--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰাণসীৰ জ্ঞানৱাপী মছজিদ পূৰ্বে এটা হিন্দু মন্দিৰ আছিল। মছজিদ চৌহদত জৰীপ চলাই থকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে কৈছে যে বৰ্তমানে থকা মছজিদটোৰ পূৰ্বে তাত  এটা হিন্দু মন্দিৰ আছিল।যোৱা বছৰৰ জুলাই মাহত বাৰাণসী জিলা আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক মছজিদ চৌহদৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল।

শেহতীয়াকৈ  ৰাজহুৱা কৰা এএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে বিগত  চাৰি মাহৰ জৰীপত বৈজ্ঞানিক অধ্যয়ন/জৰীপৰ আধাৰত  স্থাপত্যৰ অৱশিষ্ট, বৈশিষ্ট্য, শিল্পকলা, শিলালিপি, কলা আৰু ভাস্কৰ্যৰ অধ্যয়ন আদিৰ  ওপৰত ভিত্তি  কৰি সেই স্থানত পূৰ্বে এটা   হিন্দু মন্দিৰ  আছিল বুলি সহজে ক'ব পাৰি।


 জ্ঞানৱাপী মছজিদ পৰিচালনা কৰা অঞ্জুমান ইন্তেজামিয়া মছজিদৰ যুটীয়া সম্পাদক এছ এম য়াছিনে কয়, "এয়া এখন  প্ৰতিবেদনহে, সিদ্ধান্ত নহয়। প্ৰতিবেদনখন  ৮৩৯ পৃষ্ঠাৰ । সেয়ে সমগ্ৰ প্ৰতিবেদন খন  অধ্যয়ন কৰি  বিশ্লেষণত কৰাত সময় লাগিব। এই বিষয়ত বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হ'ব। সকলো কথা বিবেচনাৰ বাবে আদালতলৈ নিয়া  হ'ব।"

মছজিদ পৰিচালনা পক্ষই বিশ্বাস কৰে যে সম্ৰাট আকবৰৰ  প্ৰায় ১৫০ বছৰ আগৰে পৰা মুছলমানসকলে জ্ঞানৱাপী মছজিদত নামাজ পঢ়ি  আহিছে। 

এএছআইৰ প্ৰতিবেদন অনুসৰি, "এটা কোঠাৰ ভিতৰত পোৱা আৰবী-পাৰ্চী ভাষাত লিখা  এখন  শিলালিপিত উল্লেখ কৰা হৈছে যে মছজিদটো ঔৰঙ্গজেবৰ শাসনকালৰ ২০ সংখ্যক  বছৰত (১৬৭৬-৭৭) নিৰ্মাণ কৰা হৈছিল। সেয়েহে, দেখা গৈছে যে সপ্তদশ শতিকাত ঔৰঙ্গজেৱৰ শাসনকালত পূৰ্ব-বিদ্যমান গাঁথনিটো ধ্বংস কৰা হৈছিল আৰু ইয়াৰ কিছু অংশ বৰ্তমানৰ গাঁথনিৰ সৈতে সলনি কৰা হৈছিল।"

এএছআইৰ এই  জৰীপত  জ্ঞানৱাপী মছজিদত বন্ধ হৈ থকা ৱাজুখানাৰ  বৈজ্ঞানিক জৰীপ কৰা হোৱা নাই। হিন্দু পক্ষই দাবী কৰে যে ৱাজুখানাত এটা শিৱলিংগ আছে।

গোচৰটোৰ বাদী ৰাখী সিঙক প্ৰতিনিধিত্ব কৰা অধিবক্তা অনুপম দ্বিবেদীয়ে প্ৰতিবেদনখন গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয়, "ঔৰঙ্গজেৱে  মছজিদ নিৰ্মাণ কৰাৰ আগতে চৌহদত এটা হিন্দু মন্দিৰ আছিল বুলি এএছআইয়ে কৰা মন্তব্যই  আমাৰ গোচৰটো শক্তিশালী কৰিব। প্ৰমাণৰ দৃষ্টিকোণৰ পৰা ই  এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।" 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক