--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰাণসীৰ জ্ঞানৱাপী মছজিদ পূৰ্বে এটা হিন্দু মন্দিৰ আছিল। মছজিদ চৌহদত জৰীপ চলাই থকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে কৈছে যে বৰ্তমানে থকা মছজিদটোৰ পূৰ্বে তাত  এটা হিন্দু মন্দিৰ আছিল।যোৱা বছৰৰ জুলাই মাহত বাৰাণসী জিলা আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক মছজিদ চৌহদৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল।

শেহতীয়াকৈ  ৰাজহুৱা কৰা এএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে বিগত  চাৰি মাহৰ জৰীপত বৈজ্ঞানিক অধ্যয়ন/জৰীপৰ আধাৰত  স্থাপত্যৰ অৱশিষ্ট, বৈশিষ্ট্য, শিল্পকলা, শিলালিপি, কলা আৰু ভাস্কৰ্যৰ অধ্যয়ন আদিৰ  ওপৰত ভিত্তি  কৰি সেই স্থানত পূৰ্বে এটা   হিন্দু মন্দিৰ  আছিল বুলি সহজে ক'ব পাৰি।


 জ্ঞানৱাপী মছজিদ পৰিচালনা কৰা অঞ্জুমান ইন্তেজামিয়া মছজিদৰ যুটীয়া সম্পাদক এছ এম য়াছিনে কয়, "এয়া এখন  প্ৰতিবেদনহে, সিদ্ধান্ত নহয়। প্ৰতিবেদনখন  ৮৩৯ পৃষ্ঠাৰ । সেয়ে সমগ্ৰ প্ৰতিবেদন খন  অধ্যয়ন কৰি  বিশ্লেষণত কৰাত সময় লাগিব। এই বিষয়ত বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হ'ব। সকলো কথা বিবেচনাৰ বাবে আদালতলৈ নিয়া  হ'ব।"

মছজিদ পৰিচালনা পক্ষই বিশ্বাস কৰে যে সম্ৰাট আকবৰৰ  প্ৰায় ১৫০ বছৰ আগৰে পৰা মুছলমানসকলে জ্ঞানৱাপী মছজিদত নামাজ পঢ়ি  আহিছে। 

এএছআইৰ প্ৰতিবেদন অনুসৰি, "এটা কোঠাৰ ভিতৰত পোৱা আৰবী-পাৰ্চী ভাষাত লিখা  এখন  শিলালিপিত উল্লেখ কৰা হৈছে যে মছজিদটো ঔৰঙ্গজেবৰ শাসনকালৰ ২০ সংখ্যক  বছৰত (১৬৭৬-৭৭) নিৰ্মাণ কৰা হৈছিল। সেয়েহে, দেখা গৈছে যে সপ্তদশ শতিকাত ঔৰঙ্গজেৱৰ শাসনকালত পূৰ্ব-বিদ্যমান গাঁথনিটো ধ্বংস কৰা হৈছিল আৰু ইয়াৰ কিছু অংশ বৰ্তমানৰ গাঁথনিৰ সৈতে সলনি কৰা হৈছিল।"

এএছআইৰ এই  জৰীপত  জ্ঞানৱাপী মছজিদত বন্ধ হৈ থকা ৱাজুখানাৰ  বৈজ্ঞানিক জৰীপ কৰা হোৱা নাই। হিন্দু পক্ষই দাবী কৰে যে ৱাজুখানাত এটা শিৱলিংগ আছে।

গোচৰটোৰ বাদী ৰাখী সিঙক প্ৰতিনিধিত্ব কৰা অধিবক্তা অনুপম দ্বিবেদীয়ে প্ৰতিবেদনখন গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয়, "ঔৰঙ্গজেৱে  মছজিদ নিৰ্মাণ কৰাৰ আগতে চৌহদত এটা হিন্দু মন্দিৰ আছিল বুলি এএছআইয়ে কৰা মন্তব্যই  আমাৰ গোচৰটো শক্তিশালী কৰিব। প্ৰমাণৰ দৃষ্টিকোণৰ পৰা ই  এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।" 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু