--°C
Loading...
Listen to Article
2 min read
80%

জেনেভা : এইবাৰ ‘লং ক’ভিড’ সম্পৰ্কত উদ্বেগ ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। লং ক’ভিডৰ অৰ্থ হৈছে ক’ভিডোত্তৰ স্বাস্থ্যজনিত সমস্যা। সংস্থাই বুধবাৰে এই সম্পৰ্কত উদ্বেগ ব্যক্ত কৰে। বিশ্বত এতিয়াই ক’ভিড আক্ৰান্ত লোকৰ আনুষ্ঠানিক সংখ্যা প্ৰায় ২০০ নিযুত যদিও এই পৰিসংখ্যাৰ অজ্ঞাতে ৰৈ যোৱা আৰু লং ক’ভিডত ভুগি থকা লোকসকলক লৈ বিশ্ব স্বাস্থ্য সংস্থা উদ্বিগ্ন।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ৰ জটিলতাত ভুগি থকা লোকসকলক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ হু-ই আহ্বান জনাইছে। উল্লেখ্য যে, লং ক’ভিড হৈছে এই মহামাৰীৰ অন্যতম ৰহস্যজনক দিশ। হুৰ ক’ভিড-১৯ টেকিনিকেল বিভাগৰ মুৰব্বী মাৰিয়া ভান কেৰকোভে প্ৰকাশ কৰিছে যে, ‘ক’ভিডোত্তৰ জটিলতা বা লং ক’ভিডক লৈ এতিয়া ‘হু’ গভীৰভাৱে উদ্বিগ্ন। এখন সংবাদ মেলত এইকথা প্ৰকাশ কৰি তেওঁ কয়, ক’ভিড-১৯ত আক্ৰান্ত বহু লোকে ইয়াৰ পৰা আৰোগ্য লাভৰ পাছতো দীঘলীয়া স্বাস্থ্যজনিত সমস্যাত ভুগিছে। এয়া অতি গভীৰ স্বাস্থ্যজনিত সমস্যা, যাৰবাবে আমি ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি এই কথা লৈ নিশ্চিত নহয় যে, ইয়াৰ প্ৰভাৱ কিমান দীঘলীয়া হ’ব পাৰে। সেয়েহে ক’ভিডোত্তৰ স্বাস্থ্যজনিত সমস্যা বা লং ক’ভিডক সঠিকভাৱে চিহ্নিত কৰাৰ চেষ্টাত আমি ব্ৰতী হৈ আছোঁ।

উল্লেখ্য যে, ক’ভিডোত্তৰ জটিলতাৰ বাবে বহু লোকৰ মৃত্যু হৈছে। এই প্ৰসংগৰ উল্লেখেৰে ভান কেৰকোভে কয় যে, লং ক’ভিডত ভোগা লোকক আৰোগ্য কৰি তোলা আৰু ইয়াৰে সঠিকভাৱে মোকাবিলা কৰাৰ বাবে আমি গৱেষণা অব্যাহত ৰাখিছোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু