--°C
Loading...
Listen to Article
2 min read
80%

জম্মু : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিয়পোৱাৰ বাবে পাকিস্তানে গ্ৰহণ কৰা নতুন পন্থাক লৈ ভাৰত ততপৰ হৈ পৰিছে। বিগত সময়ছোৱাত সঘনে ড্ৰোনৰ জৰিয়ে পাকিস্তানে ভাৰতৰ সন্ত্ৰাসবাদীক অস্ত্ৰ যোগানৰ চেষ্টা কৰাৰ লগতে ভাৰতীয় বায়ু সেনাৰ ঘাটীত আক্ৰমণো সংঘটিত কৰিছে। অলপতে ভাৰতীয় সেনাই গুলীয়াই ভূপতিত কৰি ড্ৰোনৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ আৰু বিস্ফোৰক। এই গতিবিধি নিয়ন্ত্ৰণৰ বাবে সামৰিকভাৱে সক্ৰিয় হৈ থকাই নহয়, ভাৰতে আলোচনাৰ মাজেৰেও সমস্যা সমাধানৰ চেষ্টা কৰিছে।

পাকিস্তানৰ ওচৰত এই বিষয়টো লৈ প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতে। বিএছএফৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতৰ ফালৰ পৰা দেশখনক কঠোৰ সতৰ্কবাণীও দিয়া হৈছে। ভাৰতৰ সীমা সুৰক্ষা বাহিনী অৰ্থাত বিএছএফ আৰু পাকিস্তানী ৰেঞ্জাৰৰ মাজত আজি অনুষ্ঠিত হোৱা এখন বৈঠকত ভাৰততে এনে গতিবিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। ছেক্টৰ কামাণ্ডাৰ পৰ্যায়ত এই বৈঠক অনুষ্ঠিত হৈছিল।

পাকিস্তানী ৰেঞ্জাৰৰ অনুৰোধক্ৰমে সুচেতগড়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুষ্ঠিত হৈছিল। দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে এই বৈঠকত ভালেমান বিষয় সন্দৰ্ভত আলোচনা কৰে। বিএছএফৰ ফালৰ পৰা ভাৰতৰ আকাশমাৰ্গত ড্ৰোনৰ উদ্বেগজনক গতিবিধিৰ প্ৰসংগতো শক্তিশালীভাৱে উত্থাপন কৰা হয়। তদুপৰি সীমাৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদী কাম-কাজ, আৰু সুৰংগ পথ আদিৰ দৰে বিষয়ো বিএছএফে পাকিস্তানী কৰ্তৃপক্ষৰ আগত দাঙি ধৰে। সীমান্ত ব্যৱস্থাপনাৰে জড়িত আন ভালেমান বিষয়ো দুয়ো দেশৰ নিৰাপত্তা বাহিনীৰ প্ৰতিনিধিসকলে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই সীমান্তত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু