--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে জন্মদিনত শচীন তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলিয়ে ৪৯ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে। ভাৰতীয় ক্ৰিকেটৰ ‘চিকু’ই কলকাতাৰ ইডেন গাৰ্ডেনত এই সফলতা লাভ কৰে। দেওবাৰে কোহলীয়ে ১১৯টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে। ১০ টা চাৰি মাৰে। শেষত কোহলীয়ে ১২১টা বলত ১০১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

এই বিশ্বকাপত কোহলীয়ে তিনিবাৰকৈ শতক অৰ্জন কৰি ঘূৰি আহিবলগীয়া হৈছিল। বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছতো সন্তুষ্ট নহ’ল ক্ৰিকেট দৰ্শক। বহুতে আশা কৰিছিল যে এই বিশ্বকাপত কোহলীয়ে এদিনীয়া ক্ৰিকেটত শচীনক অতিক্ৰম কৰিব। সেয়া হ’ব নে নহয় সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰিছিল। কিন্তু ইডেনৰ ২২ গজত দক্ষিণ আফ্ৰিকাৰ বলাৰক শাসন কৰি শচীনক স্পৰ্শ কৰে কোহলিয়ে।

এদিনীয়া ক্ৰিকেটত ৪৯ সংখ্যক শতক সম্পূৰ্ণ কৰাৰ সময়ত ৬৭ হাজাৰ লোকৰ এখন গেলেৰীয়ে তেওঁক ষ্টেণ্ডিং অভেচন দিছিল। বিৰাটৰ পত্নী অনুষ্কাৰ ভাষাত "তেওঁ জন্মদিনত নিজকে উপহাৰ দিছে"। নিংছৰ শেষত শ্ৰেয়াছ আয়েৰকো বিৰাটে প্ৰশংসা কৰে। দেওবাৰে এদিনীয়া ক্ৰিকেটত ৪৯ সংখ্যক শতক অৰ্জন কৰাৰ পিছত বিৰাটে কয়, ‘মই মোৰ জন্মদিনত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। ভগৱানক ধন্যবাদ মোক এনে সুযোগ দিয়াৰ বাবে। ইমান বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখত মই সক্ষম হ’লোঁ। গ্ৰেট ফিলিং।”

বিৰাটে কয় যে ইডেনৰ পিটচত বেটিং কৰাটো কঠিন। ১২১টা বলত ১০১ ৰানৰ অপৰাজিত ইনিংছ খেলাৰ পাছত তেওঁ কয়, ‘এনে খেলপথাৰত বেটিং কৰাটো কঠিন। ৰোহিত (শৰ্মা) আৰু শুবমান (গিল)ৰ আৰম্ভণি খুব ভাল। মোৰ দায়িত্ব আছিল শেষলৈকে বেটিং কৰা। দলটোৱে মোক সেইটোৱেই কৈছিল। শ্ৰেয়াছেও বহুত ভাল খেলিছিল।”

বিৰাটে ক’লে, “পিটচ লেহেমীয়া। আমাৰ দলত ভাল বলাৰ আছে। দ্ৰুত উইকেট ল’ব লাগিব। আৰম্ভণিতে যদি তেওঁলোকে উইকেট লয় তেন্তে তেওঁলোকক হেঁচাত পেলোৱা হ’ব পাৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ