--°C
Loading...
Listen to Article
2 min read
80%

জম্মু : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিয়পোৱাৰ বাবে পাকিস্তানে গ্ৰহণ কৰা নতুন পন্থাক লৈ ভাৰত ততপৰ হৈ পৰিছে। বিগত সময়ছোৱাত সঘনে ড্ৰোনৰ জৰিয়ে পাকিস্তানে ভাৰতৰ সন্ত্ৰাসবাদীক অস্ত্ৰ যোগানৰ চেষ্টা কৰাৰ লগতে ভাৰতীয় বায়ু সেনাৰ ঘাটীত আক্ৰমণো সংঘটিত কৰিছে। অলপতে ভাৰতীয় সেনাই গুলীয়াই ভূপতিত কৰি ড্ৰোনৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ আৰু বিস্ফোৰক। এই গতিবিধি নিয়ন্ত্ৰণৰ বাবে সামৰিকভাৱে সক্ৰিয় হৈ থকাই নহয়, ভাৰতে আলোচনাৰ মাজেৰেও সমস্যা সমাধানৰ চেষ্টা কৰিছে।

পাকিস্তানৰ ওচৰত এই বিষয়টো লৈ প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতে। বিএছএফৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতৰ ফালৰ পৰা দেশখনক কঠোৰ সতৰ্কবাণীও দিয়া হৈছে। ভাৰতৰ সীমা সুৰক্ষা বাহিনী অৰ্থাত বিএছএফ আৰু পাকিস্তানী ৰেঞ্জাৰৰ মাজত আজি অনুষ্ঠিত হোৱা এখন বৈঠকত ভাৰততে এনে গতিবিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। ছেক্টৰ কামাণ্ডাৰ পৰ্যায়ত এই বৈঠক অনুষ্ঠিত হৈছিল।

পাকিস্তানী ৰেঞ্জাৰৰ অনুৰোধক্ৰমে সুচেতগড়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুষ্ঠিত হৈছিল। দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে এই বৈঠকত ভালেমান বিষয় সন্দৰ্ভত আলোচনা কৰে। বিএছএফৰ ফালৰ পৰা ভাৰতৰ আকাশমাৰ্গত ড্ৰোনৰ উদ্বেগজনক গতিবিধিৰ প্ৰসংগতো শক্তিশালীভাৱে উত্থাপন কৰা হয়। তদুপৰি সীমাৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদী কাম-কাজ, আৰু সুৰংগ পথ আদিৰ দৰে বিষয়ো বিএছএফে পাকিস্তানী কৰ্তৃপক্ষৰ আগত দাঙি ধৰে। সীমান্ত ব্যৱস্থাপনাৰে জড়িত আন ভালেমান বিষয়ো দুয়ো দেশৰ নিৰাপত্তা বাহিনীৰ প্ৰতিনিধিসকলে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই সীমান্তত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ