টাডিজ (আইএএনআইজিএলএ)ৰ মুখ্য গৱেষকৰ ৰিকাৰ্ডো ভিলালাবাই এই সম্পৰ্কত কয় যে, যিহেতু বৰষুণ হ্ৰাস পাইছে আৰু হিমবাহবোৰ হ্ৰাস পাই আহিছে তাৰ ফলত পানী যোগানৰ বাবে এই পৰ্বতৰ ওপৰত নিৰ্ভৰশীল স্থানীয় লোকসকল জল সংকটত ভোগাৰ আশংকাৰ আছে। এই অঞ্চলত আমি বৰষুণ হ্ৰাসৰ দীঘলীয়া পৰিক্ৰমা দেখা পাইছোঁ আৰু ই এক বৃহৎ খৰাঙৰ সৃষ্টি কৰিছে।

যদিহে সমগ্ৰ কৰ্ডিলেৰা (এণ্ডিজ পৰ্বতমালা)ৰ বৰষুণৰ স্তৰ অধ্যয়ন কৰা যায়, তেন্তে দেখা যায়, যে এই অঞ্চলটোত হয় একেবাৰে বৰফ পৰা নাই বা খুব কমকৈ পৰিছে। দক্ষিণ গোলাৰ্ধত শীতকাল চলি থকা অৱস্থাত তুষাৰপাত শীৰ্ষত থাকিব লাগে। উল্লখ্য যে, এই সময়ছোৱাত বিশেষকৈ মহামাৰীৰ বাবে দীঘলীয়া সময় বন্ধ হৈ থকাৰ পাছত ‘স্কি ৰিজ’ৰ্ট’বোৰ পুনৰ মুকলি হৈছে আৰু আৰ্জেণ্টিনা-চিলি সীমান্তলৈ স্কিয়াৰসকলক আকৰ্ষিত কৰে। কিন্তু তুষাৰপাতৰ অভাৱে বহুতো ৰিজ’ৰ্টে কৃত্ৰিমভাৱে বৰফৰ আৱৰণ সৃষ্টি কৰিবলৈ বাধ্য হৈছে। মন কৰিবলগীয়া যে, ২০২০চনৰ জুলাই আৰু এই বছৰ সংগ্ৰহ কৰা উপগ্ৰহীয় আলোকচিত্ৰত বৰফৰ আৱৰণ যথেষ্ট হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। গৱেষক ভিলালবাই প্ৰকাশ কৰে যে, এণ্ডিজ হিমবাহবোৰ ২০০০-২০১০বৰ্ষৰ সয়ছোৱাত আকাৰত একেই আছিল বৰং কিছু বৃদ্ধিহে হৈছিল। কিন্তু এতিয়া এইবোৰ হ্ৰাস পাইছে । তেওঁ লগতে কয়, হিমবাহ হ্ৰাসৰ প্ৰক্ৰিয়া পূৰ্বতকৈ বহুত বেছি ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান