--°C
Loading...
Listen to Article
2 min read
80%

জেনেভা : এইবাৰ ‘লং ক’ভিড’ সম্পৰ্কত উদ্বেগ ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। লং ক’ভিডৰ অৰ্থ হৈছে ক’ভিডোত্তৰ স্বাস্থ্যজনিত সমস্যা। সংস্থাই বুধবাৰে এই সম্পৰ্কত উদ্বেগ ব্যক্ত কৰে। বিশ্বত এতিয়াই ক’ভিড আক্ৰান্ত লোকৰ আনুষ্ঠানিক সংখ্যা প্ৰায় ২০০ নিযুত যদিও এই পৰিসংখ্যাৰ অজ্ঞাতে ৰৈ যোৱা আৰু লং ক’ভিডত ভুগি থকা লোকসকলক লৈ বিশ্ব স্বাস্থ্য সংস্থা উদ্বিগ্ন।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ৰ জটিলতাত ভুগি থকা লোকসকলক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ হু-ই আহ্বান জনাইছে। উল্লেখ্য যে, লং ক’ভিড হৈছে এই মহামাৰীৰ অন্যতম ৰহস্যজনক দিশ। হুৰ ক’ভিড-১৯ টেকিনিকেল বিভাগৰ মুৰব্বী মাৰিয়া ভান কেৰকোভে প্ৰকাশ কৰিছে যে, ‘ক’ভিডোত্তৰ জটিলতা বা লং ক’ভিডক লৈ এতিয়া ‘হু’ গভীৰভাৱে উদ্বিগ্ন। এখন সংবাদ মেলত এইকথা প্ৰকাশ কৰি তেওঁ কয়, ক’ভিড-১৯ত আক্ৰান্ত বহু লোকে ইয়াৰ পৰা আৰোগ্য লাভৰ পাছতো দীঘলীয়া স্বাস্থ্যজনিত সমস্যাত ভুগিছে। এয়া অতি গভীৰ স্বাস্থ্যজনিত সমস্যা, যাৰবাবে আমি ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি এই কথা লৈ নিশ্চিত নহয় যে, ইয়াৰ প্ৰভাৱ কিমান দীঘলীয়া হ’ব পাৰে। সেয়েহে ক’ভিডোত্তৰ স্বাস্থ্যজনিত সমস্যা বা লং ক’ভিডক সঠিকভাৱে চিহ্নিত কৰাৰ চেষ্টাত আমি ব্ৰতী হৈ আছোঁ।

উল্লেখ্য যে, ক’ভিডোত্তৰ জটিলতাৰ বাবে বহু লোকৰ মৃত্যু হৈছে। এই প্ৰসংগৰ উল্লেখেৰে ভান কেৰকোভে কয় যে, লং ক’ভিডত ভোগা লোকক আৰোগ্য কৰি তোলা আৰু ইয়াৰে সঠিকভাৱে মোকাবিলা কৰাৰ বাবে আমি গৱেষণা অব্যাহত ৰাখিছোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ