--°C
Loading...
Listen to Article
2 min read
80%

বুয়েনছ আইৰেছ : দক্ষিণ আমেৰিকালৈ স্কিয়াৰসকলক আকৰ্ষিত কৰা এণ্ডিজ পৰ্বতমালাত এইবছৰ এক দশক ধৰি চলি থকা খৰাঙৰ বাবে অতি নিম্ন হাৰত তুষাৰপাত হৈছে। বিজ্ঞানীসকলে গোলকীয় উষ্ণতাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিহিত কৰিছে। তাকৰীয়া বৰষুণ আৰু অতি কম তুষাৰপাতৰ ফলত ইকুৱেডৰ আৰু আৰ্জেণ্টিনাৰ মাজত থকা বহু বৰফাবৃত্ত শোভন পৰ্বতৰ পৰা বৰফৰ আৱৰণ নাইকিয়া হৈ পৰিছে আৰু এইবোৰৰ শৃংগৰ শুষ্ক মাটি প্ৰকট হৈ পৰিছে।

আৰ্জেণ্টিনাৰ ইনষ্টিটিউট অব স্নো, গ্লেচিয়াৰ এণ্ড এনভায়াৰমেণ্ট ছাইন্স ষ্টাডিজ (আইএএনআইজিএলএ)ৰ মুখ্য গৱেষকৰ ৰিকাৰ্ডো ভিলালাবাই এই সম্পৰ্কত কয় যে, যিহেতু বৰষুণ হ্ৰাস পাইছে আৰু হিমবাহবোৰ হ্ৰাস পাই আহিছে তাৰ ফলত পানী যোগানৰ বাবে এই পৰ্বতৰ ওপৰত নিৰ্ভৰশীল স্থানীয় লোকসকল জল সংকটত ভোগাৰ আশংকাৰ আছে। এই অঞ্চলত আমি বৰষুণ হ্ৰাসৰ দীঘলীয়া পৰিক্ৰমা দেখা পাইছোঁ আৰু ই এক বৃহৎ খৰাঙৰ সৃষ্টি কৰিছে।

যদিহে সমগ্ৰ কৰ্ডিলেৰা (এণ্ডিজ পৰ্বতমালা)ৰ বৰষুণৰ স্তৰ অধ্যয়ন কৰা যায়, তেন্তে দেখা যায়, যে এই অঞ্চলটোত হয় একেবাৰে বৰফ পৰা নাই বা খুব কমকৈ পৰিছে। দক্ষিণ গোলাৰ্ধত শীতকাল চলি থকা অৱস্থাত তুষাৰপাত শীৰ্ষত থাকিব লাগে। উল্লখ্য যে, এই সময়ছোৱাত বিশেষকৈ মহামাৰীৰ বাবে দীঘলীয়া সময় বন্ধ হৈ থকাৰ পাছত ‘স্কি ৰিজ’ৰ্ট’বোৰ পুনৰ মুকলি হৈছে আৰু আৰ্জেণ্টিনা-চিলি সীমান্তলৈ স্কিয়াৰসকলক আকৰ্ষিত কৰে। কিন্তু তুষাৰপাতৰ অভাৱে বহুতো ৰিজ’ৰ্টে কৃত্ৰিমভাৱে বৰফৰ আৱৰণ সৃষ্টি কৰিবলৈ বাধ্য হৈছে। মন কৰিবলগীয়া যে, ২০২০চনৰ জুলাই আৰু এই বছৰ সংগ্ৰহ কৰা উপগ্ৰহীয় আলোকচিত্ৰত বৰফৰ আৱৰণ যথেষ্ট হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। গৱেষক ভিলালবাই প্ৰকাশ কৰে যে, এণ্ডিজ হিমবাহবোৰ ২০০০-২০১০বৰ্ষৰ সয়ছোৱাত আকাৰত একেই আছিল বৰং কিছু বৃদ্ধিহে হৈছিল। কিন্তু এতিয়া এইবোৰ হ্ৰাস পাইছে । তেওঁ লগতে কয়, হিমবাহ হ্ৰাসৰ প্ৰক্ৰিয়া পূৰ্বতকৈ বহুত বেছি ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ